তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

চুটি ছবি এটা কবিতাৰ দৰে, ইয়াৰ প্ৰতিটো দৰ্শনীত আপুনি এক অনন্য অনুভৱ লাভ কৰে: আন্না হেংকেল-ডনাৰ্চমাৰ্ক

আপোনাৰ স্বপ্ন পূৰণৰ বাবে কোনো লোকে পুঁজি যোগান ধৰিব নোৱাৰে: চামিৰ মডি

এটা শক্তিশালী, অনন্য আৰু ৰোমাঞ্চকৰ কাহিনী দৰ্শকে লাভ কৰিব: টিস্কা চোপ্ৰা

১৮ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত "শ্বৰ্টছৰ প্ৰচাৰ: প্ৰৱেশ, প্ৰসাৰ, আৰু উন্মোচন” শীৰ্ষক আলোচনা চক্ৰৰ আয়োজন

Posted On: 20 JUN 2024 3:51PM by PIB Guwahati

অষ্টদশ মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আজি "শ্বৰ্টছৰ প্ৰচাৰ: প্ৰৱেশ, প্ৰসাৰ আৰু উন্মোচন" শীৰ্ষক এক আলোচনা চক্ৰৰ আয়োজন কৰা হয়। আলোচনাত বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা আৰু উদ্যোগ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰে।

                                                                

চলচ্চিত্ৰ নিৰ্মাতা আৰু বাৰ্লিনেল শ্বৰ্টছৰ মুৰব্বী আন্না হেংকেল-ডনাৰ্ছমাৰ্কে চুটি ছবিক কবিতাৰ সৈতে তুলনা কৰি আলোচনা চক্ৰখনিৰ মুকলি কৰে। "চুটি ছবি এটা কবিতাৰ দৰে। ইয়াৰ প্ৰতিটো দৰ্শনীত, আপুনি কিবা নতুন আৰু আশ্চৰ্য অনুভৱ কৰিব''। তেওঁ বিশ্বৰ অন্যতম বৃহৎ চুটি চলচ্চিত্ৰ মহোৎসৱ বাৰ্লিনেল শ্বৰ্টছৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে। আন্নাই চলচ্চিত্ৰ নিৰ্মাতাসকলক সীমিত পুঁজি আৰু সম্পদৰ সীমাবদ্ধতাক সৃষ্টিশীলতাৰ সুযোগ হিচাপে ল'বলৈ উৎসাহিত কৰে। "এটা ধুনীয়া বিষয়বস্তুৰেও, আপুনি আইফোনৰ জৰিয়তে এখন ধুনীয়া ছবি নিৰ্মাণ কৰিব পাৰে।"

 

পকেট ফিল্মছৰ প্ৰতিষ্ঠাপক তথা পৰিচালন সঞ্চালক সমীৰ মোদীয়ে ভাৰতৰ শক্তিশালী বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰ উদ্যোগৰ মাজতো চুটি ছবিৰ বজাৰ হিচাপে ভাৰতৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সমীৰে কয় যে, চুটি ছবি হৈছে গল্প কোৱাৰ এক সহজ অথচ শক্তিশালী মাধ্যম। ই এনে এক মাধ্যম যাৰ জৰিয়তে আপুনি বাস্তৱক উপস্থাপন কৰিব পাৰে। সমীৰে পুঁজিৰ প্ৰত্যাহ্বানসমূহকো গুৰুত্ব প্ৰদান কৰি, চলচ্চিত্ৰ নিৰ্মাতাসকলক সুযোগ বিচৰাৰ লগতে নিজেই উপায় সন্ধানৰ বাবে পৰামৰ্শ প্ৰদান কৰে।

 

আলোচনা চক্ৰত প্ৰখ্যাত অভিনেত্ৰী টিস্কা চোপ্ৰাই দৃঢ়তাৰে কয় যে চুটি ছবি সৰু হ'লেও এক বহুমূলীয়া উপস্থাপন, যাৰ প্ৰতিটো মুহূৰ্তই আপোনাক নিমগ্ন কৰি ৰাখে।" ভাৰতৰ চহকী গল্প উপস্থাপন পৰম্পৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি চোপ্ৰাই আশ্বাস দিয়ে যে "এটা নতুন, অনন্য আৰু ৰোমাঞ্চকৰ কাহিনীয়ে সদায় নিজৰ শক্তিৰে দৰ্শকৰ কাষলৈ যায়।"

 

তথ্যচিত্ৰ আৰু চুটি ছবি নিৰ্মাতা ভিকেনো জাওৱে চুটি ছবিৰ বিপণন আৰু বিতৰণৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহ উত্থাপন কৰে। চুটি ছবি প্ৰদৰ্শনৰ বাবে উন্নত প্লেটফৰ্ম থাকিব লাগে।’ তেওঁ উন্নত প্ৰদৰ্শনৰ প্ৰয়োজনীয়তাৰ ওপৰতো আলোকপাত কৰে।

 

মিডিয়া এণ্টাৰটেইনমেণ্ট এণ্ড স্কিল কাউন্সিলৰ মুখ্য কাৰ্যবাহী বিষয়া মোহিত চোনিয়ে উদীয়মান চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে সঠিক প্ৰশিক্ষণ আৰু পৰামৰ্শৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ চলচ্চিত্ৰ নিৰ্মাণত অধিক শৈক্ষিক প্ৰতিষ্ঠান আৰু উৎকৃষ্টতাৰ কেন্দ্ৰ স্থাপনৰ বাবে আহ্বান জনায়।

 

উল্লেখ্য যে, আলোচনা চক্ৰখনি পৰিচালনা কৰিছিল বিশিষ্ট তথ্যচিত্ৰ নিৰ্মাতা পংকজ চাক্সেনাই।

 

শেষত আলোচনা চক্ৰখনে সকলো চলচ্চিত্ৰ নিৰ্মাতাক নিজৰ সপোনৰ প্ৰকল্পক জীৱন্ত কৰি তোলাৰ উৎসাহ প্ৰদানৰ লগতে তেওঁলোকৰ অনন্য আৰু ৰোমাঞ্চকৰ কাহিনীসমূহ আগুৱাই নিবলৈ উৎসাহিত কৰে।

 

PIB Team MIFF | Gautam/ Swadhin/ Darshana | 48 / AR

 


(Release ID: 2030358) Visitor Counter : 43