নৌ-পৰিবহন মন্ত্ৰালয়

ডিব্ৰুগড় বিধানসভা সমষ্টি আৰু ডিব্ৰুগড় চহৰৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰিলে শ্ৰী সৰ্বানন্দ সোণোৱালে

শ্ৰী সোণোৱালে ডিব্ৰুগড় চহৰক প্ৰভাৱান্বিত কৰা বান পৰিস্থিতিৰ বুজ লয়, মথাউৰিসমূহ সুৰক্ষিত কৰাৰ অৰ্থে জৰুৰী ব্যৱস্থা গ্ৰহণৰ লগতে বন্যাক্ৰান্তক সাহায্য প্ৰদান কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে

শ্ৰী সোণোৱালে ডিব্ৰুগড় বিধানসভা সমষ্টিত বানৰ ক্ষতি হ্ৰাস কৰাৰ প্ৰচেষ্টাৰ বিষয়ে অসমৰ মুখ্য সচিব; ডিব্ৰুগড়ৰ জিলা আয়ুক্তৰ সৈতেও আলোচনা কৰে

Posted On: 30 JUN 2024 7:47PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় লোকসভা সমষ্টিৰ ভয়াৱহ  বান পৰিস্থিতিৰ  লগতে  ডিব্ৰুগড় চহৰৰ বেছিভাগ লোককে ক্ষতিগ্ৰস্ত  কৰা বান পৰিস্থিতিৰ বিষয়ে বুজ লয়। বান পৰিস্থিতিৰ পৰ্যালোচনাৰ সময়ত  ডিব্ৰুগড়ৰ সাংসদ শ্ৰীযুত সোণোৱালক বানে সাধাৰণ লোকৰ জীৱন-ধাৰণৰ পদ্ধতিত পেলোৱা প্ৰভাৱ নূন্যতম কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন প্ৰচেষ্টাৰ বিষয়ে অৱগত কৰোৱা হয় । প্ৰচণ্ড বৰষুণৰ ফলত বান পৰিস্থিয়ে  বিধ্বংসী ৰূপ ধাৰণ কৰাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বন্যাৰ্তৰ সহায়ৰ বাবে বিষয়াসকলক তাৎক্ষণিক আৰু জৰুৰীকালীন ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে । তেওঁ বানৰ ক্ষতি যাতে হ্ৰাস কৰিব পাৰি সেই বিষয়তো ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।

আজি পুৱাৰ ভাগত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই বিপদসীমা  অতিক্ৰম কৰাৰ লগে লগে ডিব্ৰুগড় চহৰত বান পৰিস্থিতিৰ অৱনতি ঘটে । কেন্দ্ৰীয় মন্ত্ৰী   শ্ৰী সোণোৱালে এনে অৱস্থাতে চহৰখনৰ  বান পৰিস্থিতিৰ বুজ লয়। ডিব্ৰুগড় চহৰৰ বহু এলেকা এতিয়া পানীৰ তলত। বানৰ কবলত পৰা বহু অঞ্চলত প্ৰচুৰ  ক্ষতিসাধন হৈছে । অঞ্চলটোত আৰু অধিক বৰষুণ হ’ব পাৰে বুলি  পূৰ্বাভাস পোৱাৰ পিছতে  চহৰ খনত বানৰ  সংহাৰ অধিক  হোৱাৰ  আশংকা কৰা হৈছে। এনে পৰিস্থিতিত বানৰ ফলত হ’ব পৰা ক্ষতি  প্ৰতিহত কৰা আৰু তেনে ক্ষতি  হ্ৰাস কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে।  কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চাহ জনজাতি কল্যাণ আৰু শ্ৰম দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণৰ সৈতেও কথা পাতে । কিষাণ বৰ্তমান তিনিচুকীয়া বিধানসভা সমষ্টিৰো বিধায়ক। শ্ৰী সোণোৱালে লগতে  অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সৈতেও আলোচনা কৰে। ৰঞ্জিত কুমাৰ দাস তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ অভিভাৱক  মন্ত্ৰীও। কাইলৈ ​​অভিভাৱক  মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিভ্ৰমণ কৰি বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে দুয়োখন জিলাৰ সাহায্য ব্যৱস্থাপনা প্ৰক্ৰিয়াৰ  পুনৰীক্ষণ কৰাৰ সম্ভাৱনা আছে।

বৈঠকৰ অন্তত শ্ৰী সোণোৱালে কয়, ‘ডিব্ৰুগড় লোকসভা সমষ্টিৰ বহু অঞ্চলত  বান পৰিস্থিতি শোচনীয় হৈ পৰিছে, ফলত  ই এক গুৰুতৰ চিন্তাৰ বিষয় হৈ পৰিছে। অধিক বৰষুণৰ সম্ভাৱনা থকাৰ বাবেই  আমি জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ কৰাটো নিশ্চিত কৰিব লাগিব।  লগতে আৰ্ত তথা  ক্ষতিগ্ৰস্তসকলে যাতে সাহায্য লাভ কৰে  সেয়াও নিশ্চিত কৰিবলৈ আমাৰ প্ৰচেষ্টা বৃদ্ধি কৰিব লাগিব। ডিব্ৰুগড় চহৰতো ভয়াৱহ বানৰ  সৃষ্টি হৈছে,  যি কথাই আমাৰ সকলোকে চিন্তিত কৰি তুলিছে। আজি আমি সংশ্লিষ্ট বিষয়াসকলৰ সৈতে চহৰখনৰ  বানে সৃষ্টি কৰা ক্ষতিৰ  প্ৰভাৱ হ্ৰাস  কৰাৰ বাবে হাতত লোৱা ব্যৱস্থাসমূহ সন্দৰ্ভত এক জৰুৰী আলোচনা কৰোঁ। প্ৰশাসনে জৰুৰীকালীন ব্যৱস্থাৰে বানৰ প্ৰভাৱ হ্ৰাস  কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তে মই বিষয়াসকলক নিৰ্দেশ দিছো যে ক্ষতিগ্ৰস্তসকলক যাতে সোনকালে সহায় আগবঢ়োৱা হয় আৰু সাহায্য  প্ৰদান কৰা হয়।”

শ্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ সৈতেও আলোচনাত মিলিত হয়। ইয়াৰ লগতে তেওঁ  ডিব্ৰুগড় পৌৰনিগম (ডিএমচি)ৰ মেয়ৰ ছৈকত  পাত্ৰ; উপ-মেয়ৰ উজ্জ্বল ফুকন; ৱাৰ্ডৰ আয়ুক্তসকল আৰু আন জ্যেষ্ঠ বিষয়াসকলৰ সৈতেও শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে। এই বৈঠকত অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটাৰ লগতে জিলা আয়ুক্ত বিক্ৰম কৈৰীও উপস্থিত থাকে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে  সকলো বিষয়াকে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি বন্যাক্ৰান্তক  সকাহ দিবলৈ নিৰ্দেশ দিয়ে।

 

******

 

MJPS



(Release ID: 2029822) Visitor Counter : 13


Read this release in: English , Urdu , Hindi