গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহ তথা সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি গুজৰাটৰ আহমেদাবাদত ৩৬ কোটি টকা ব্যয়ৰে নিৰ্মিত ৩০খন স্মাৰ্ট স্কুলৰ ই-লোকাৰ্পণ কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অনা নতুন শিক্ষা নীতি ২০২০ৰ অধীনত স্মাৰ্ট স্কুলৰ ধাৰণাৰ অন্তৰ্গত স্মাৰ্ট স্কুলৰ সৃষ্টি কৰা হৈছে

৩০খন স্মাৰ্ট স্কুল লোকাৰ্পণৰ লগে লগে ১০ হাজাৰৰো অধিক শিশুৱে নতুন শিক্ষা নীতিৰ প্ৰত্যক্ষ সুবিধা লাভ কৰিব আৰু তেওঁলোকৰ জীৱনত শিক্ষাৰ পোহৰ বিয়পি পৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে সমগ্ৰ বিশ্বতে যোগ আৰু ইয়াৰ শক্তিৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে কাম কৰিছে

মোদী জীয়ে সমগ্ৰ বিশ্বৰ সন্মুখত যোগৰ জৰিয়তে বিশ্ব কল্যাণৰ পথ প্ৰশস্ত কৰিছে

লোকসভা নির্বাচনৰ পাছত প্রথমবাৰৰ বাবে গুজৰাটলৈ অহা গৃহমন্ত্রী তথা গান্ধীনগৰৰ সাংসদগৰাকীৰ প্রথম কার্যক্ৰম সমাজৰ দৰিদ্র শ্রেণীৰ ল’ৰা-ছোৱালীৰ বাবে সমৰ্পিত

Posted On: 21 JUN 2024 8:35PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি গুজৰাটৰ আহমেদাবাদত ৩০খন স্মাৰ্ট স্কুলৰ ই-লোকাৰ্পণ কৰে। এই উপলক্ষে গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰ পেটেলকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

তেওঁৰ ভাষণত শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অনা নতুন শিক্ষা নীতি ২০২০ৰ অধীনত আহমেদাবাদ পৌৰ বিদ্যালয় ব’ৰ্ডে ৩৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৩০খন স্মাৰ্ট স্কুল আজি লোকাৰ্পণ কৰা হৈছে। তেওঁ কয় যে ইয়াৰ ভিতৰত ঘাটলোদিয়া বিধান সভা সমষ্টিৰ ৯খন, ভেজলপুৰ বিধান সভা সমষ্টিৰ ১০খন, নাৰণপুৰাত ৪খন আৰু সাবৰমতীত ৭খন স্মাৰ্ট স্কুল আজি লোকাৰ্পণ কৰা হৈছে। তেওঁ কয় যে এই ৩০খন স্মাৰ্ট স্কুল উদ্বোধনৰ লগে লগে ১০ হাজাৰৰো অধিক শিশুৱে নতুন শিক্ষা নীতিৰ প্ৰত্যক্ষ সুবিধা লাভ কৰিব আৰু শিক্ষাৰ পোহৰ তেওঁলোকৰ জীৱনত বিয়পি পৰিব। শ্ৰী শ্বাহে কয় যে গান্ধীনগৰ লোকসভা সমষ্টিৰ ৬৯খন বিদ্যালয়ৰ ভিতৰত ৫৯খন বিদ্যালয় স্মাৰ্ট স্কুললৈ পৰিণত হৈছে আৰু বাকী থকা বিদ্যালয়সমূহো শীঘ্ৰে স্মাৰ্ট স্কুললৈ ৰূপান্তৰিত কৰা হ’ব। তেওঁ কয় যে দক্ষতা বিকাশ, বৃত্তিমূলক প্ৰশিক্ষণ, ডিজিটেল সবলীকৰণ এই স্মাৰ্ট বিদ্যালয়সমূহৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ লগতে গণিত, বিজ্ঞান পৰীক্ষাগাৰ, ভৱিষ্যতৰ শ্ৰেণীকোঠা, থ্ৰী-ডি শৈক্ষিক চাৰ্ট, থ্ৰী-ডি পেইন্টিং আৰু ভাৰতীয় সংস্কৃতিৰ সকলো দিশৰ অনুশীলনো অন্তৰ্ভুক্ত কৰা হৈছে।

                                                                     

কেন্দ্ৰীয় গৃহ তথা সহযোগিতা মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে আজি তেওঁ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পিছত প্ৰথমবাৰৰ বাবে গুজৰাটলৈ আহিছে আৰু মন্ত্ৰী আৰু সাংসদ হোৱাৰ পিছত ইয়াত তেওঁৰ প্ৰথম কাৰ্যক্ৰম সমাজৰ নিম্ন আৰু দৰিদ্ৰ শ্ৰেণীৰ শিশুসকলৰ বাবে আয়োজন কৰা হৈছে। তেওঁ কয় যে গান্ধীনগৰ লোকসভা সমষ্টিৰ ভোটাৰৰ তেওঁৰ ওপৰত সাংসদ হিচাপে বিশ্বাস কৰাৰ বাবে তেওঁ সদায় গান্ধীনগৰবাসীৰ ওচৰত ঋণী হৈ থাকিব আৰু আগন্তুক পাঁচ বছৰত প্ৰতিটো অঞ্চলৰ অগ্ৰগতি আৰু উন্নয়নৰ লগতে গান্ধীনগৰক আটাইতকৈ উন্নত সংসদীয় সমষ্টি হিচাপে গঢ়ি তোলাৰ দিশত প্ৰতিশ্ৰুতিবদ্ধ।

শ্ৰী অমিত শ্বাহে কয় যে ১০ বছৰ পূৰ্বে ২০১৪ চনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ দিছিল যে ২১ জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰিব লাগে। তেওঁ কয় যে মোদী জীৰ এই প্ৰস্তাৱক বিশ্বৰ প্ৰায় ১৭০খন দেশে সমৰ্থন জনাইছিল আৰু বিগত ১০ বছৰ ধৰি প্ৰতি বছৰে ২১ জুন তাৰিখে সমগ্ৰ বিশ্বই আমাৰ ঋষি-মুণিসকলৰ উপহাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰি আহিছে। তেওঁ কয় যে বিশ্বৰ কোটি কোটি লোকে যোগাসনক নিজৰ দৈনন্দিন কাম-কাজৰ অংশ হিচাপে লৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ ঋষি-মুণিসকলে শিকোৱা যোগৰ জৰিয়তে ব্যক্তিৰ শৰীৰ, মন আৰু আত্মাৰ পৰমেশ্বৰৰ সৈতে সংযোগ, ধ্যান, আসন, প্ৰাণায়ামৰ দৰে লৌকিক কাম-কাজৰ জৰিয়তে সিদ্ধ কৰাটো সম্ভৱ। তেওঁ কয় যে মনৰ অপৰিসীম শক্তিৰ সাগৰত ডুব যোৱাৰ শক্তি যোগৰ দ্বাৰাহে পোৱা যায়। শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ বিশ্বতে যোগ আৰু ইয়াৰ শক্তিৰ প্ৰচাৰ-প্ৰসাৰৰ কাম কৰিছে। তেওঁ কয় যে ২১ জুনত য’তেই ভগৱান সূৰ্য সমগ্ৰ পৃথিৱীত উদয় হয় তাতেই মানুহে যোগৰ জৰিয়তে মন, শৰীৰ আৰু আত্মাৰ মাজত একাত্ম অৰ্জনৰ কাম আৰম্ভ কৰে।

শ্ৰী অমিত শ্বাহে কয় যে আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত আমি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰা উচিত যে তেওঁ সমগ্ৰ বিশ্বৰ সন্মুখত যোগৰ জৰিয়তে বিশ্ব কল্যাণৰ পথ প্ৰশস্ত কৰিছে। তেওঁ কয় যে গুজৰাট চৰকাৰেও যোগৰ প্ৰসাৰৰ বাবে বহু প্ৰচেষ্টা চলাইছে আৰু ইয়াৰ বাবে ব’ৰ্ড গঠন, পাঠ্যক্ৰমত স্থান দিয়াৰ দৰে বহু কাম কৰিছে।

**********

 

RK / VV / RR / PR / PS



(Release ID: 2028026) Visitor Counter : 24