নৌ-পৰিবহন মন্ত্ৰালয়

ভাৰতৰ ৯টা প্ৰধান বন্দৰে বিশ্ব বেংকৰ দ্বাৰা গ্ল’বেল টপ ১০০ত স্থান লাভ কৰে, এয়া দেশৰ বাবে প্ৰথম: শ্ৰী সৰ্বানন্দ সোণোৱাল

বিশাখাপট্টনম বন্দৰে বিশ্বৰ শীৰ্ষ ২০ বন্দৰত স্থান লাভ কৰে, ২০২২ চনত ১১৫ নং স্থানৰ পৰা লক্ষণীয় উন্নতি নথিভুক্ত কৰি ২০২৩ চনত ১৯ত, ভাৰতৰ বাবে আন এক প্ৰথম: শ্ৰী সৰ্বানন্দ সোণোৱাল

মুন্দ্ৰা বন্দৰেও যোৱা বছৰৰ ৪৮ নং স্থানৰ পৰা ওপৰলৈ উঠি সূচকাংকত বৰ্তমানৰ ২৭ নম্বৰ ৰেংকিঙত স্থান লাভ কৰিছে

বিশ্ব বেংক আৰু এছ এণ্ড পি গ্ল’বেল মাৰ্কেট ইনটেলিজেন্সে প্ৰস্তুত কৰা কণ্টেইনাৰ প’ৰ্ট পাৰফৰমেন্স ইনডেক্স (চিপিপিআই)-এ বন্দৰসমূহৰ স্থিতিস্থাপকতা, দক্ষতা আৰু সামগ্ৰিক প্ৰদৰ্শন জুখিছিল

Posted On: 19 JUN 2024 7:06PM by PIB Guwahati

ভাৰতৰ বন্দৰ উন্নয়ন কাৰ্যসূচীক এক উল্লেখযোগ্য উদ্গনি যোগাই, বিশ্ব বেংক আৰু এছ এণ্ড পি গ্ল’বেল মাৰ্কেটিং ইণ্টেলিজেন্সে প্ৰস্তুত কৰা এক প্ৰতিবেদন- কণ্টেইনাৰ প’ৰ্ট পাৰফৰমেন্স ইনডেক্স (চিপিপিআই), ২০২৩ৰ শেহতীয়া সংস্কৰণত ভাৰতৰ ৯টা বন্দৰে গ্ল’বেল টপ ১০০ৰ ভিতৰত স্থান লাভ কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কল্পনা কৰা অভিলাষী সাগৰমালা কাৰ্যসূচীক বন্দৰসমূহৰ আধুনিকীকৰণ আৰু ইয়াৰ কাৰ্যক্ষমতা বৃদ্ধিৰ বাবে কৃতিত্ব প্ৰদান কৰে।

এই উপলক্ষে মন্তব্য কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "ভাৰতীয় বন্দৰসমূহৰ বাবে এয়া এক উৎকৃষ্ট প্ৰাপ্তি আৰু কৰ্মক্ষমতা বৃদ্ধি আৰু দক্ষতা বৃদ্ধিৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰে আধুনিকীকৰণ, যান্ত্ৰিকীকৰণ আৰু প্ৰযুক্তিগতভাৱে বিজ্ঞ কৰি তোলাৰ যি প্ৰচেষ্টা হাতত লৈছে, ই হৈছে তাৰ প্ৰমাণ জাহাজ আৰু মালবাহী সামগ্ৰীৰ দক্ষতাপূৰ্ণ পৰিচালনাৰ ক্ষেত্ৰত কাৰ্যকৰী দক্ষতা আৰু সেৱা প্ৰদানৰ জৰিয়তে যথেষ্ট উন্নতি হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জীৰ দূৰদৰ্শী নেতৃত্বৰ বাবেই আমি সাগৰমালাৰ দৰে বাট কটীয়া অভিলাষী পদক্ষেপৰ জৰিয়তে আমাৰ বন্দৰসমূহৰ কাৰ্যক্ষমতা বৃদ্ধিৰ বাবে কাম কৰিবলৈ সক্ষম হৈছোঁ ই আমাক স্থিতিস্থাপকতা গঢ়ি তোলাত সহায় কৰিছে, নতুন প্ৰযুক্তি, আৰু সেউজ আন্তঃগাঁথনি অন্তৰ্ভুক্ত কৰি বিশ্বৰ বজাৰৰ স্থিতিশীলতা আৰু ভাৰতৰ সামুদ্ৰিক উদ্যোগৰ বহনক্ষমতা নিশ্চিত কৰিছে এই ক্ষেত্ৰত স্থায়ী প্ৰচেষ্টাৰে, ভাৰতীয় সামুদ্ৰিক খণ্ডই সামুদ্ৰিক গেটৱেৰ স্থিতিস্থাপকতা আৰু দক্ষতা অধিক উন্নত কৰাৰ লগতে বন্দৰ নেতৃত্বাধীন অৰ্থনৈতিক উন্নয়ন বৃদ্ধি কৰিব বুলি আমি নিশ্চিত।”

বিশাখাপট্টনম বন্দৰে প্ৰতি ক্ৰেন ঘণ্টাত ২৭.৫টা মুভ, ২১.৪ ঘণ্টা টাৰ্ণএৰাউণ্ড টাইম (টি আৰ টি), আৰু নূন্যতম বাৰ্থ অচল সময়েৰে শক্তিশালী প্ৰদৰ্শন কৰিছে এই মেট্ৰিকসমূহে কণ্টেইনাৰ জাহাজ পৰিচালনাৰ ক্ষেত্ৰত বন্দৰৰ দক্ষতাক উজ্জ্বল কৰি তোলে আৰু গ্ৰাহকৰ পছন্দক যথেষ্ট প্ৰভাৱিত কৰে শীৰ্ষ ১০০ৰ ভিতৰত স্থান দখল কৰা ভাৰতৰ আন ৭টা বন্দৰ হ’ল পিপাভাভ (৪১), কামৰাজাৰ (৪৭), কোচিন (৬৩), হাজিৰা (৬৮), কৃষ্ণপট্টনম (৭১), চেন্নাই (৮০) আৰু জৱাহৰলাল নেহৰু (৯৬)।

**********

MJPS



(Release ID: 2026811) Visitor Counter : 21