তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱে আকৰ্ষণ কৰিছে দৰ্শকক : অষ্টাদশ সংখ্যক মহোৎসৱৰ সংস্কৰণে পাঁচখন চহৰত অবিস্মৰণীয় অভিজ্ঞতাৰ সাক্ষ্য বহন কৰিব

মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱে ভাৰতীয় সৃজনীকলাৰে জড়িতসকলক বিশ্বজুৰি ব্যাপ্ত কল্পনাশক্তি আহৰণ কৰাৰ সুযোগ প্ৰদান কৰিবঃ শ্ৰী সঞ্জয় জাজু, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব

তথ্যচিত্ৰৰ উদ্যোগ হৈছে এক বিশাল উদ্যোগৰ অংশ, যি উদ্যোগৰ অন্তৰ্দৃষ্টি আৰু মনোৰঞ্জন প্ৰদানৰ লগতে তথ্যৰ সৰবৰাহ কৰাৰ ক্ষমতা আছে : শ্ৰী সঞ্জয় জাজু

Posted On: 14 JUN 2024 7:35PM by PIB Guwahati

কাইলৈ ​​চুটি ছবি, তথ্যচিত্ৰ আৰু এনিমেচন ছবিৰ প্ৰদৰ্শনৰ  বাবে মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ অষ্টাদশ সংখ্যক সংস্কৰণৰ উদ্বোধনৰ কৰা হ’ব। মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱে কঢ়িয়াই আনিছে বহু প্ৰত্যাশা। এই মহোৎসৱে  দৰ্শক আৰু ছবি উদ্যোগৰ সৈতে জড়িত  পেছাদাৰী লোকসকলক বাৰুকৈয়ে আকৰ্ষণ কৰিছে। 

 মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণকাৰীসকলৰ বাবে অপেক্ষা কৰি থকা অবিস্মৰ্ণীয়  অভিজ্ঞতাৰ আভাস প্ৰদানৰ উদ্দেশ্যে  আয়োজিত এখন সংবাদমেলত মহোৎসৱৰ চিনেমাৰ শৃংখল উন্মোচন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব  শ্ৰী সঞ্জয় জাজুৱে কয় যে এনে উৎসৱ আয়োজনৰ উদ্দেশ্য কেৱল চিনেমাৰ  প্ৰচাৰ কৰাই নহয়, চিনেমা, সমসাময়িক আৰু আৰ্থ-সামাজিক বিষয়সমূহৰ বিষয়তচিন্তা-চৰ্চা কৰা আৰু এই উদ্যোগৰ সৈতে জড়িত  নীতি নিৰ্ধাৰকসকলক বিভিন্ন সমস্যা সমাধানৰ দিশত পথ প্ৰদৰ্শন কৰাও মহোৎসৱৰ আন এক উদ্দেশ্য।

                                                              

তথ্যচিত্ৰ আৰু চুটি ছবিৰ ক্ৰমবৰ্ধমান বজাৰ খনৰ আভাস দাঙি ধৰি  শ্ৰী সঞ্জয় জাজুৱে কয় যে তথ্যচিত্ৰৰ উদ্যোগ  বিশ্বজুৰি ১৬ বিলিয়ন মাৰ্কিন ডলাৰৰ এক বিশাল উদ্যোগ,  যিয়ে এই ধাৰাটোৰ বিষয়ে মানুহক  অৱগত কৰোৱাৰ লগতে অনুপ্ৰাণিত কৰিব পাৰে আৰু ছবিৰ জড়িয়তে   অন্তৰ্দৃষ্টি  তথা  মনোৰঞ্জন  প্ৰদান কৰিব পাৰে। তেওঁ লগতে কয়  “তথ্যচিত্ৰসমূহৰ উপৰি আমাৰ এটা অতি গুৰুত্বপূৰ্ণ  বিষয় হৈছে ভিএফএক্স শিতান।  য’ত এনিমেচন শিতানটোও অন্তৰ্ভুক্ত কৰা হৈছে। ই এটা ডাঙৰ উদ্যোগ , যিটো উদ্যোগৰ সৈতে  আমাৰ দেশৰ বিশাল অৰ্থনৈতিক আৰু নিয়োগৰ বিষয়সমূহো জড়িত হৈ আছে।  আমি সুখ অনুভৱ কৰিছো যে তথ্যচিত্ৰৰ শিতানে  এই বছৰ মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অগ্ৰাধিকাৰ লাভ কৰিছে ।’

 

তেওঁ লগতে কয়- আমাৰ জাতিটোৱে এনিমেচন আৰু ভিএফএক্স উদ্যোগত যিদৰে আগবাঢ়ি গৈছে সেয়া অতি লক্ষ্যণীয় কথা। এই বিষয়ত  আলোকপাত কৰি সচিবগৰাকীয়ে আৰু কয় যে ছোটা ভীম আৰু চাচা চৌধুৰীৰ দৰে ভাৰতীয় ভিএফএক্স চৰিত্ৰসমূহ বিশ্বজুৰি  পৰিচিত হৈ পৰিছে আৰু ইয়াৰ দ্বাৰা প্ৰমাণিত হৈছে যে এনে  ভাৰতীয় কাহিনীসমূহৰ  সাৰ্বজনীন স্বীকৃতি লাভ কৰাৰ কৰাৰ শক্তি আছে। তেওঁ কয়  “আমাৰ  উদ্দেশ্য হৈছে আমাৰ দেশৰ ভিতৰতে এনিমেচন খণ্ডত বৌদ্ধিক সম্পদ  সৃষ্টি কৰা,  যি বহু দূৰলৈকে প্ৰসাৰিত হ’ব পাৰে। আমাৰ বহু সৃজনীশীল কৰ্মৰে জড়িত লোকে বিশ্বৰ  কল্পনাশক্তিক আহৰণ কৰিব পৰাৰ এয়া এক সুবৰ্ণ  সুযোগ”।



(Release ID: 2025437) Visitor Counter : 66