প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

উৰিষ্যাৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

উৰিষ্যাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী মোহন চৰণ মাঝিক অভিনন্দন জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী কনক বৰ্ধন সিং দেও আৰু শ্ৰীমতী প্ৰভাতী পৰিদাকো অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 12 JUN 2024 9:46PM by PIB Guwahati

প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উৰিষ্যাৰ নতুন চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী মোহন চৰণ মাঝীক ​​অভিনন্দন জ্ঞাপন কৰে। ইফালে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী কনক বৰ্ধন সিং দেও আৰু প্ৰভাতী পৰিদালৈও শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত এক্স হেণ্ডেলত লিখিছে -

উৰিষ্যাৰ বাবে আজিৰ দিনটো এটা ঐতিহাসিক দিন! উৰিষ্যাৰ মোৰ ভাই-ভনীসকলৰ আশীৰ্বাদত বিজেপিয়ে ৰাজ্যত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰিছে।

আজি ভুৱনেশ্বৰত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰোঁ। মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী মোহন চৰণ মাঝি আৰু উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী কনক বৰ্ধন সিং দেওৰ লগতে শ্ৰীমতী প্ৰভাতী পৰিদাকো শুভেচ্ছা জ্ঞাপন কৰো। লগতে মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা আনসকলকো অভিনন্দন জনাইছোঁ।

মহাপ্ৰভু জগন্নাথৰ আশীৰ্বাদত এই মন্ত্ৰীসভাখনে উৰিষ্যাত উন্নয়ণৰ অভিলেখ সৃষ্টি কৰিব আৰু অগণন লোকৰ জীৱনৰ মান উন্নত কৰিব বুলি মই নিশ্চিত।

ইফালে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে লিখিছে -

“প্ৰধানমন্ত্ৰী @narendramodi য়ে আজি নতুন উৰিষ্যা চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে। তেওঁ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা @mohanmajhi_BJP ক অভিনন্দন জ্ঞাপন কৰে। লগতে আজি শপত গ্ৰহণ কৰা আন আন মন্ত্ৰীসকলকো শুভেচ্ছা জ্ঞাপন কৰে।”

***

DS/ST/TS



(Release ID: 2025228) Visitor Counter : 17