প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে নতুন অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ বাবে শ্ৰী এন চন্দ্ৰবাবু নাইডুক অভিনন্দন জনাইছো

प्रविष्टि तिथि: 12 JUN 2024 2:17PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী এন চন্দ্ৰবাবু নাইডুক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে:

"নতুন অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিলো। মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী এন চন্দ্ৰবাবু নাইডুৰ লগতে নতুন চৰকাৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা আন সকলোকে অভিনন্দন জনাইছো। টিডিপি, জনসেনা আৰু বিজেপি চৰকাৰে অন্ধ্ৰপ্ৰদেশক গৌৰৱৰ নতুন উচ্চতালৈ লৈ যাবলৈ আৰু ৰাজ্যখনৰ যুৱ প্ৰজন্মৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।"

***

DS/TS/MK/AT


(रिलीज़ आईडी: 2024678) आगंतुक पटल : 118
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Hindi_MP , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam