ৰাষ্ট্ৰপতি সচিবালয়

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকা চুবুৰীয়া দেশসমূহৰ নেতাসকলৰ সন্মানাৰ্থে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভোজৰ আয়োজন কৰে

Posted On: 09 JUN 2024 11:59PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি (জুন, ২০২৪) ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকা চুবুৰীয়া দেশসমূহৰ নেতাসকলৰ সন্মানাৰ্থে এক ভোজৰ আয়োজন কৰে।

 

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰা নেতাসকলৰ ভিতৰত আছে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মহামহিম ৰণিল বিক্ৰমসিংঘে; মালদ্বীপৰ ৰাষ্ট্ৰপতি মহামহিম মহম্মদ মুইজু; চিচিলছৰ উপ-ৰাষ্ট্ৰপতি মহামহিম আহমেদ আফিফ; বাংলাদেশৰ প্ৰধানমন্ত্ৰী মহামহিম শ্বেখ হাছিনা; মৰিচাছৰ প্ৰধানমন্ত্ৰী মহামহিম প্ৰবীণ কুমাৰ যুগনাথ আৰু শ্ৰীমতী কবিতা যুগনাথ; নেপালৰ প্ৰধানমন্ত্ৰী মহামহিম পুষ্প কমল দাহাল প্ৰচণ্ড; আৰু ভূটানৰ প্ৰধানমন্ত্ৰী মহামহিম শ্বেৰিং টবগে।

নেতাসকলক আদৰণি জনাই ৰাষ্ট্ৰপতিয়ে নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ আমন্ত্ৰণ গ্ৰহণ কৰাৰ বাবে আৰু গণতন্ত্ৰৰ এই উদযাপনত যোগদান কৰাৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে।

ৰাষ্ট্ৰপতিয়ে কয় যে এই মহত্ত্বপূৰ্ণ অনুষ্ঠান উপলক্ষে তেখেতসকলৰ উপস্থিতি ভাৰতৰ 'নেইবাৰহুড ফাৰ্ষ্ট' নীতিৰ কেন্দ্ৰীয়তা আৰু ভাৰত মহাসাগৰ অঞ্চলৰ বাবে আমাৰ ‘সাগৰ’ দৃষ্টিভংগীৰ আন এক প্ৰমাণ। এখনে আনখনৰ প্ৰগতি আৰু কল্যাণৰ অংশীদাৰ হিচাপে, আমি আমাৰ নিকটতম বন্ধু আৰু চুবুৰীয়াসকলৰ ওপৰত এই বিশ্বাস কৰোঁ যে আমাৰ অঞ্চল আৰু ইয়াৰ বাহিৰতো শান্তি আৰু সমৃদ্ধি বৃদ্ধিৰ বাবে আমি মিলি কাম কৰিম।

ৰাষ্ট্ৰপতিয়ে আমাৰ জনসাধাৰণৰ সেৱাৰ বাবে উচ্চ দায়িত্ব গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সফলতা কামনা কৰে।

 

***************

 

DS/ST/AK/KG



(Release ID: 2024547) Visitor Counter : 33