ভাৰতীয় নিৰ্বাচন আয়োগ

৭ ৰাজ্যৰ ১৩ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ সময়সূচী

Posted On: 10 JUN 2024 1:42PM by PIB Guwahati

আয়োগে নিম্ন-উল্লেখিত বিধানসভা সমষ্টিসমূহৰ খালী আসন পূৰণৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছেঃ

ক্ৰমিক নং

ৰাজ্যৰ নাম

বিধানসভা সমষ্টিৰ নং আৰু নাম

খালী হোৱাৰ কাৰণ

০১

বিহাৰ

৬০-ৰুপাউলী

শ্ৰীমতী বিমা ভাৰতীৰ পদত্যাগ

০২

 

 

 

পশ্চিম বংগ

৩৫-ৰাইগঞ্জ

শ্ৰী কৃষ্ণা কল্যাণীৰ পদত্যাগ

০৩

৯০-ৰাণাঘাট দক্ষিণ (এছচি)

ডঃ মুকুট মণি অধিকাৰীৰ পদত্যাগ

০৪

৯৪-বাগদা (এছচি)

শ্ৰী বিশ্বজিত দাসৰ পদত্যাগ

০৫

১৬৭-মাণিকতলা

শ্ৰী সাধন পাণ্ডেৰ বিয়োগ

০৬

তামিল নাডু

৭৫-বিক্ৰবান্দি

তিৰু. এন. পুগাজেনথিৰ বিয়োগ

০৭

মধ্য প্ৰদেশ

১২৩-অমৰৱাৰা (এছটি)

শ্ৰী কমলেশ প্ৰতাপ শ্বাহৰ বিয়োগ

০৮

 

উত্তৰাখণ্ড

০৪-বদ্ৰীনাথ

শ্ৰী ৰাজেন্দ্ৰ সিং ভাণ্ডাৰী

০৯

৩৩-মঙ্গলুৰ

শ্ৰী চৰৱাট কৰিম আনছাৰীৰ বিয়োগ

১০

পঞ্জাৱ

৩৪-জলন্ধৰ পশ্চিম (এছচি)

শ্ৰী শীতল অংগুৰালৰ পদত্যাগ

১১

 

 

হিমাচল প্ৰদেশ

১০-দেহৰা

শ্ৰী হুচয়াৰ সিঙৰ পদত্যাগ

১২

৩৮-হামিৰপুৰ

শ্ৰী আশীষ শৰ্মাৰ পদত্যাগ

১৩

৫১-নালাগড়

শ্ৰী কে.এল. ঠাকুৰৰ পদত্যাগ

উপ-নিৰ্বাচনৰ সূচী পৰিশিষ্ট-I ত সংলগ্ন কৰা হৈছে।

 

  1. নিৰ্বাচনী তালিকা

আয়োগে দৃঢ়তাৰে বিশ্বাস কৰে যে এখনি শুদ্ধ আৰু নবীকৃত নিৰ্বাচনী তালিকা হৈছে মুক্ত, নিকা আৰু বিশ্বাসযোগ্য নিৰ্বাচনৰ ভেটি। সেয়েহে, ইয়াৰ গুণগত মানৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। নিৰ্বাচন আইন (সংশোধনী) আইন-২০২১ ৰদ্বাৰা জন-প্ৰতিনিধিত্ব আইন-১৯৫০ৰ ১৪ নং অনুচ্ছেদৰ সংশোধনৰ পিছত এবছৰত ভোটাৰ হিচাপে নামভৰ্তিৰ বাবে চাৰিটা বিশেষ তাৰিখৰ ব্যৱস্থা কৰা হয়সেই অনুসৰি, আয়োগে ২০২৪ৰ ১ জানুৱাৰীক যোগ্যতা অৰ্জনৰ তাৰিখ হিচাপে লৈ নিৰ্বাচনী তালিকাৰ বিশেষ সাৰাংশ পুনৰীক্ষণ চলাইছিলইয়াত যোগ্যতাসম্পন্ন তাৰিখ হিচাপে ১ জানুৱাৰী, ২০২৪ সন্দৰ্ভত নিৰ্বাচনী তালিকাত পঞ্জীয়ন কৰাব বিচৰা যোগ্য নাগৰিকৰপৰা আবেদন আমন্ত্ৰণ জনোৱা হৈছিল। যোগ্যতাৰ তাৰিখ হিচাপে ১ জানুৱাৰী, ২০২৪ৰ উল্লেখৰে নিৰ্বাচনী তালিকাৰ বিশেষ সাৰাংশ পুনৰীক্ষণ সময়মতে সম্পূৰ্ণ হোৱাৰ পিছত নিৰ্বাচনী তালিকাৰ চূড়ান্ত প্ৰকাশ হয়-

  1. ৫ জানুৱাৰী, ২০২৪ত গুজৰাট, হিমাচল প্ৰদেশ আৰু ত্ৰিপুৰাত।
  2. ২২ জানুৱাৰী, ২০২৪ত বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ, কৰ্ণাটক আৰু তামিলনাডুত।
  3. ২৩ জানুৱাৰী, ২০২৪ত উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰত; আৰু
  4. ৮ ফেব্ৰুৱাৰী, ২০২৪ত তেলেংগানা আৰু ৰাজস্থানত

অৱশ্যে, নিৰ্বাচনী তালিকাৰ নিৰন্তৰ উন্নীতকৰণৰ প্ৰক্ৰিয়াটো যোগ্যতাসম্পন্ন তাৰিখ অনুসাৰে মনোনয়ন দাখিলৰ শেষ তাৰিখলৈকে অব্যাহত থাকিব।

  1. ইলেক্ট্ৰনিক ভোটিং মেচিন (EVM) আৰু ভিভিপিএটি

আয়োগে উপ-নিৰ্বাচনত সকলো ভোটকেন্দ্ৰতে ইভিএম আৰু ভিভিপিএটি ব্যৱহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসাৰে, পৰ্য্যাপ্ত সংখ্যক ইভিএম আৰু ভিভিপিএটি উপলব্ধ কৰা হব আৰু এই মেচিনসমূহৰ সহায়ত যাতে ভোটগ্ৰহণ সুকলমে সম্পন্ন হয়, তাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰা হ

  1. ভোটাৰৰ চিনাক্তকৰণ

নিৰ্বাচনী ফটো পৰিচয় পত্ৰ (EPIC) হ’ব এজন ভোটাৰক চিনাক্তকৰণৰ মূল নথি। অৱশ্যে তলত উল্লেখ কৰা যিকোনো চিনাক্তকৰণৰ নথি-পত্ৰও ভোট কেন্দ্ৰত দেখুৱাব পাৰিবঃ

  1. আধাৰ কাৰ্ড,
  2. এমজিএনৰেগা জব কাৰ্ড,
  3. বেংক/ডাকঘৰৰদ্বাৰা জাৰি কৰা ফটো থকা পাছবুক,
  4. শ্ৰম মন্ত্ৰালয়ৰ আঁচনিৰ অধীনত জাৰি কৰা স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড,
  5. ড্ৰাইভিং লাইচেন্স,
  6. পেন কাৰ্ড,
  • vii. এনপিআৰৰ অধীনত আৰজিআয়ে জাৰি কৰা স্মাৰ্ট কাৰ্ড,
  1. ভাৰতীয় পাছপ'ৰ্ট,
  2. ফটোৰ সৈতে পেঞ্চনৰ নথি,
  3. কেন্দ্ৰীয়/ৰাজ্য চৰকাৰ/পিএছইউ/ৰাজহুৱা পৰি-সীমিত কোম্পানীয়ে কৰ্মচাৰীসকলক প্ৰদান কৰা ফটোগ্ৰাফৰ সৈতে সেৱা পৰিচয় পত্ৰ, আৰু
  4. সাংসদ/বিধায়ক/এমএলচিক প্ৰদান কৰা চৰকাৰী পৰিচয় পত্ৰ,
  • xii. ইউনিক ডিচেবিলিটি আইডি (UDID) কাৰ্ড, সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়, ভাৰত চৰকাৰ
  1. মডেল আচৰণ বিধি

০২ জানুৱাৰী, ২০২৪ৰ আয়োগৰ পত্ৰ নং 437/6/1NST/ECI/FUNCT/MCC/2024/ (BYE ELECTIONS) (আয়োগৰ ৱেবচাইটত উপলব্ধ) অনুসৰি নিৰ্দেশনা সাপেক্ষে, নিৰ্বাচন অনুষ্ঠিতব্য বিধানসভা সমষ্টিসমূহৰ সমগ্ৰ জিলা বা যিকোনো অংশত তাৎক্ষণিকভাৱে কাৰ্য্যকৰী হোৱাকৈ মডেল আচৰণ বিধি বলবৎ হব।

  1. অপৰাধ সম্পৰ্কীয় তথ্য

অপৰাধৰ গোচৰ থকা প্ৰাৰ্থীসকলে প্ৰচাৰৰ সময়ছোৱাত তিনিবাৰকৈ বাতৰিকাকত আৰু টেলিভিছন চেনেলৰ জৰিয়তে এই সম্পৰ্কে তথ্য প্ৰকাশ কৰিব লাগিব। এনে প্ৰাৰ্থী থকা ৰাজনৈতিক দল এটায়ো নিজৰ প্ৰাৰ্থীৰ অপৰাধৰ তথ্য নিজৰ ৱেবছাইটত আৰু বাতৰিকাকত তথা টেলিভিছন চেনেলত তিনিবাৰকৈ প্ৰকাশ কৰিব লাগিব।

আয়োগে ইয়াৰ পত্ৰ নং 3/4/2019/SDR/Vol. IV তাৰিখঃ ১৬ ছেপ্টেম্বৰ, ২০২০ৰ জৰিয়তে নিৰ্দেশনা প্ৰদান কৰিছে যে নিৰ্দিষ্ট সময়সীমা সন্দৰ্ভত তিনিটা ব্লক সাপেক্ষে তলত দিয়া ধৰণেৰে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব, যাতে ভোটাৰসকলে এনে প্ৰাৰ্থীৰ বিষয়ে জানিবলৈ পৰ্য্যাপ্ত সময় পায়ঃ

  1. প্ৰত্যাহাৰৰ প্ৰথম ৪ দিনৰ ভিতৰত।
  2. অহা ৫ - ৮ দিনৰ ভিতৰত।
  3. ৯ তাৰিখৰপৰা নিৰ্বাচনী প্ৰচাৰৰ শেষ দিনলৈকে

(চিত্ৰঃ যদি প্ৰত্যাহাৰৰ শেষ তাৰিখ মাহৰ ১০ তাৰিখ আৰু ভোটগ্ৰহণ মাহৰ ২৪ তাৰিখ হয়, তেন্তে ঘোষণা প্ৰকাশৰ বাবে প্ৰথম ব্লকটো মাহৰ ১১ ৰপৰা ১৪ তাৰিখৰ ভিতৰত হ’ব, দ্বিতীয় আৰু তৃতীয় ব্লক ক্ৰমে মাহৰ ১৫ ৰপৰা ১৮ আৰু ১৯ ৰপৰা ২২ তাৰিখৰ ভিতৰত হ)

এই প্ৰয়োজনীয়তা মাননীয় উচ্চতম ন্যায়ালয়ে ২০১৫ৰ লেখ আবেদন (গ) নং ৭৮৪ (লোক প্ৰহৰী বনাম ইউনিয়ন অৱ ইণ্ডিয়া আৰু অন্যান্য) আৰু ২০১১ৰ লেখ আবেদন (চিভিল) নং ৫৩৬ (পাব্লিক ইন্টাৰেষ্ট ফাউণ্ডেচন আৰু অন্যান্য বনাম ইউনিয়ন অৱ ইণ্ডিয়া) সাপেক্ষে আৱশ্যকীয়।

এই তথ্যসমূহ ‘know your candidates’ এপটোতো উপলব্ধ হ’ব।

  1. উপ-নিৰ্বাচনৰ সময়ত কভিড সম্পৰ্কীয় ব্যৱস্থা

 

আয়োগে সাধাৰণ নিৰ্বাচন আৰু উপ-নিৰ্বাচনৰ সময়ত মানি চলিবলগীয়া ক’ভিড-সম্পৰ্কীয় নীতি-নিৰ্দেশনা জাৰি কৰিছে, যি আয়োগৰ ৱেবছাইটত উপলব্ধ।

পৰিশিষ্ট-I

উপ-নিৰ্বাচনৰ সূচী

 

নিৰ্বাচনৰ পৰ্ব

সূচী

গেজেট অধিসূচনা জাৰিৰ তাৰিখ

১৪-০৬-২০২৪ (শুক্ৰবাৰ)

মনোনয়ন দাখিলৰ অন্তিম তাৰিখ

২১-০৬-২০২৪ (শুক্ৰবাৰ)

মনোনয়ন পৰীক্ষণৰ তাৰিখ

২৪-০৬-২০২৪ (সোমবাৰ)

প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ

২৬-০৬-২০২৪ (বুধবাৰ)

নিৰ্বাচনৰ তাৰিখ

১০-০৭-২০২৪ (বুধবাৰ)

গণনাৰ তাৰিখ

১৩-০৭-২০২৪ (শনিবাৰ)

নিৰ্বাচন সম্পূৰ্ণ কৰাৰ তাৰিখ

১৫-০৭-২০২৪ (সোমবাৰ)ৰ আগদিনা

 

********

DK/RP/SB



(Release ID: 2023762) Visitor Counter : 43