ভাৰতীয় নিৰ্বাচন আয়োগ

সাধাৰণ নিৰ্বাচন ২০২৪ চনত ভোটগ্ৰহণ কেন্দ্ৰত ৬৫.৭৯% ভোটাৰৰ ভোটদানৰ হাৰ পঞ্জীয়ন

২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ সপ্তম পৰ্যায়ত ভোটাৰৰ ভোটদান ৬৩.৮৮ % পঞ্জীয়ন কৰা হৈছে

Posted On: 06 JUN 2024 5:16PM by PIB Guwahati

ভাৰতীয় নিৰ্বাচন আয়োগে ২০২৪ চনৰ ১ জুনত জাৰি কৰা দুখন প্ৰেছ বিজ্ঞপ্তি আৰু পূৰ্বৰ পৰ্যায়সমূহত ভোটগ্ৰহণৰ তথ্য প্ৰকাশৰ বাবে গ্ৰহণ কৰা নিয়ম অনুসৰি, সদ্যসমাপ্ত সাধাৰণ নিৰ্বাচনত ৫৭টা সংসদীয় সমষ্টিৰ বাবে সপ্তম পৰ্যায়ত ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ হাৰ ৬৩.৮৮% পঞ্জীয়ন কৰা হৈছে।

সামগ্ৰিকভাৱে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত ভোটগ্ৰহণ কেন্দ্ৰত ৬৫.৭৯ শতাংশ ভোটগ্ৰহণ পঞ্জীয়ন কৰা হৈছে। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা লাভ কৰা মানক প্ৰথা অনুসৰি ডাক ভোটৰ সংখ্যা আৰু মুঠ ভোটদানৰ বিশদ পৰিসংখ্যাগত প্ৰতিবেদন চূড়ান্ত কৰাৰ পিছত আয়োগৰ ৱেবছাইটত উপলব্ধ কৰা হ’ব।

ডাক বেলটৰ ভিতৰত সেৱা ভোটাৰ, অনুপস্থিত ভোটাৰ (৮৫+, অক্ষম, অত্যাৱশ্যকীয় সেৱা ইত্যাদি) আৰু নিৰ্বাচনী কৰ্তব্যত থকা ভোটাৰ আদি অন্তৰ্ভুক্ত। সপ্তম পৰ্যায়ৰ বাবে লিংগভিত্তিক ভোটদানৰ পৰিসংখ্যা তলত দিয়া হৈছে:

Phaseপৰপৰ্যা

পুৰুষৰ ভোটৰ হাৰ

মহিলাৰ ভোটৰ হাৰ

তৃতীয় লিংগৰ ভোটৰ হাৰ

সামগ্ৰিক ভোটৰ হাৰt

Phase 7

৬৩.১১

৬৪.৭২

২২.৩৩

৬৩.৮৮

 

সপ্তম পৰ্যায়ৰ ৰাজ্যভিত্তিক আৰু সংসদীয় সমষ্টিভিত্তিক ভোটদানৰ পৰিসংখ্যা ক্ৰমে ১ আৰু ২ নং তালিকাত উল্লেখ কৰা হৈছে। সপ্তম পৰ্যায়ৰ ভোটাৰৰ সম্পূৰ্ণ সংখ্যা সূচী তৃতীয় তালিকাত সন্নিবিষ্ট কৰা হৈছে।

তালিকাসমূহ চাবলৈ ইয়াত ক্লিক কৰক।

 

******

KSY/RP/MS



(Release ID: 2023407) Visitor Counter : 25