প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শিক্ষা খণ্ডত গুণগত পৰিৱৰ্তনৰ বাবে প্ৰতিশ্ৰুতি দোঁহাৰিলে প্ৰধানমন্ত্ৰীয়ে

কিউএছ ৱৰ্ড ইউনিভাৰ্ছিটি ৰেংকিঙত ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ উন্নত প্ৰদৰ্শনক লৈ আনন্দ প্ৰকাশ

Posted On: 07 JUN 2024 8:51AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষা খণ্ডত গুণগত পৰিৱৰ্তনৰ বাবে নিজৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰিছে। কিউ এছ ৱৰ্ল্ড ইউনিভাৰ্ছিটি ৰেংকিঙতো ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ প্ৰদৰ্শন উন্নত হোৱাত তেওঁ আনন্দ প্ৰকাশ কৰিছে।

কিউএছ কোৱাৰেলি ছাইমণ্ডছ লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালন সঞ্চালক শ্ৰীযুত নুনজিঅ’ কোৱাৰেলিয়ে কিউএছ বিশ্ব বিশ্ববিদ্যালয় ৰেংকিঙত ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ প্ৰদৰ্শনৰ নিৰন্তৰ উন্নতিৰ বিষয়ে দিয়া টুইটৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে এক পোষ্টত কয়;

“যোৱা দশকত আমি শিক্ষা খণ্ডত গুণগত পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব দিছো। কিউএছ ৱৰ্ল্ড ইউনিভাৰ্ছিটি ৰেংকিঙত ইয়াৰ প্ৰতিফলন ঘটিছে। ছাত্ৰ-ছাত্ৰী, অধ্যাপক আৰু প্ৰতিষ্ঠানসমূহক তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বাবে প্ৰশংসা কৰিছো। এই কাৰ্যকালত আমি গৱেষণা আৰু উদ্ভাৱনক বৃদ্ধিৰ বাবে আৰু অধিক কৰিব বিচাৰো।”

***

DS/ST/DB



(Release ID: 2023367) Visitor Counter : 41