ভাৰতীয় নিৰ্বাচন আয়োগ

সাধাৰণ নিৰ্বাচন-২০২৪ৰ ৫ম-পৰ্য্যায়ত ভোটদানৰ হাৰ ৬২.২%

Posted On: 23 MAY 2024 2:50PM by PIB Guwahati

ভাৰতৰ নিৰ্বাচন আয়োগৰ ২০-০৫-২০২৪ৰ দুই প্ৰেছ টোকাৰ পৰৱৰ্তী অংশ হিচাপে, ইয়াৰ জৰিয়তে সদৰী কৰা হয় যে অব্যাহত সাধাৰণ নিৰ্বাচন-২০২৪ত ৪৯ টা সংসদীয় সমষ্টিত অনুষ্ঠিত ৫ম-পৰ্য্যায়ৰ নিৰ্বাচনত ৬২.২% লোকে ভোটদান কৰে। এই ৫ম-পৰ্য্যায়ৰ নিৰ্বাচনত লিংগভিত্তিক ভোটদানৰ পৰিসংখ্যা তলত উল্লেখ কৰা হ’লঃ

পৰ্য্যায়

পুৰুষ ভোটাৰ

মহিলা ভোটাৰ

তৃতীয় লিংগৰ ভোটাৰ

সামগ্ৰিক ভোটাৰ

৫ম-পৰ্য্যায়

৬১.৪৮%

৬৩.০০%

২১.৯৬%

৬২.২%

 

উল্লেখযোগ্য যে ওড়িশাৰ ১৩ নং কান্ধমাল সংসদীয় সমষ্টিৰ দুটা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ আজি সমাপ্ত হৈছে আৰু পুনৰ ভোটগ্ৰহণৰ তথ্য আপডেটৰ পিছত সেই পৰিসংখ্যা উপলব্ধ হ’ব আৰু ‘ভোটাৰ টাৰ্নআউন’ এপত সেয়া উপলব্ধ হ’ব। “আডাৰ ভোটাৰ”ৰ ক্ষেত্ৰত খালী তালিকাই সেই শিতানৰ কোনো পঞ্জীয়নভুক্ত ভোটাৰ নাই বুলি সূচিত কৰিব। কোনো এটা সমষ্টিৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে প্ৰ-পত্ৰ ১৭চিৰ প্ৰতিলিপিও প্ৰাৰ্থীসকলক তেওঁলোকৰ ‘প’লিং এজেন্ট’ৰ জৰিয়তে প্ৰদান কৰা হৈছে। প্ৰ-পত্ৰ ১৭চিৰ প্ৰকৃত তথ্য ইতিমধ্যে প্ৰাৰ্থীসকলৰ সৈতে শ্বেয়াৰ কৰা তথ্যৰ সৈতে সামঞ্জস্যপূৰ্ণ। প’ষ্টেল বেলটৰ গণনা আৰু মুঠ ভোট গণনাত ইয়াৰ সংযোজনৰ সৈতে গণনাৰ পিছতহে চূড়ান্ত ভোটদানৰ তথ্য উপলব্ধ হ’ব। প’ষ্টেল বেলটত সেৱা ভোটাৰ, অনুপস্থিত ভোটাৰ (৮৫+, পিডব্লিউডি, অত্যাৱশ্যকীয় সেৱা আদি) আৰু নিৰ্বাচনী কৰ্তব্যৰত ভোটাৰক প্ৰদান কৰা প’ষ্টেল বেলট অন্তৰ্ভুক্ত। বিধিগত ব্যৱস্থা অনুসৰি লাভ কৰা এনে প’ষ্টেল বেলটৰ দৈনিক হিচাপ সকলো প্ৰাৰ্থীকে প্ৰদান কৰা হয়।

***************

DK/RP/SB



(Release ID: 2021465) Visitor Counter : 40