ভাৰতীয় নিৰ্বাচন আয়োগ

অন্ধ্ৰ প্ৰদেশত নিৰ্বাচনোত্তৰ হিংসাৰ বিৰুদ্ধে কঠোৰ স্থিতি নিৰ্বাচন আয়োগৰ

দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকক নিৰ্দেশ আয়োগৰ

গণনা সম্পন্ন হোৱাৰ পিছতো অন্ধ্ৰ প্ৰদেশত ২৫টা চিএপিএফ কোম্পানীক মোতায়েন কৰি ৰখাৰ নিৰ্দেশ গৃহ মন্ত্ৰালয়ক

Posted On: 16 MAY 2024 8:49PM by PIB Guwahati

আজি নিৰ্বাচন সদনত অন্ধ্ৰপ্ৰদেশৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে অনুষ্ঠিত এক বৈঠকত মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী ৰাজীৱ কুমাৰ আৰু নিৰ্বাচন আয়ুক্তদ্বয় ক্ৰমে শ্ৰী জ্ঞানেশ কুমাৰ আৰু শ্ৰী সুখবীৰ সিং সান্ধুৰ নেতৃত্বত আয়োগে অন্ধ্ৰপ্ৰদেশত হোৱা নিৰ্বাচনোত্তৰ হিংসাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। নিৰ্বাচন আয়োগে ৰাজ্যৰ দুয়োগৰাকী শীৰ্ষ বিষয়াক এনে হিংসাত্মক কাৰ্যৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে সকীঁয়াই দিয়ে। লগতে ভৱিষ্যতে এনে পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ ৰাজ্যৰ প্ৰতিগৰাকী আৰক্ষী অধীক্ষককে পূৰ্বেই প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ দায়িত্ব প্ৰদান কৰিবলৈও নিৰ্দেশ দিয়ে।

আয়োগে গোচৰসমূহ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ নিজ নিজ পৰ্যায়ত পৰ্যালোচনা কৰি কঠোৰ তত্বাৱধানৰ বাবেও নিৰ্দেশ দিয়ে, যাতে আইন অনুসৰি, সকলো দোষীৰ বিৰুদ্ধে সময়মতে অভিযোগনামা দাখিল কৰাৰ উপযুক্ত সিদ্ধান্ত নিশ্চিত কৰিব পাৰি। সম্ভৱ হ’লে নিৰ্বাচনী আচৰণ বিধিৰ সময়সীমাৰ ভিতৰত এই কাৰ্য সম্পাদন কৰাৰো নিৰ্দেশ দিয়ে।

এই বৈঠকৰ সময়ত ৰাজ্যখনৰ দুয়োগৰাকী শীৰ্ষ বিষয়াই নিৰ্বাচনোত্তৰ হিংসাৰ ফলত ক্ষতিগ্রস্ত জিলাসমূহৰ বিষয়াসকলৰ গাফিলতি আৰু তত্বাৱধানৰ অভাৱৰ দিশবোৰৰ মূল্যায়ন নিৰ্বাচন আয়োগৰ বিষয়াত্ৰয়ৰ সমূখত উপস্থাপন কৰে। ৰাজ্য চৰকাৰে তলত দিয়া প্ৰস্তাৱসমূহত উক্ত বৈঠকতে আয়োগে অনুমোদনো জনায়।

  1. পালনাডুৰ জিলা উপায়ুক্তৰ বদলি আৰু বিভাগীয় তদন্ত আৰম্ভ।
  2. অনন্তপুৰমু আৰু পালনাডু জিলাৰ আৰক্ষী অধীক্ষকক নিলম্বন আৰু বিভাগীয় তদন্ত।
  3. তিৰুপতিৰ আৰক্ষী অধীক্ষকক বদলি আৰু বিভাগীয় তদন্ত আৰম্ভ।
  4. পালনাডু, অনাথপুৰমু আৰু তিৰুপতি জিলাৰ ১২ জন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বন আৰু বিভাগীয় তদন্ত আৰম্ভ।
  5. বিশেষ তদন্তকাৰী দলে বিষয়টোৰ তদন্ত কৰি প্ৰতিটো গোচৰতে দুদিনৰ ভিতৰত আয়োগক এক ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন দাখিল কৰিব। অতিৰিক্ত উপযুক্ত আইপিচি ধাৰা আৰু অন্যান্য প্ৰাসংগিক বিধিগত বিধানসমূহৰ এজাহাৰবোৰ আপডেট কৰা হ’ব।
  6. ফলাফল ঘোষণাৰ পিছত যিকোনো সম্ভাৱ্য হিংসা নিয়ন্ত্ৰণ কৰিবলৈ গণনাৰ পিছত ২৫টা চিএপিএফ কোম্পানীক ১৫ দিনৰ বাবে মোতায়েন অব্যাহত ৰাখিবলৈ ৰাজ্যই অনুৰোধ কৰিব।

ফলাফল ঘোষণাৰ পিছত যিকোনো হিংসা নিয়ন্ত্ৰণ কৰিবলৈ আয়োগে অন্ধ্ৰ প্ৰদেশৰ ২৫টা CAPF কোম্পানীক ভোট গণনাৰ পিছতো ১৫ দিনৰ মোতায়েন কৰি ৰাখিবলৈ গৃহ মন্ত্ৰালয়ক নিৰ্দেশ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে নিৰ্বাচন আয়োগে অন্ধ্ৰ প্ৰদেশৰ মুখ্য সচিব আৰু ডিজিপি, নিৰ্বাচনৰ পিছৰ হিংসাত্মক কাৰ্য নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ কাৰণ দৰ্শাবলৈ ব্যক্তিগতভাৱে নতুন দিল্লীলৈ তলব কৰা হৈছে। স্মৰ্তব্য যে অনন্তপুৰামু, পালনাডু আৰু তিৰুপতি জিলাত ভোটগ্ৰহণৰ দিনা আৰু নিৰ্বাচনৰ পিছতো কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হয়। নিৰ্বাচনৰ পূৰ্বে বিভিন্ন বিক্ষিপ্ত ঘটনা, বিৰোধী শিবিৰৰ সম্পত্তি/কাৰ্যালয়ত অগ্নি সংযোগ, ভাবুকি প্ৰদান, প্ৰচাৰ বাহনসমূহৰ ক্ষতিসাধন, শিলগুটি নিক্ষেপ আদিৰ দৰে বিভিন্ন ঘটনা সংঘটিত হৈছিল গুণ্টুৰ, অনন্তপুৰ আৰু নন্দিয়াল আদি স্থানত।

***************

DK/RP



(Release ID: 2020877) Visitor Counter : 35