আইন আৰু ন্যায় মন্ত্ৰালয়
azadi ka amrit mahotsav

আইন আৰু ন্যায় মন্ত্ৰালয়ে অসম চৰকাৰৰ সহযোগত কাইলৈৰপৰা গুৱাহাটীত ‘ফৌজদাৰী ন্যায় ব্যৱস্থাৰ প্ৰশাসনত ভাৰতৰ প্ৰগতিশীল পথ’ শীৰ্ষক দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে

আইন আৰু ন্যায় দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) শ্ৰী অৰ্জুন ৰাম মেঘৱালে এই অনুষ্ঠানৰ শোভা-বৰ্ধন কৰিব

Posted On: 17 MAY 2024 10:41AM by PIB Guwahati

বিগত বছৰসমূহত ভাৰত চৰকাৰে পুৰণি ঔপনিৱেশিক আইনসমূহ বাতিলেৰে নাগৰিক-কেন্দ্ৰিক আৰু এক স্পন্দনশীল গণতন্ত্ৰৰ প্ৰয়োজনীয়তাৰাজি পূৰণ কৰা আইনী প্ৰক্ৰিয়া প্ৰৱৰ্তনৰ বাবে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে, শেহতীয়াভাৱে দেশত ফৌজদাৰী ন্যায় ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ বাবে তিনি নতুন আইন প্ৰণয়ন কৰা হৈছে। নতুন আইনকেইখন হৈছেঃ ভাৰতীয় ন্যায় সংহিতা, ২০২৩; ভাৰতীয় নগৰিক সুৰক্ষা সংহিতা, ২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম, ২০২৩। এই নতুন আইন তিনিখন পূৰ্বৰ ফৌজদাৰী আইন যথাঃ ভাৰতীয় দণ্ড বিধি, ১৮৬০; ফৌজদাৰী প্ৰক্ৰিয়া বিধি, ১৯৭৩ আৰু ভাৰতীয় সাক্ষ্য আইন, ১৮৭২ৰ সলনি প্ৰৱৰ্তন কৰা হৈছে। জাননী অনুসৰি, এই নতুন ফৌজদাৰী আইনসমূহ ১ জুলাই, ২০২৪ৰ পৰা কাৰ্য্যকৰী হ'ব।

এই নতুন আইনসমূহৰ সম্পৰ্কে বিশেষকৈ অংশীদাৰসকল আৰু আইনী সমাজৰ মাজত সজাগতা সৃষ্টিৰ বাবে আইন আৰু ন্যায় মন্ত্ৰালয়ে ‘ফৌজদাৰী ন্যায় ব্যৱস্থাৰ প্ৰশাসনত ভাৰতৰ প্ৰগতিশীল পথ’ (India's Progressive Path in the Administration of Criminal Justice System) শীৰ্ষক এখনি সন্মিলনৰ আয়োজন কৰিছে। অসম চৰকাৰৰ সহযোগত ১৮-১৯ মে’, ২০২৪ত আইআইটি-গুৱাহাটীৰ ডঃ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত এই সন্মিলন অনুষ্ঠিত হ’ব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। এই সন্মিলনত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ মাননীয় ন্যায়াধীশ হৃষীকেশ ৰায়, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মাননীয় ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ছিকিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মাননীয় ন্যায়াধীশ বিশ্বনাথ সোমাদ্দাৰে। এই অনুষ্ঠানত ভাৰত চৰকাৰৰ আইন আৰু ন্যায় দপ্তৰৰ মাননীয় ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) শ্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু ভাৰতৰ আইন আয়োগৰ সদস্য সচিব ডঃ ৰীতা বশিষ্ঠই শোভা-বৰ্ধন কৰিব।

এই সন্মিলনৰ লক্ষ্য হৈছে তিনি নতুন ফৌজদাৰী আইনৰ উল্লেখযোগ্য দিশসমূহত আলোকপাত কৰা তথা কাৰিকৰী আৰু প্ৰশ্নোত্তৰ (Q & A) অধিবেশনৰ জৰিয়তে ফলপ্ৰসূভাৱে মত-বিনিময় কৰা। এই সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিন্ন আদালতৰ ন্যায়াধীশ, অধিবক্তা, শিক্ষাবিদ, আইন বলবৎকাৰী সংস্থাসমূহৰ প্ৰতিনিধি, আৰক্ষী বিষয়া, চৰকাৰী অধিবক্তা (public prosecutors), জিলা প্ৰশাসনৰ বিষয়া আৰু আইনৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে এনে প্ৰথমখন সন্মিলন ২০২৪ৰ ২০ এপ্ৰিলত নতুন দিল্লীত অনুষ্ঠিত হৈছিল

১৮ মে’, ২০২৪ত (বিয়লি ৫:০০ বজাত) অনুষ্ঠিতব্য উদ্বোধনী অধিবেশনত ভাৰতৰ ফৌজদাৰী ন্যায় ব্যৱস্থাৰ গাঁথনিক পুনৰাই সংজ্ঞায়িতকৰণ আৰু ইয়াৰ জৰিয়তে নাগৰিকসকলৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাবলৈ নিৰ্ধাৰিত তিনি নতুন ফৌজদাৰী আইনৰ সামগ্ৰিক লক্ষ্যসমূহৰ সন্দৰ্ভত আলোকপাত কৰা হ’ব। সন্মিলনৰ দ্বিতীয় দিনা নিম্ন-উল্লেখিত ধৰণেৰে প্ৰতিখন নতুন আইন সম্পৰ্কে এখনকৈ মুঠ তিনি কাৰিকৰী অধিবেশন অনুষ্ঠিত হ’বঃ

কাৰিকৰী অধিবেশন-১ (১৯ মে’, ২০২৪ৰ পুৱা ৯:৩০ বজাৰপৰা ১১:৩০ বজালৈ)ভাৰতীয় ন্যায় সংহিতা, ২০২৩ (BNS) ৰূপায়ণৰ মূল্যায়নৰ বাবে তুলনামূলক পদ্ধতিৰ অভিযোজনাৰে বিস্তৃত আলোচনা কৰা হ’ব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাননীয় ন্যায়াধীশ সৌমিত্ৰ শইকীয়াই এই অধিবেশনত অধ্যক্ষতা কৰিব। অধিবেশনখনিৰ আন-আন পেনেলিষ্টসকলৰ ভিতৰত আছেঃ ছিকিম উচ্চ ন্যায়ালয়ৰ উপ-চলিচিটৰ জেনেৰেল শ্ৰীমতী সংগীতা প্ৰধান, বিশেষ ন্যায়াধীশ (POCSO), নগাঁও, অসমৰ শ্ৰীমতী ইপ্সিতা বৰঠাকুৰ আৰু এনএলইউজেএ, অসমৰ সহযোগী অধ্যাপক শ্ৰী অমল দেউ চাভান।

কাৰিকৰী অধিবেশন-২ (১৯ মে, ২০২৪ দিনৰ ১২:০০ বজাৰপৰা ১:৪৫ বজালৈ)ভাৰতীয় সাক্ষ্য অধিনিয়ম, ২০২৩ (BSA)ৰ উল্লেখযোগ্য দিশসমূহৰ সম্পৰ্কে আলোচনা কৰা হ'ব। ইয়াত প্ৰমাণ সম্পৰ্কে তথা অপৰাধ বিচাৰৰ মূল ভিত্তি সম্পৰ্কে আলোচনা কৰা হব। ইয়াৰ জৰিয়তে "নথিপত্ৰ" (documents) আৰু "প্ৰমাণ" (evidence)ৰ বিস্তৃত পৰিসৰত গুৰুত্ব আৰোপ কৰা হব।। এই অধিবেশনত অধ্যক্ষতা কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাননীয় ন্যায়াধীশ দেৱাশীষ বৰুৱাই। আন-আন পেনেলিষ্টসকল হ’লঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উপ-চলিচিটৰ জেনেৰেল শ্ৰী ৰঞ্জিত কুমাৰ দেৱ চৌধুৰী, মেঘালয় উচ্চ ন্যায়ালয়ৰ উপ-চলিচিটৰ জেনেৰেল ডঃ নীতেশ মোজিকা, কাৰ্বি আংলং, অসমৰ জিলা আৰু সত্ৰ ন্যায়াধীশ শ্ৰী ৰৌশন লাল আৰু বলবৎকাৰী সঞ্চালকালয়ৰ বিশেষ সঞ্চালক (বলবৎকাৰী) শ্ৰীমতী মণিকা শৰ্মা

কাৰিকৰী অধিবেশন- (১৯ মে’, ২০২৪ বিয়লি ২:৩০ বজাৰপৰা ৪:৩০ বজালৈ) আৰক্ষী বিষয়াৰ অপৰাধৰ তদন্ত আৰু আইচিটি টুলৰ ইনফিউজন সন্দৰ্ভত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩ (BNSS)য়ে সাধন কৰা পদ্ধতিগত পৰিৱৰ্তনৰ প্ৰভাৱ সম্পৰ্কে গভীৰভাৱে আলোচনা কৰা হ’ব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাননীয় ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীয়ে এই অধিবেশনত অধ্যক্ষতা কৰিব। আন-আন পেনেলিষ্টসকল হ’লঃ মণিপুৰ উচ্চ ন্যায়ালয়ৰ উপ-চলিচিটৰ জেনেৰেল শ্ৰী খোমদ্ৰম সমৰজিত সিং, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ অধিবক্তা শ্ৰী ই. চন্দ্ৰশেখৰন আৰু এনএলইউ, দিল্লীৰ সহকাৰী অধ্যাপক শ্ৰী নীৰজ তিৱাৰী।

এই সন্মিলনে অংশীদাৰ আৰু নাগৰিকৰ মাজত সজাগতা সৃষ্টিৰে তিনি ফৌজদাৰী আইন সম্পৰ্কে ভালদৰে বুজি উঠাৰ ক্ষেত্ৰত আৰু কাৰ্য্যকৰীকৰণত অৰিহণা যোগাব।

*******

SS/AKS/SB
 


(Release ID: 2020874)