ভাৰতীয় নিৰ্বাচন আয়োগ

আইএমডিয়ে ২য় পৰ্য্যায়ৰ লোকসভা নিৰ্বাচনৰ সময়ত স্বাভাৱিক বতৰৰ পূৰ্বানুমান কৰিছে

ইচিআয়ে প্ৰতিটো পৰ্য্যায়ৰ নিৰ্বাচনৰ পূৰ্বে গৰমৰ অৱস্থা নিৰীক্ষণ কৰিবলৈ টাস্ক ফ’ৰ্চ গঠন কৰিছে

আয়োগে আইএমডি, এনডিএমএ আৰু স্বাস্থ্য মন্ত্ৰালয়ৰ সৈতে বৈঠকত মিলিত হয়

Posted On: 22 APR 2024 4:27PM by PIB Guwahati

আজি আইএমডিৰ ডিজিয়ে নিৰ্বাচন আয়োগক অৱগত কৰে যে এই মাহৰ ২৬ তাৰিখে অনুষ্ঠিতব্য২য় পৰ্য্যায়ৰ সাধাৰণ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিততগ্ৰীষ্ম-প্ৰৱাহক লৈ উদ্বেগৰ বিশেষ কাৰণ নাই। ২য় পৰ্য্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ১৩খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ বতৰৰ পূৰ্বাভাস স্বাভাৱিক।দেশৰ কেতবোৰ অঞ্চলত স্বাভাৱিকতকৈ অধিক তাপমাত্ৰা আৰু গ্ৰীষ্ম-প্ৰৱাহ অনুভূত হোৱাৰ পৰিপ্ৰেক্ষিতত আজি আয়োগে সংশ্লিষ্ট সংস্থাসমূহৰ সৈতে এখনি বৈঠকত মিলিত হৈ বতৰৰঅৱস্থাৰ বুজ লয় আৰু সাধাৰণ নিৰ্বাচনৰ সময়ছোৱাত গৰম বতৰৰ বাবেযিকোনো বিপদাশংকা হ্ৰাসৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰে।

চিইচি শ্ৰী ৰাজীৱ কুমাৰৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত আয়ুক্তদ্বয় শ্ৰী জ্ঞানেশ কুমাৰ আৰু শ্ৰী সুখবীৰ সিং সন্ধুকেপ্ৰমুখ্য কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ (MoHFW)অতিৰিক্ত সচিব, ৰাষ্ট্ৰীয় দুৰ্য্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (NDMA) বিভাগীয় মুৰব্বী আৰু ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ(IMD) ডিজি মেট্ৰলজিয়ে অংশগ্ৰহণ কৰে।

এই বৈঠকত নিম্ন উল্লেখিত সিদ্ধান্তৰাজি গ্ৰহণ কৰা হয়ঃ

১) ইচিআই, আইএমডি, এনডিএমএ তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ বিষয়াসকলেৰে গঠিত এটা টাস্ক ফ’ৰ্চে নিৰ্বাচনৰ প্ৰতিটো পৰ্য্যায়তে পাঁচ দিনৰ পূৰ্বেগ্ৰীষ্ম-প্ৰৱাহ আৰু আৰ্দ্ৰতাৰ প্ৰভাৱ সম্পৰ্কে পৰ্য্যালোচনাৰেযিকোনো চিন্তনীয় পৰিৱৰ্তননিৰীক্ষণ কৰিব আৰু প্ৰয়োজন সাপেক্ষেপ্ৰশমনমূলক ব্যৱস্থা গ্ৰহণ কৰিব।

২) নিৰ্বাচনী কাৰ্য্যকলাপত প্ৰভাৱ পেলোৱা গ্ৰীষ্ম-প্ৰৱাহ সন্দৰ্ভতইয়াৰে মোকাবিলাৰ বাবে প্ৰস্তুতি চলাবলৈ ৰাজ্যসমূহৰ স্বাস্থ্য কৰ্তৃপক্ষক প্ৰয়োজনীয় নিৰ্দেশনা জাৰিৰ অৰ্থে আয়োগে স্বাস্থ্য মন্ত্ৰালয়ক নিৰ্দেশনাপ্ৰদান কৰিছে।

৩) আয়োগে ২০২৪ৰ ১৬ মাৰ্চৰ বৰ্তমানৰ পৰামৰ্শ অনুসৰি,ৰভা, খোৱাপানী, ফেনআৰু আন-আন নিশ্চিত ন্যূনতম সুবিধা আদিকে প্ৰমুখ্য কৰি ভোট কেন্দ্ৰসমূহত পৰ্য্যাপ্ত ব্যৱস্থা নিশ্চিত কৰিবলৈ ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াসকলৰ (CEO) সৈতে এক সুকীয়া পৰ্য্যালোচনা বৈঠক অনুষ্ঠিত কৰিব।

৪) ভোটকেন্দ্ৰ প্ৰাংগনত গ্ৰীষ্ম-প্ৰৱাহৰ প্ৰভাৱ হ্ৰাসৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ (কৰণীয় আৰু অকৰণীয়)অৰ্থে জনসাধাৰণৰ মাজত আইইচি (তথ্য, শিক্ষা আৰু যোগাযোগ) কাৰ্য্যকলাপ হাতত ল’ব লাগিব।

আয়োগে বতৰৰ শেহতীয়া স্থিতি তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি আহিছে তথা ভোটগ্ৰহণকাৰী আৰু নিৰাপত্তা বাহিনী, প্ৰাৰ্থী আৰু ৰাজনৈতিক দলৰ নেতাসকলৰ লগতে ভোটাৰৰ সুবিধা আৰু মংগল নিশ্চিত কৰিব।

পটভূমিঃ

বিষয়টোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি আয়োগে ইতিমধ্যে ১৬-০৩-২০২৪ত সকলো মুখ্য নিৰ্বাচনী বিষয়ালৈ “গ্ৰীষ্ম-প্ৰৱাহৰ প্ৰভাৱ প্ৰতিৰোধ” (Prevention of Heat Wave Impact) সম্পৰ্কে পৰামৰ্শ জাৰি কৰিছিল তথা ভোট কেন্দ্ৰসমূহত নিশ্চিত ন্যূনতম সুবিধাৰাজি সম্পৰ্কে আয়োগৰ স্থায়ী নিৰ্দেশনা জাৰি কৰি ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলো মুখ্য নিৰ্বাচনী বিষয়াকএইসমূহ পালন কৰিবলৈ কৈছিল।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় তথা এনডিএমএয়ে পূৰ্বেও গ্ৰীষ্ম-প্ৰৱাহ সম্পৰ্কীয় সমস্যাৰ বিপদাশংকা হ্ৰাসৰ ক্ষেত্ৰত পৰামৰ্শ/নিৰ্দেশনা জাৰি কৰিছে। স্বাস্থ্য মন্ত্ৰালয়ে সকলো ৰাজ্যকে জনস্বাস্থ্য পৰামৰ্শৰ অংশ হিচাপে ৰাজ্যিক কাৰ্য্য পৰিকল্পনা যুগুত কৰিবলৈ নিৰ্দেশনাপ্ৰদান কৰিছে।

***************

DK/RP/SB
 



(Release ID: 2018492) Visitor Counter : 63