বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

নতুন কৰ ব্যৱস্থা আৰু পুৰণি কৰ ব্যৱস্থাৰ প্ৰযোজ্যতাৰ সন্দৰ্ভত স্পষ্টীকৰণ

प्रविष्टि तिथि: 31 MAR 2024 11:20PM by PIB Guwahati

নতুন কৰ ব্যৱস্থাৰ সৈতে জড়িত বিভ্ৰান্তিকৰ তথ্য কিছুমান ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে। সেয়েহে এইটো স্পষ্ট কৰা হৈছে যে ধাৰা ১১৫বিএচি(১এ)ৰ অধীনত নতুন ব্যৱস্থাটো বিত্ত আইন ২০২৩ত প্ৰৱৰ্তন কৰা হৈছিল, যিটো বৰ্তমানৰ পুৰণি শাসন ব্যৱস্থাৰ (ৰেহাই অবিহনে) অধীনত আছিল:

 

২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে প্ৰৱৰ্তন কৰা হৈছে নতুন ব্যৱস্থা ১১৫বিএচি (১এ)

বাহাল থকা পুৰণি ব্যৱস্থা

 

০-৩ লাখ

০%

০-২.৫লাখ

০%

 

৩-৬ লাখ

৫%

২.৫-৫ লাখ

৫%

 

৬-৯ লাখ

১০%

৫-১০ লাখ

২০%

 

৯-১২ লাখ

১৫%

১০ লাখৰ অধিক

৩০%

 

১২-১৫ লাক

২০%

 

 

 

১৫ লাখৰ অধিক

৩০%

 

 

 

এই ব্যৱস্থা কোম্পানী আৰু প্ৰতিষ্ঠানৰ বাহিৰেও অন্য ব্যক্তিৰ বাবে প্ৰযোজ্য, যিটো ২০২৪-২৫ মূল্যায়ন বৰ্ষ হিচাপে ধৰি লৈ  ২০২৩-২৪ বিত্তীয় বৰ্ষৰ পৰা নিয়মীয়া ব্যৱস্থা হিচাপে আৰু ইয়াৰ সৈতে সংগতি ৰাখি ৰূপায়ণ কৰা হৈছে৷

নতুন কৰ ব্যৱস্থাৰ অধীনত কৰ হাৰ যথেষ্ট কম যদিও পুৰণি ব্যৱস্থাৰ দৰে বিভিন্ন ৰেহাই আৰু কৰ্তনৰ সুবিধা (দৰমহাৰ পৰা ৫০ হাজাৰ টকা আৰু পৰিয়ালৰ পেঞ্চনৰ পৰা ১৫ হাজাৰ টকাৰ মানক কৰ্তনৰ বাহিৰে) উপলব্ধ নহয়।

যদিও, নতুন কৰ ব্যৱস্থাটোৱেই হৈছে নিয়মীয়া কৰ ব্যৱস্থা, তথাপি কৰদাতাসকলে তেওঁলোকৰ বাবে উপকাৰী বুলি ভবা কৰ ব্যৱস্থাটো বাচনি কৰিব পাৰে। নতুন কৰ ব্যৱস্থাৰ পৰা বিকল্প বাচনি প্ৰক্ৰিয়া ২০২৪-২৫ মূল্যায়ন বৰ্ষৰ বাবে ৰিটাৰ্ণ দাখিল নকৰালৈকে উপলব্ধ। কোনো ব্যৱসায়িক আয় নথকা যোগ্য ব্যক্তিয়ে প্ৰতিটো বিত্তীয় বৰ্ষৰ বাবে এই ব্যৱস্থা বিকল্প হিচাপে বাচনি কৰিব পাৰিব৷ গতিকে, তেওঁলোকে এটা বিত্তীয় বৰ্ষত নতুন কৰ ব্যৱস্থা আৰু আন এটা বছৰত পুৰণি কৰ ব্যৱস্থা বাছি ল’ব পাৰে৷

০১.০৪.২০২৪ৰ পৰা ইয়াৰ কোনো নতুন সাল-সলনি নহয়।

****

NB/VM/KMN/DB


(रिलीज़ आईडी: 2016790) आगंतुक पटल : 175
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Gujarati , Tamil , Malayalam