প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতীয় নৌসেনাই অপহৰণ কৰা বুলগেৰিয়াৰ জাহাজ “ৰুয়েন” উদ্ধাৰ সন্দৰ্ভত বুলগেৰিয়া ৰিপাব্লিকৰ ৰাষ্ট্ৰপতিৰ উত্তৰ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
19 MAR 2024 10:33AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বুলগেৰিয়াৰ অপহৃত জাহাজ “ৰুয়েন” আৰু ৭ জন বুলগেৰিয়ান নাগৰিককে ধৰি ইয়াৰ ক্ৰু সদস্যক ভাৰতীয় নৌসেনাই উদ্ধাৰ কৰাৰ সন্দৰ্ভত বুলগেৰিয়াৰ ৰাষ্ট্ৰপতি ৰুমেন ৰাদেৱৰ টুইটাৰৰ প্ৰত্যুত্তৰ দিছে। ভাৰত মহাসাগৰ অঞ্চলত জাহাজ চলাচলৰ স্বাধীনতা ৰক্ষা আৰু পাইৰেচি আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ভাৰতৰ দায়বদ্ধতাক শলাগ লোৱাৰ লগতে গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীয়ে।
টুইটাৰৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ:
“বুলগেৰিয়াৰ ৰাষ্ট্ৰপতি মহোদয়, আপোনাৰ বাৰ্তাৰ শলাগ লৈছো। আমি সুখী যে ৭ জন বুলগেৰিয়ান নাগৰিক নিৰাপদ আৰু অতি সোনকালে ঘৰলৈ উভতি আহিব। ভাৰত মহাসাগৰীয় অঞ্চলত নৌ যাতায়তৰ স্বাধীনতা ৰক্ষা আৰু পাইৰেচি আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ।”
*****
DS/TS/DB
(ৰিলিজ আই ডি : 2015482)
অতিথি কক্ষ : 124
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam