প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ১৩ মাৰ্চত বঞ্চিত লোকসকলক ঋণ সহায় আগবঢ়োৱাৰ বাবে দেশজুৰি ব্যাপক প্ৰচাৰ উপলক্ষে আয়োজিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী সামাজিক উত্থান আৰু নিযুক্তি আধাৰিত জনকল্যাণ (পিএম-সূৰজ) পৰ্টেল মুকলি কৰিব আৰু সুবিধা বঞ্চিত শ্ৰেণীৰ ১ লাখ উদ্যোগীক ঋণ সাহায্য মঞ্জুৰ কৰিব

প্ৰধানমন্ত্ৰীয়ে নমস্তে আঁচনিৰ অধীনত চাফাই মিত্ৰসকলক আয়ুষ্মান স্বাস্থ্য কাৰ্ড আৰু পিপিই কিট বিতৰণ কৰিব

এই কাৰ্যসূচীত ৫০০ খনতকৈও অধিক জিলাৰ বিভিন্ন চৰকাৰী আঁচনিৰ ৩ লাখতকৈও অধিক বঞ্চিত গোটৰ হিতাধিকাৰীসকলে অংশগ্ৰহণ কৰিব

Posted On: 12 MAR 2024 6:43PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ মাৰ্চ, ২০২৪ তাৰিখে আবেলি ৪ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বঞ্চিত শ্ৰেণীসমূহলৈ ঋণ সহায়ৰ বাবে দেশজুৰি প্ৰচাৰ কৰা এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ সামাজিক উন্নয়ন আৰু নিযুক্তি আধাৰিত জনকল্যাণ (প্ৰধানমন্ত্ৰী-সূৰজ)ৰ ৰাষ্ট্ৰীয় পৰ্টেল মুকলি কৰিব আৰু দেশৰ বঞ্চিত শ্ৰেণীৰ এক লাখ উদ্যোগীক ঋণ সাহায্য মঞ্জুৰ কৰিব। তদুপৰি, প্ৰধানমন্ত্ৰীয়ে অনুসূচীত জাতি, পিছপৰা শ্ৰেণী আৰু অনাময় কৰ্মীকে ধৰি সুবিধা বঞ্চিত গোটসমূহৰ বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব। তেওঁ অনুষ্ঠানটোত এখন ৰাজহুৱা সভাও সম্বোধন কৰিব।

বঞ্চিত শাখাসমূহক ঋণ সহায়ৰ বাবে প্ৰধানমন্ত্ৰী-সূৰজ ৰাষ্ট্ৰীয় পৰ্টেল, বঞ্চিতসকলক অগ্ৰাধিকাৰ দিয়াৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ প্ৰতীক। ই হৈছে এক পৰিৱৰ্তনশীল পদক্ষেপ, যাৰ উদ্দেশ্য হৈছে সমাজৰ আটাইতকৈ সুবিধা বঞ্চিত শ্ৰেণীবোৰক উন্নত কৰা। সমগ্ৰ দেশৰ বেংক, এনবিএফচি-এমএফআই আৰু অন্যান্য সংগঠনৰ জৰিয়তে যোগ্য ব্যক্তিসকলক ঋণ সাহায্য প্ৰদান কৰা হ'ব।

প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোৰ সময়ত ৰাষ্ট্ৰীয় যান্ত্ৰিক অনাময় ব্যৱস্থা (নমস্তে) আঁচনিৰ অধীনত চাফাই মিত্ৰসকলক (নৰ্দমা আৰু চেপ্টিক টেংক কৰ্মী) আয়ুষ্মান স্বাস্থ্য কাৰ্ড আৰু পিপিই কিট বিতৰণ কৰিব। প্ৰত্যাহ্বানজনক পৰিস্থিতিত কাম কৰা ফ্ৰণ্টলাইন কৰ্মীসকলৰ স্বাস্থ্য আৰু সুৰক্ষাৰ দিশত এই পদক্ষেপটো আন এক গুৰুত্বপূৰ্ণ প্ৰচেষ্টা।

বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা বঞ্চিত গোটৰ প্ৰায় ৩ লাখ হিতাধিকাৰীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, যিসকলে সমগ্ৰ দেশৰ ৫০০ খনতকৈও অধিক জিলাৰ পৰা এই কাৰ্যসূচীত যোগদান কৰিব।

 

*****

DS/LP/SKS/AA



(Release ID: 2014005) Visitor Counter : 55