মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

কাইলৈৰ পৰা (৯-২৩ মাৰ্চ) অনুষ্ঠিত হ’ব পোষণ পখৱাড়া ২০২৪

পোষণ ভি পাধাই ভি-ৰ বিষয়বস্তুৰ আলমত গণ সজাগতা আৰু সামূহিক কাৰ্যসূচী গ্ৰহণত গুৰুত্ব আৰোপ , গৰ্ভৱতী মহিলাৰ পুষ্টি তথা স্বাস্থ্য অটুট ৰখাৰ বাবে সজাগতামূলক বিষয়ত গুৰুত্ব দিয়া তথা নৱজাতক আৰু শিশুৰ আহাৰৰ সুষম পদ্ধতি (আইৱাইচিএফ) গ্ৰহণ কৰা

Posted On: 08 MAR 2024 8:37PM by PIB Guwahati

পুষ্টি আৰু পোষণ সম্পৰ্কীয় অভিযান পোষণ  পখৱাড়া- ২০২৪  কাইলৈ অৰ্থাৎ ৯  মাৰ্চৰ পৰা ২৩ মাৰ্চ, ২০২৪ লৈ অনুষ্ঠিত কৰা হ’ব । এই অভিযানৰ প্ৰধান উদ্দেশ্য হৈছে পুষ্টি আৰু পোষণৰ বিষয়ত   গণ সজাগতা  আৰু সামূহিক কাৰ্যসূচী আদি গ্ৰহণ কৰা। এইক্ষেত্ৰত  তলত উল্লেখ কৰা  বিষয়সমূহ  সামৰি লোৱা হ’ব :

ক) পোষণ ভি পধাই ভি (পিবিপিবি)-  শৈশৱকালৰ উন্নত প্ৰাৰম্ভিক যত্ন আৰু শিক্ষাৰ দিশত (ইচিচিই) গুৰুত্ব আৰোপ।

খ) পুষ্টি সম্পৰ্কীয় সজাগতাৰ অৰ্থে  জনজাতীয়, পৰম্পৰাগত, আঞ্চলিক আৰু স্থানীয় আহাৰ পদ্ধতিৰ বিষয়ত গুৰুত্ব আৰোপ ।

গ) গৰ্ভৱতী মহিলাৰ স্বাস্থ্য আৰু নৱজাতক তথা শিশুৰ আহাৰ  (আই.ৱাই.চি.এফ.) পদ্ধতিৰ বিষয়ত গুৰুত্ব আৰোপ।

ওপৰোক্ত বিষয়বোৰৰ উপৰি  ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু সংশ্লিষ্ট  অংশীদাৰী মন্ত্ৰালয়/ বিভাগবোৰে অন্যান্য গুৰুত্বপূৰ্ণ বিষয়ত   অতিৰিক্ত সজাগতা  সম্পৰ্কীয়  কাৰ্যসূচী  গ্ৰহণ  কৰিব পাৰে। তেনে কাৰ্যসূচীৰ ভিতৰত, যেনে- মিছন লিএফইৰ জৰিয়তে পুষ্টিৰ মান উন্নত কৰা (অংগনবাড়ী কেন্দ্ৰত  বৰষুণৰ পানী সংৰক্ষণৰ জৰিয়তে পানী সংৰক্ষণৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰা), মিলেট আৰু পোষণ ভাটিকাৰ  প্ৰসাৰৰ জৰিয়তে বহনক্ষম খাদ্য প্ৰণালী গ্ৰহণ কৰা আৰু আয়ুষৰ জৰিয়তে স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰা; পানী, অনাময় ব্যৱস্থা আৰু পৰিচ্ছন্নতা (ৱাছএইচ) তথা ডায়েৰিয়া ব্যৱস্থাপনাৰ বিষয়ত গুৰুত্ব আৰোপ ; অংগনবাড়ী কেন্দ্ৰত নামভৰ্তি কৰা শিশুৰ স্বাস্থ্য পৰীক্ষা, চিকিৎসা,  এনিমিয়া, স্বস্থ্য  বালক স্পৰ্ধা (এছবিএছ)আদিৰে শিশুৰ নিয়মীয়া বাঢ়ন পৰিমাপৰ ব্যৱস্থা  আদি নিশ্চিত কৰা।  লগতে  পোষণ অভিযানৰ আৰম্ভণিৰে পৰা ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল  আৰু সংশ্লিষ্ট অংশীদাৰী মন্ত্ৰালয়/বিভাগসমূহে পৰিচালনা কৰি অহা অন্যান্য সজাগতামূলক  কাৰ্যসূচী গ্ৰহণৰ  দিহা কৰা।

২০২৩ চনৰ মাৰ্চ-এপ্ৰিল মাহত অনুষ্ঠিত হোৱা অন্তিম পোষণ পখৱাড়াত, ৪ কোটিতকৈও অধিক সজাগতামূলক কাৰ্যসূচী   সম্পাদন কৰা  হৈছিল।  সেই সময়ত  পুষ্টিগত সুস্থতাৰ বাবে শ্ৰী অন্ন / বাজৰাৰ প্ৰচাৰ আৰু জনপ্ৰিয়কৰণ, স্বস্থ্য বালক স্পৰ্ধা (এছবিএছ)ৰ উদযাপন আৰু সক্ষম অংগনৱাড়ীৰ  জনপ্ৰিয়কৰণৰ বিষয় আদিত   গুৰুত্ব আৰোপ কৰা হৈছিল।

এতিয়ালৈকে, ৫ টা পোষণ পখৱাড়া আৰু ৬ টা পোষণ মাহৰ জৰিয়তে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু সংশ্লিষ্ট অংশীদাৰ মন্ত্ৰালয়/বিভাগৰ দ্বাৰা ৯০  কোটিতকৈও অধিক সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

সক্ষম অংগনৱাড়ী আৰু মিছন পোষণ  ২.০-ৰ এটা মুখ্য উদ্দেশ্য হৈছে  জনতাৰ অংশগ্ৰহণৰ  জৰিয়তে ব্যক্তিগত আৰু সামূহিক স্তৰত পুষ্টি সম্পৰ্কীয় পৰিৱৰ্তন সাধন কৰা। স্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু এই বিষয়ত  গণ সজাগতা সৃষ্টি কৰিবলৈ  ২০১৮ চনত পোষণ অভিযান আৰম্ভ হোৱাৰে পৰা এই  জন আন্দোলন প্ৰতি বছৰে পোষণ পখৱাড়া আৰু পোষণ মাহৰ ৰূপত উদযাপন কৰি অহা হৈছে।

 

 

*****

 

SS/AKS/DM


(Release ID: 2012907) Visitor Counter : 1385


Read this release in: Hindi , English , Urdu , Telugu