গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

মোদী চৰকাৰে কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণৰ ভয়ংকৰ মাষ্টাৰমাইণ্ড মহম্মদ কাছিম গুজ্জাৰ ওৰফে ছলমান ওৰফে চুলেমানক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰে

লস্কৰ-ই-তইবাৰ অপাৰেটিভ মহম্মদ কাছিম গুজ্জাৰ কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণৰ জৰিয়তে বহু লোকৰ মৃত্যুৰ বাবে দায়ী আৰু ভাৰতৰ বিৰুদ্ধে যুদ্ধ পৰিকল্পনাত জড়িত হৈ আহিছে

দেশৰ ঐক্য আৰু অখণ্ডতাৰ বিৰোধী কাম-কাজত জড়িত থকা যিকোনো লোকৰে কঠোৰভাৱে মোকাবিলা কৰা হ’ব

प्रविष्टि तिथि: 07 MAR 2024 5:18PM by PIB Guwahati

কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণৰ ভয়ংকৰ মাষ্টাৰমাইণ্ড মহম্মদ কাছিম গুজ্জাৰ ওৰফে ছলমান ওৰফে চুলেমানক ডেজিগনেটেড সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছে মোদী চৰকাৰে।

এক্স প্লেটফৰ্মত এটা পোষ্টত, গৃহমন্ত্ৰীৰ কাৰ্যালয়ে কয় যে “মোদী চৰকাৰে কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণৰ ভয়ংকৰ মাষ্টাৰমাইণ্ড মহম্মদ কাছিম গুজ্জাৰ ওৰফে ছলমান ওৰফে চুলেমানক নিৰ্দিষ্ট (ডেজিগনেটেড) সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছে। লস্কৰ-ই-তৈবা (লেট)ৰ এজন অপাৰেটিভ মহম্মদ কাছিম গুজ্জাৰে সন্ত্ৰাসবাদী আক্ৰমণৰ দ্বাৰা বহু লোকক নিধন আৰু আহত কৰাৰ লগতে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ পৰিকল্পনাত জড়িত হৈ আছে। ৰাষ্ট্ৰৰ ঐক্য আৰু অখণ্ডতাৰ বিৰোধী কাম-কাজত জড়িত হৈ থকা যিকোনো লোকক নিৰ্দয়ভাৱে মোকাবিলা কৰা হ’ব।”

**********

RK / VV / ASH / PS


(रिलीज़ आईडी: 2012437) आगंतुक पटल : 131
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Gujarati