উপ-ৰাষ্ট্ৰপতি সচিবালয়

২৬ ফেব্ৰুৱাৰীত মিজোৰামৰ আইজল ভ্ৰমণ কৰিব উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে

মিজোৰাম বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক সমাৱৰ্তনত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব উপৰাষ্ট্ৰপতিগৰাকী

উপ-ৰাষ্ট্ৰপতিয়ে নৱম মিজোৰাম বিধান সভাত ভাষণ প্ৰদান কৰিব

Posted On: 24 FEB 2024 1:51PM by PIB Guwahati

২৪ ফেব্ৰুৱাৰীত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখড়ে এদিনীয়া ভ্ৰমণসূচীৰে মিজোৰামৰ আইজলত উপস্থিত হ'ব। এই ভ্ৰমণকালত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে মিজোৰাম বিশ্ববিদ্যালয়ৰ অষ্টদশ সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব। লগতে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আইজলত নৱম মিজোৰাম বিধান সভাতো ভাষণ প্ৰদান কৰিব। দিনজোৰা কাৰ্যসূচীত শ্ৰী ধনখড়ে আইজলৰ ৰাজভৱনো ভ্ৰমণ কৰিব।

***

MS/JK/RC/AR

 



(Release ID: 2008580) Visitor Counter : 72