কেবিনেট

‘মহিলা সুৰক্ষা’ৰ সন্দৰ্ভত সংহত আঁচনি ৰূপায়ণৰ প্ৰস্তাৱত কেবিনটৰ অনুমোদন

Posted On: 21 FEB 2024 10:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ২০২১-২২ৰ পৰা ২০২৫-২৬ চনলৈকে মুঠ ১১৭৯.৭২ কোটি টকা ব্যয়ৰে ‘মহিলাৰ সুৰক্ষা’ৰ সংহত আঁচনিখন ৰূপায়ণ বাহাল ৰাখিবলৈ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰস্তাৱত অনুমোদন জনায়।

মুঠ প্ৰকল্প ব্যয় ১১৭৯.৭২ কোটি টকাৰ ভিতৰত মুঠ ৮৮৫.৪৯ কোটি টকা গৃহ মন্ত্ৰালয়ে ইয়াৰ বাজেটৰ পৰা আৰু ২৯৪.২৩ কোটি টকা নিৰ্ভয়া পুঁজিৰ পৰা আগবঢ়াব।

এখন দেশত মহিলাৰ সুৰক্ষা কঠোৰ আইনৰ জৰিয়তে কঠোৰ প্ৰতিকাৰ, ফলপ্ৰসূ ন্যায়ৰ প্ৰদান, অভিযোগৰ সময়মতে সমাধান আৰু ভুক্তভোগীসকলৰ বাবে সহজলভ্য প্ৰতিষ্ঠানিক সমৰ্থন কাঠামো আদি কেইবাটাও কাৰকৰ এক ফল। ভাৰতীয় দণ্ডবিধিৰ সংশোধনীৰ জৰিয়তে নাৰীৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় গোচৰত কঠোৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰা হৈছে৷

মহিলাৰ সুৰক্ষাৰ দিশত কৰা প্ৰচেষ্টাত ভাৰত চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সহযোগত কেইবাটাও প্ৰকল্প আৰম্ভ কৰিছে। এই প্ৰকল্পসমূহৰ উদ্দেশ্যসমূহৰ ভিতৰত আছে মহিলাৰ বিৰুদ্ধে অপৰাধৰ গোচৰত সময়মতে হস্তক্ষেপ আৰু তদন্ত নিশ্চিত কৰাৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত ব্যৱস্থা শক্তিশালী কৰা আৰু এনে ক্ষেত্ৰত তদন্ত আৰু অপৰাধ প্ৰতিৰোধৰ ক্ষেত্ৰত অধিক দক্ষতা নিশ্চিত কৰা।

ভাৰত চৰকাৰে "মহিলাৰ সুৰক্ষা"ৰ সংহত আঁচনিৰ অধীনত তলত দিয়া প্ৰকল্পসমূহ বাহাৰ ৰখাৰ প্ৰস্তাৱ আগবঢ়াইছেঃ

i. ১১২ জৰুৰীকালীন সঁহাৰি সমৰ্থন ব্যৱস্থাপ্ৰণালী (ERSS) 2.0;

ii. ৰাষ্ট্ৰীয় ফৰেনছিক তথ্য কেন্দ্ৰ স্থাপনকে ধৰি কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰৰ উন্নীতকৰণ;

iii. ৰাজ্যিক ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ (এফএছএল)ত ডিএনএ বিশ্লেষণ, চাইবাৰ ফৰেনছিক ক্ষমতা শক্তিশালী কৰা;

iv. মহিলা আৰু শিশুৰ বিৰুদ্ধে চাইবাৰ অপৰাধ প্ৰতিৰোধ;

মহিলা আৰু শিশুৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ  চম্ভালিবলৈ তদন্তকাৰী আৰু অভিযুক্তসকলৰ সামৰ্থ্য বিকাশ আৰু প্ৰশিক্ষণ; আৰু

vi. মহিলা হেল্প ডেস্ক আৰু মানৱ সৰবৰাহৰ বিৰোধী ইউনিট।

 

***

DS/SKS/DB



(Release ID: 2008260) Visitor Counter : 55