তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ভাৰতৰ কমিউনিটি ৰেডিঅ'ৰ ২০সংখ্যক বৰ্ষপূৰ্তি উদযাপন

Posted On: 12 FEB 2024 5:00PM by PIB Guwahati

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ভাৰতৰ কমিউনিটি ৰেডিঅ’ৰ ২০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে ১৩ আৰু ১৪ ফেব্ৰুৱাৰীত চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ত আঞ্চলিক সামূহিক ৰেডিঅ’ সন্মিলন (দক্ষিণ) আয়োজন কৰিছে। দক্ষিণ ৰাজ্য/সংঘ শাসিত অঞ্চলৰ সকলো ১১৭টা কমিউনিটি ৰেডিঅ’ ষ্টেচনে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

এই উপলক্ষে মাননীয় তথ্য, সম্প্ৰচাৰ, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে ভাষণ প্ৰদান কৰিব। তথ্য আৰু সম্প্ৰচাৰ আৰু মীন, পশুপালন আৰু দুগ্ধ বিভাগৰ সন্মানীয় ৰাজ্যিক মন্ত্ৰী ড. মুৰুগানে সভাক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব। 

 সন্মিলনৰ সময়ত কমিউনিটি ৰেডিঅ’ খণ্ডক উৎসাহিত কৰাৰ লক্ষ্যৰে কিছু নীতিগত পৰিৱৰ্তনৰ কথাও মাননীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে,  ২০০২ চনত ভাৰতত কমিউনিটি ৰেডিঅ’ৰ যাত্ৰা আৰম্ভ হৈছিল। ভাৰত চৰকাৰে আই আই টি/আই আই এমকে ধৰি বিভিন্ন  শিক্ষানুষ্ঠানত কমিউনিটি ৰেডিঅ’ ষ্টেচন স্থাপনৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদানৰ নীতিত অনুমোদন জনাইছিল। কমিউনিটি ৰেডিঅ'সমূহে সম্প্ৰদায়ৰ কণ্ঠক প্ৰতিনিধিত্ব কৰে, সেই কথা গুৰুত্ব প্ৰদান কৰি চৰকাৰে নাগৰিক সমাজ আৰু স্বেচ্ছাসেৱী সংগঠনক নিজৰ পৰিসৰৰ ভিতৰলৈ অনাৰ সিদ্ধান্ত লয় যাতে উন্নয়ন আৰু সামাজিক যাতে পৰিৱৰ্তনৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত নাগৰিক সমাজৰ অধিক অংশগ্ৰহণ নিশ্চিত কৰিব পাৰে। 

 ২০০৪ চনৰ ১ ফেব্ৰুৱাৰীত ভাৰতৰত্ন শ্ৰী লাল কৃষ্ণ আদবানী জীয়ে প্ৰথমটো সামূহিক অনাতাঁৰ কেন্দ্ৰৰ উদ্বোধন কৰে। এই যাত্ৰাই গতি লাভ কৰে যেতিয়া অন্যান্য সম্প্ৰদায়ভিত্তিক সংগঠনকো কমিউনিটি ৰেডিঅ' ষ্টেচন স্থাপন কৰিবলৈ অনুমতি প্ৰদান কৰা হয়।

বিগত বছৰসমূহত চৰকাৰে সমগ্ৰ আৱেদন দাখিল প্ৰক্ৰিয়া অনলাইন কৰি এই ক্ষেত্ৰত কামসমূহ সহজ কৰি তুলিবলৈ কেইবাটাও সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ফলত কমিউনিটি ৰেডিঅ’ষ্টেচনৰ সংখ্যা ৪৮১টালৈ বৃদ্ধি পাইছে, ইয়াৰে ১৫৫টা ষ্টেচন বিগত দুটা বছৰৰ ভিতৰত মুকলি কৰা হৈছে। বিগত ৯ বছৰত এই খণ্ডত যথেষ্ট অগ্ৰগতি হৈছে। ২০১৪ চনত কমিউনিটি ৰেডিঅ’ ষ্টেচনৰ সংখ্যা ১৪০ৰ পৰা ২০২৩ চনত ৪৮১টালৈ বৃদ্ধি পাইছে। ১৩ ফেব্ৰুৱাৰীত “বিশ্ব ৰেডিঅ’ দিৱস” উপলক্ষে এই আঞ্চলিক সন্মিলনখন উদ্বোধন কৰা হৈছে।

কমিউনিটি ৰেডিঅ’ হৈছে সম্প্ৰচাৰ খণ্ডৰ তৃতীয় স্তৰৰ জনসেৱা ৰেডিঅ। সম্প্ৰচাৰ আৰু বাণিজ্যিক ৰেডিঅ’ৰ পৰা এই ৰেডিঅ' কিছু পৃথক। কমিউনিটি ৰেডিঅ' ষ্টেচন (CRS) হৈছে স্থানীয় সম্প্ৰদায়ৰ দ্বাৰা স্থাপন আৰু  কম শক্তিৰ দ্বাৰা পৰিচালিত ৰেডিঅ' ষ্টেচন।

কমিউনিটি ৰেডিঅ’ই স্বাস্থ্য, পুষ্টি, শিক্ষা, কৃষি আদিৰ লগত জড়িত বিষয়সমূহৰ ওপৰত স্থানীয় জনগোষ্ঠীৰ মাজত স্থানীয় কণ্ঠ সম্প্ৰচাৰৰ বাবে এক মঞ্চ প্ৰদান কৰে। কেৱল এয়াই নহয়, সমাজৰ প্ৰান্তীয় শ্ৰেণীসমূহেও নিজৰ ভাৱ প্ৰকাশ কৰাৰ এক শক্তিশালী মাধ্যম হৈছে কমিউনিটি ৰেডিঅ'। তদুপৰি যিহেতু ই স্থানীয় ভাষা আৰু উপভাষাত সম্প্ৰচাৰিত হয়, গতিকে মানুহে ইয়াৰ সৈতে ই নিমিষতে সংযোগ স্থাপন কৰে।

কমিউনিটি ৰেডিঅ’ৰ সামগ্ৰিক দৃষ্টিভংগীৰ জৰিয়তে উন্নয়নমূলক কাৰ্যসূচীত জনসাধাৰণৰ অংশগ্ৰহণ শক্তিশালী কৰাৰ সম্ভাৱনা আছে। ভাৰতৰ দৰে এখন দেশত, য’ত প্ৰতিখন ৰাজ্যৰ নিজস্ব ভাষা আৰু সুকীয়া সাংস্কৃতিক পৰিচয় আছে, কমিউনিটি ৰেডিঅ'ক স্থানীয় লোকসংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ ভঁৰাল বুলিও ক'ব পাৰি। বহুতো কমিউনিটি ৰেডিঅ'ই ভৱিষ্যতৰ বাবে স্থানীয় গীত ৰেকৰ্ডিং কৰি সংৰক্ষণ কৰে আৰু স্থানীয় শিল্পীসকলক সমাজৰ আগত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ এক মঞ্চ প্ৰদান কৰে। ইতিবাচক সামাজিক পৰিৱৰ্তনৰ আহিলা হিচাপে কমিউনিটি ৰেডিঅ'ৰ অনন্য অৱদানে ইয়াক সম্প্ৰদায় সৱলীকৰণৰ বাবে এক আদৰ্শ আহিলা কৰি তুলিছে।

 

***********

Saurabh Singh/AR



(Release ID: 2007727) Visitor Counter : 51