উপ-ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

অৰুণাচল প্ৰদেশৰ জীৱনশৈলী প্ৰকৃতি আৰু পৰিস্থিতি বিজ্ঞানৰ সংৰক্ষণৰ সৈতে সহাৱস্থানৰ উত্তম উদাহৰণ; আমি সকলোৱে ইয়াক অনুকৰণ কৰিব লাগে, ক’লে উপ ৰাষ্ট্ৰপতিয়ে

উত্তৰ-পূৰ্বাঞ্চল অবিহনে ভাৰতৰ সাংস্কৃতিক গাঁথনি অসম্পূৰ্ণ, উপ-ৰাষ্ট্ৰপতিয়ে দৃঢ়তাৰে কয়

উপ-ৰাষ্ট্ৰপতিয়ে উত্তৰ-পূৰ্বাঞ্চলত আন্তঃগাঁথনি আৰু পথ, ৰে’ল, বিমান সংযোগ বৃদ্ধিৰ বিষয়ত আলোকপাত কৰি কয় যে ই 'ভাৰতৰ পৰিৱৰ্তনশীল দৃশ্যপট'ক প্ৰতিফলিত কৰিছে।

অৰুণাচলৰ জৈৱিক উৎপাদন ইয়াৰ বিশুদ্ধতাৰ বাবে জনাজাত, এইবোৰৰ বৃহৎ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ আছে – উপ-ৰাষ্ট্ৰপতি

অপূৰ্ব সুন্দৰ প্ৰাকৃতিক দৃশ্য , কুঁৱলীৰে আবৰা পৰ্বত, সেউজীয়া অৰণ্যই অৰুণাচল প্ৰদেশক পৰ্যটকৰ বাবে এক আকৰ্ষণীয় গন্তব্যস্থল কৰি তুলিছে, উপ-ৰাষ্ট্ৰপতিয়ে এই কথা প্ৰশংসা কৰে

ভঙ্গুৰ পাঁচৰ পৰা শীৰ্ষ পাঁচলৈ: উপ-ৰাষ্ট্ৰপতিয়ে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ গতিপথৰ বিষয়ে অৱলোকন কৰে

Posted On: 20 FEB 2024 5:54PM by PIB Guwahati

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখৰে দেশৰ  সকলো নাগৰিকক অৰুণাচল প্ৰদেশৰ লোকসকলে  অব্যাহত ৰখা  পাৰিপাৰ্শ্বিক সংৰক্ষণৰ দৃষ্টিভংগী অনুকৰণ কৰিবলৈ আহ্বান জনায়। তেওঁ এইদৰে কয় : "অৰুণাচল প্ৰদেশৰ লোকসকলৰ  জীৱনশৈলীয়ে প্ৰকৃতিৰ সৈতে সহাৱস্থানৰ উদাহৰণ দাঙি ধৰে।" অৰুণাচল প্ৰদেশক "ভাৰতৰ সূক্ষ্ম বিশ্ব" বুলি অভিহিত কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যখনৰ মনোৰম প্ৰাকৃতি সৌন্দৰ্যৰ প্ৰশংসা কৰে আৰু ইয়াৰ অপূৰ্ব সুন্দৰ প্ৰাকৃতিক দৃশ্য , কুঁৱলীৰে আবৰা পৰ্বত, সেউজীয়া অৰণ্যই অৰুণাচল প্ৰদেশক পৰ্যটকৰ বাবে এক আকৰ্ষণীয় গন্তব্যস্থল কৰি তুলিছে বুলি কয়।

 

২০ ফেব্ৰুৱাৰীত ইটানগৰত অৰুণাচল প্ৰদেশৰ ৩৮ সংখ্যক ৰাজ্যিক দিৱস উদযাপনত ভাষণ প্ৰদান কৰি উপ-ৰাষ্ট্ৰপতিয়ে বিশ্বাসযোগ্যতা আৰু বিশুদ্ধতাৰ বাবে বিশ্বই ৰাজ্যখনৰ জৈৱিকভাবে  উৎপাদিত সামগ্ৰীৰ  প্ৰশংসা কৰি আহিছে বুলি কয়। এনে উৎপাদিত সামগ্ৰীৰ বাবে বৃহৎ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ থকাৰ  কথা স্বীকাৰ কৰি শ্ৰী ধনখৰে এই বিষয়ত  দৃঢ় বিশ্বাস ব্যক্ত কৰে যে চৰকাৰী আঁচনিসমূহ অধিক সক্ৰিয় কৰি তুলিলে এনে সম্পদসমূহৰ  প্ৰসাৰ আৰু অধিক সম্প্ৰসাৰিত হ'ব।

 

উত্তৰ-পূবৰ আঠখন ৰাজ্য বা 'অষ্টলক্ষ্মী'ক "ভাৰতৰ ৰত্ন" বুলি উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতিয়ে এই বিষয়ত গুৰুত্ব আৰোপ কৰে যে  উত্তৰ-পূব অঞ্চল অবিহনে ভাৰতৰ সাংস্কৃতিক গাঁথনি অসম্পূৰ্ণ হৈ ৰ’ব। অঞ্চলটোত আন্তঃগাঁথনি আৰু পথ, ৰে'ল আৰু বিমান সংযোগৰ ক্ষেত্ৰত "অভূতপূৰ্ব আৰু দ্ৰুত গতিত উন্নয়ন " হোৱাৰ কথা উল্লেখ কৰি শ্ৰী ধনখৰে কয় যে এই ফলাফলসমূহে "ভাৰতৰ পৰিৱৰ্তনশীল দৃশ্যপট"ৰ লগতে সহযোগিতামূলক গণৰাজ্যৰ মনোভাৱ প্ৰতিফলিত কৰিছে।

 

ভাৰত 'ভঙ্গুৰ পাঁচ' অৰ্থনীতিৰ ভিতৰৰে  এখন হোৱাৰ পৰা এতিয়া  'শীৰ্ষ পাঁচ' লৈ যাত্ৰা কৰাৰ কথা উল্লেখ্য কৰি উপ-ৰাষ্ট্ৰপতিয়ে বিশ্বৰ দেশসমূহৰ মাজত ভাৰতৰ বৰ্ধিত মৰ্যাদাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। জি-২০ ৰ ভাৰতৰ নেতৃত্বৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰী ধনখৰে কয় যে ভাৰতৰ সভাপতিত্বৰকালত ইটানগৰত অনুষ্ঠিত জি-২০ গৱেষণা আৰু উদ্ভাৱন উদ্যোগ সমাৱেশে ৰাজ্যখনৰ বিশাল  সম্ভাৱনাৰ কথা  বিশ্বৰ সন্মুখত উন্মোচন কৰিছে।

 

শেহতীয়া বছৰবোৰত পদ্ম বঁটাৰে সন্মানিত হোৱা অৰুণাচল প্ৰদেশৰ ব্যক্তিসকলক প্ৰশংসা কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে কোনো পৃষ্ঠপোষকতা বা স্বজনতোষণ অবিহনে বৰ্তমানৰ পৰিবেশত তেওঁলোকৰ প্ৰতিভাৰ বাবে যোগ্যসকলক স্বীকৃতি দিয়া হৈছে। তেওঁ যুৱসকলক ভাৰতক "বিকশিত Bharat@2047"ৰ সপোন পূৰণৰ   দিশত  চলি থকা নিৰন্তৰ যাত্ৰাৰ অংশীদাৰ হ’বলৈ আহ্বান জনায়।

 

অনুষ্ঠানটোত অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল কাইৱালিয়া ত্ৰিবিক্ৰম পাৰনায়েক (অৱসৰপ্ৰাপ্ত); অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডু; কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজু; অৰুণাচল  প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী শ্ৰী চউনা মে; সাংসদ (ৰাজ্যসভা), শ্ৰীমতী এছ ফাংনন কন্যাক;  অৰুণাচল প্ৰদেশ বিধানসভাৰ অধ্যক্ষ শ্ৰী পাচাং দৰ্জী সোনা আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।

 

উপ-ৰাষ্ট্ৰপতিৰ ভাষণৰ পাঠ ইয়াত উপলব্ধ


(Release ID: 2007716)
Read this release in: English , Urdu , Hindi , Tamil