তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে গণতন্ত্ৰ দিৱসত ৪৫০ ৰো অধিক বিশেষ আমন্ত্ৰিত ব্য়ক্তিক সম্বৰ্ধনা জনায়

प्रविष्टि तिथि: 26 JAN 2024 8:30PM by PIB Guwahati

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰে আজি কৰ্তব্য পথত ৭৫ সংখ্যক গণতন্ত্ৰ দিৱসৰ কুচকাৱাজত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ৪৫০ তকৈও অধিক বিশেষ আমন্ত্ৰিত ব্য়ক্তিক সাক্ষাৎ কৰে। ৰাষ্ট্ৰ নিৰ্মাণত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱৰ উপস্থিতিত সমগ্ৰ দেশৰ এই আমন্ত্ৰিত ব্য়ক্তিসকলক শ্ৰী ঠাকুৰে সম্বৰ্ধনা জনায়।

পদ্ম বঁটা বিজয়ীও থকা আমন্ত্ৰিত ব্য়ক্তিসকলে পৰিৱেশ, পৰম্পৰাগত কলা আৰু সংস্কৃতিৰ সংৰক্ষণ, সমাজৰ নিম্ন স্তৰৰ উন্নতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।

আমন্ত্ৰিত ব্য়ক্তিসকলৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰি শ্ৰী ঠাকুৰে কয় যে তেওঁলোকৰ ভিতৰৰে কিছুলোক কেতিয়াও দিল্লীলৈ অহা নাছিল কিন্তু আজি তেওঁলোকক প্ৰধানমন্ত্ৰীৰ বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে। শ্ৰী ঠাকুৰে লগতে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মন কি বাতত তেওঁলোকৰ কথা উল্লেখ কৰিছে আৰু তেওঁলোকক এইদৰে আমন্ত্ৰণ কৰাটো হৈছে চৰকাৰৰ চিন্তাধাৰা সৱল কৰা বিভিন্ন চিন্তা প্ৰক্ৰিয়াৰ প্ৰদৰ্শন।

অতিথিসকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকৰ কাম আৰু অৱদান আজি তেওঁলোকৰ পৰিচয় হৈ পৰিছে। তেওঁ কৈছিল যে তেওঁ কোনো পুৰস্কাৰ পাবলৈ কাম কৰা নাছিল কিন্তু ভাৰতৰ বিকাশত অৰিহণা যোগাইছিল। মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে যে এই স্বীকৃতিয়ে এই লোকসকলক তেওঁলোকৰ ক্ষেত্ৰত অধিক উন্নতি কৰিবলৈ উৎসাহিত কৰিব।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱে কয় যে প্ৰধানমন্ত্ৰীয়ে দেশক আগুৱাই নিয়াৰ ক্ষেত্ৰত ভাৰতৰ সাধাৰণ লোকসকলৰ অৱদান আৰু ৰাষ্ট্ৰ নিৰ্মাণত তেওঁলোকৰ ভূমিকাৰ কথা স্বীকাৰ কৰিছে।

*****

SS/AA


(रिलीज़ आईडी: 2007546) आगंतुक पटल : 113
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Punjabi , Gujarati