প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২৫ জানুৱাৰীত বুলন্দচহৰ আৰু জয়পুৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
জয়পুৰত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি এমানুৱেল মেক্ৰনক আদৰণি জনাব প্ৰধানমন্ত্ৰীয়ে
বুলন্দচহৰত ১৯,১০০ কোটিৰো অধিক টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
ৰে’ল, পথ, তেল আৰু গেছ আৰু নগৰ উন্নয়ন আৰু গৃহ নিৰ্মাণৰ সৈতে জড়িত একাধিক প্ৰকল্প উদ্বোধন আৰু ৰাষ্ট্ৰৰ নাম উচৰ্গা কৰিব
পিএম-গতিশক্তিৰ সৈতে সংগতি ৰাখি গ্ৰেটাৰ নয়ডাত সংহত ঔদ্যোগিক টাউনশ্বিপক ৰাষ্ট্ৰৰ নামত কৰিব প্ৰধানমন্ত্ৰীয়ে
Posted On:
24 JAN 2024 5:17PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ জানুৱাৰীত উত্তৰপ্ৰদেশৰ বুলন্দচহৰ আৰু ৰাজস্থানৰ জয়পুৰ ভ্ৰমণ কৰিব। প্ৰায় ১:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে বুলন্দশহৰত ১৯,১০০ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব। প্ৰকল্পসমূহ ৰে’ল, পথ, তেল আৰু গেছ আৰু নগৰ উন্নয়ন আৰু গৃহ নিৰ্মাণৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ খণ্ডৰ সৈতে জড়িত।
বিয়লি প্ৰায় ৫:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে জয়পুৰত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি এমানুৱেল মেক্ৰ’ক আদৰণি জনাব। ৰাষ্ট্ৰপতি এমানুৱেল মেক্ৰ’ৰ সৈতে প্ৰধানমন্ত্ৰীয়ে মহানগৰীৰ যন্তৰ মন্তৰ, হাৱা মহলকে ধৰি বিভিন্ন সাংস্কৃতিক আৰু ঐতিহাসিক তাৎপৰ্যপূৰ্ণ স্থান পৰিদৰ্শন কৰিব।
উত্তৰপ্ৰদেশৰ বুলন্দচহৰত অনুষ্ঠিত হ’বলগীয়া এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে দুয়োটা ষ্টেচনৰ পৰা মালবাহী ৰে’লসমূহক ফ্লেগ অফ কৰি ডেডিকেটেড ফ্ৰেইট কৰিডৰ (ডিএফচি)ত নিউ খুৰ্জা-নিউ ৰেৱাৰীৰ মাজৰ ১৭৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ডাবল লাইন বিদ্যুৎচালিত অংশটো ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব। এই নতুন ডিএফচি অংশটো গুৰুত্বপূৰ্ণ কাৰণ ই পশ্চিম আৰু পূবৰ ডিএফচিসমূহৰ মাজত গুৰুত্বপূৰ্ণ সংযোগ স্থাপন কৰে। তদুপৰি এই খণ্ডটো অভিযান্ত্ৰিকতাৰ উল্লেখযোগ্য কৃতিত্বৰ বাবেও পৰিচিত। ইয়াত ‘উচ্চ উত্থানৰ বিদ্যুতীকৰণৰ সৈতে এক কিলোমিটাৰ দীঘল দ্বৈত লাইন ৰে’ল সুৰংগ’ আছে, যিটো বিশ্বৰ ভিতৰতে প্ৰথম। এই সুৰংগটো ডাবল ষ্টেক কণ্টেইনাৰ ৰে’ল নিৰৱচ্ছিন্নভাৱে চলাব পৰাকৈ ডিজাইন কৰা হৈছে। এই নতুন ডিএফচি শিতানে ডিএফচি ট্ৰেকত মালবাহী ৰে’ল চলাচলৰ বাবে যাত্ৰীবাহী ৰে’লৰ পৰিচালনা উন্নত কৰাত সহায় কৰিব।
প্ৰধানমন্ত্ৰীয়ে মথুৰা-পালৱাল অংশ আৰু চিপিয়ানা বুজুৰ্গ-দাদ্ৰী অংশ সংযোগ কৰা চতুৰ্থ লাইনো ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব। এই নতুন লাইনসমূহে ৰাষ্ট্ৰীয় ৰাজধানীখনৰ দক্ষিণ পশ্চিম আৰু পূব ভাৰতৰ সৈতে ৰে’ল সংযোগ উন্নত কৰিব।
প্ৰধানমন্ত্ৰীয়ে একাধিক পথ উন্নয়ন প্ৰকল্প দেশৰ নামত উচৰ্গা কৰিব। প্ৰকল্পসমূহৰ ভিতৰত আলিগড়ৰ পৰা ভাদৱাছলৈ ফৰলেনিং ৱৰ্ক পেকেজ-১ (৩৪নং ৰাষ্ট্ৰীয় ঘাইপথৰ আলিগড়-কানপুৰ অংশৰ অংশ); মীৰাটৰ পৰা শ্বামলি হৈ কৰ্ণাল সীমান্তলৈ বহল কৰা (নঃ এইচ-৭০৯এ); আৰু ৰাষ্ট্ৰীয় ঘাইপথ-৭০৯ এডি পেকেজ-II ৰ শামলী-মুজাফ্ফৰনগৰ অংশৰ ফৰলেনিং পথ প্ৰকল্পসমূহ উল্লেখযোগ্য। ৫,০০০কোটিতকৈ অধিক সঞ্চিত ব্যয়ৰে নিৰ্মাণ কৰা এই পথ প্ৰকল্পসমূহে সংযোগৰ উন্নতি সাধন কৰিব আৰু অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নত সহায় কৰিব।
এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ইণ্ডিয়ান অইলৰ টুণ্ডলা-গাৱৰিয়া পাইপলাইনো উদ্বোধন কৰিব। প্ৰায় ৭০০ কোটি টকা ব্যয়ৰে নিৰ্মিত এই ২৫৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পাইপলাইন প্ৰকল্পটো নিৰ্ধাৰিত সময়ৰ বহু আগতেই সম্পূৰ্ণ হৈছে। এই প্ৰকল্পই মথুৰা আৰু টুণ্ডলাত পাম্পিং সুবিধা আৰু টুণ্ডলা, লক্ষ্ণৌ আৰু কানপুৰত ডেলিভাৰীৰ সুবিধাৰে টুণ্ডলাৰ পৰা বাৰাউনী-কানপুৰ পাইপলাইনৰ গাৱৰিয়া টি-পইণ্টলৈ পেট্ৰলিয়াম সামগ্ৰী পৰিবহণত সহায় কৰিব।
প্ৰধানমন্ত্ৰীয়ে ‘গ্ৰেটাৰ নয়দা সংহত ঔদ্যোগিক টাউনশ্বিপো ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব৷ পিএম-গতিশক্তিৰ অধীনত আন্তঃগাঁথনি সংযোগ প্ৰকল্পৰ সংহত পৰিকল্পনা আৰু সমন্বিত ৰূপায়ণৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ইয়াৰ উন্নয়ন সাধন কৰা হৈছে। ১,৭১৪ কোটি টকাৰ ব্যয়সাপেক্ষ এই প্ৰকল্পটো ৭৪৭ একৰ এলেকাজুৰি বিস্তৃত আৰু ইয়াৰ দক্ষিণে ইষ্টাৰ্ণ পেৰিফেৰেল এক্সপ্ৰেছৱে আৰু পূবে দিল্লী-হাওৰা ব্ৰড গজ ৰে’লপথৰ সৈতে ইষ্টাৰ্ণ আৰু ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিডৰৰ সংযোগস্থলৰ ওচৰত অৱস্থিত। আইআইটিজিএনৰ কৌশলগত অৱস্থানে অতুলনীয় সংযোগ নিশ্চিত কৰে কাৰণ মাল্টি মডেল সংযোগৰ বাবে অন্যান্য আন্তঃগাঁথনি এই প্ৰকল্পৰ ওচৰত উপস্থিত আছে৷ নয়ডা-গ্ৰেটাৰ নয়ডা এক্সপ্ৰেছৱে (৫ কিলোমিটাৰ), যমুনা এক্সপ্ৰেছৱে (১০ কিলোমিটাৰ), দিল্লী বিমানবন্দৰ (৬০ কিলোমিটাৰ), জেৱাৰ বিমানবন্দৰ (৪০ কিলোমিটাৰ), আজাইবপুৰ ৰে’লৱে ষ্টেচন (০.৫ কিলোমিটাৰ) আৰু নিউ দাদ্ৰী ডিএফচিচি ষ্টেচন (১০ কিলোমিটাৰ)। এই প্ৰকল্পটোৱে অঞ্চলটোৰ ঔদ্যোগিক বৃদ্ধি, অৰ্থনৈতিক সমৃদ্ধি আৰু বহনক্ষম উন্নয়নক লাভান্বিত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত কৰিছে।
এই কার্যসূচীৰ সময়ত প্রধানমন্ত্রীয়ে প্রায় ৪৬০ কোটি টকা ব্যয় সাপেক্ষে নলা পৰিশোধন প্লাণ্ট (এছটিপি) নির্মাণকে ধৰি সংস্কাৰিত মথুৰা নলা আঁচনিও উদ্বোধন কৰিব৷ এই কামৰ ভিতৰত আছে মাছানীত ৩০ এমএলডি এছটিপি নিৰ্মাণ, ট্ৰেন্স ইয়ামুনাত বৰ্তমানৰ ৩০ এমএলডি আৰু মাছানীত ৬.৮ এমএলডি এছটিপি পুনৰ্বাসন আৰু ২০ এমএলডি টিটিআৰঅ’ প্লাণ্ট (টাৰ্চিয়েৰী ট্ৰিটমেণ্ট এণ্ড ৰিভাৰ্ছ অস্মোছিছ প্লাণ্ট) নিৰ্মাণ। প্ৰধানমন্ত্ৰীয়ে মোৰাদাবাদ (ৰামগংগা) নলা ব্যৱস্থা আৰু এছটিপিৰ কামো (প্ৰথম পৰ্যায়) উদ্বোধন কৰিব। প্ৰায় ৩৩০ কোটি টকা ব্যয়ৰে নিৰ্মিত এই প্ৰকল্পটোত ৫৮টা এমএলডি এছটিপি, প্ৰায় ২৬৪ কিলোমিটাৰ নলা নেটৱৰ্ক আৰু মোৰাদাবাদৰ ৰামগংগা নদীৰ প্ৰদূষণ হ্ৰাসৰ বাবে ৯টা নলা-নৰ্দমা পাম্পিং ষ্টেচন আছে।
***
DS/ST/DB
(Release ID: 2007422)
Visitor Counter : 71
Read this release in:
Bengali
,
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam