গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে মহান সন্ত পৰমপূজ্য আচাৰ্য শ্ৰী ১০৮ বিদ্যাসাগৰজী মহাৰাজৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ মৃত্যু দেশ আৰু সমাজৰ বাবে এক অপূৰণীয় ক্ষতি আৰু নিজৰ বাবে ব্যক্তিগত ক্ষতি বুলি অভিহিত কৰে


আচাৰ্য শ্ৰী ১০৮ বিদ্যাসাগৰজী মহাৰাজে তেওঁৰ শেষ নিশ্বাসলৈকে কেৱল মানৱতাৰ কল্যাণক অগ্ৰাধিকাৰ দিছিল – শ্ৰী অমিত শ্বাহ

আচাৰ্য শ্ৰী ১০৮ বিদ্যাসাগৰ জী মহাৰাজ বিশ্বব্ৰহ্মাণ্ডৰ কল্যাণ আৰু প্ৰতিজন ব্যক্তিৰ কল্যাণৰ বাবে তেওঁৰ সংকল্পৰ প্ৰতি নিস্বাৰ্থভাৱে প্ৰতিশ্ৰুতিবদ্ধ আছিল

বিদ্যাসাগৰজী মহাৰাজে এগৰাকী আচাৰ্য, যোগী, চিন্তাবিদ, দাৰ্শনিক আৰু এজন সমাজকৰ্মী হিচাপে মাৰ্গদৰ্শন কৰিছিল
আচাৰ্য বিদ্যাসাগৰজী মহাৰাজৰ জীৱনে ধ্ৰুৱতৰাৰ দৰে যুগ যুগ ধৰি ভৱিষ্যত প্ৰজন্মক পথ প্ৰদৰ্শন কৰি থাকিব

Posted On: 18 FEB 2024 1:18PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে মহান সন্ত পৰমপূজ্য আচাৰ্য শ্ৰী ১০৮ বিদ্যাসাগৰজী মহাৰাজৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁৰ মৃত্যু দেশ আৰু সমাজৰ বাবে এক অপূৰণীয় ক্ষতি আৰু তেওঁৰ ব্যক্তিগত ক্ষতি বুলি অভিহিত কৰিছে।

 

এক্সত এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয় যে মহান সন্ত পৰমপূজ্য আচাৰ্য শ্ৰী ১০৮ বিদ্যাসাগৰজী মহাৰাজৰ দৰে এজন মহান ব্যক্তিৰ মৃত্যু দেশ আৰু সমাজৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁ কয় যে পৰমপূজ্য আচাৰ্য শ্ৰী ১০৮ বিদ্যাসাগৰজী মহাৰাজে তেওঁৰ শেষ নিশ্বাসলৈকে কেৱল মানৱতাৰ কল্যাণক অগ্ৰাধিকাৰ দিছিল।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মই নিজকে সৌভাগ্যৱান বুলি বিবেচনা কৰোঁ, কিয়নো মই এনে এজন জ্ঞানী ব্যক্তিৰ সান্নিধ্য, স্নেহ আৰু আশীৰ্বাদ লাভ কৰিছোঁ। তেওঁ কয় যে মানৱতাৰ এজন প্ৰকৃত ভক্ত আচাৰ্য বিদ্যাসাগৰজী মহাৰাজৰ মৃত্যু তেওঁৰ বাবে ব্যক্তিগত ক্ষতি। শ্ৰী শ্বাহে লগতে কয় যে আচাৰ্য বিদ্যাসাগৰজী মহাৰাজ নিস্বাৰ্থভাৱে বিশ্বব্ৰহ্মাণ্ড আৰু প্ৰতিজন ব্যক্তিৰ কল্যাণৰ বাবে তেওঁৰ সংকল্পৰ প্ৰতি  প্ৰতিশ্ৰুতিবদ্ধ আছিল। বিদ্যাসাগৰজী মহাৰাজে সমাজখনক আচাৰ্য, যোগী, চিন্তাবিদ, দাৰ্শনিক আৰু এজন সমাজকৰ্মী হিচাপে মাৰ্গদৰ্শন কৰিছিল। তেওঁ বাহিৰৰ পৰা সহজ, সৰল আৰু নম্ৰ আছিল, কিন্তু তেওঁ ভিতৰৰ পৰা এজন শক্তিশালী সাধক আছিল।

 

শ্ৰী অমিত শ্বাহে কয় যে শিক্ষা, স্বাস্থ্য আৰু দৰিদ্ৰ লোকসকলৰ কল্যাণৰ কামৰ জৰিয়তে আচাৰ্য বিদ্যাসাগৰজী মহাৰাজে দেখুৱাইছে যে কেনেদৰে মানৱতাৰ সেৱা আৰু সাংস্কৃতিক সচেতনতা একেলগে কৰিব পাৰি। আচাৰ্য বিদ্যাসাগৰজী মহাৰাজৰ জীৱনে ধ্ৰুৱতৰাৰ দৰে যুগ যুগ ধৰি ভৱিষ্যত প্ৰজন্মক পথ প্ৰদৰ্শন কৰি থাকিব। শ্ৰী শ্বাহে কয় যে তেওঁ আচাৰ্য বিদ্যাসাগৰজী মহাৰাজৰ সকলো অনুগামীৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

************* 

 

RK / RR / AK/KG



(Release ID: 2006994) Visitor Counter : 61