গৃহ মন্ত্ৰালয়
স্বাধীনতা সংগ্ৰামী তথা সামাজিক পৰিৱৰ্তনৰ নেতা শ্ৰী কৰ্পূৰী ঠাকুৰ জীৰ জন্ম বাৰ্ষিকীত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ শ্ৰদ্ধাঞ্জলি
কৰ্পূৰী জীয়ে তেওঁৰ সামাজিক জীৱনত সততা আৰু ত্যাগৰ সৰ্বোচ্চ মানদণ্ড প্ৰতিষ্ঠা কৰিছিল – শ্ৰী অমিত শ্বাহ
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে ভাৰতৰত্নৰে সন্মানিত কৰি কৰ্পূৰী ঠাকুৰ জীৰ কৰ্মৰাজি পোহৰলৈ আনিছে
গোটেই জীৱন পিছপৰা জনতা আৰু নাৰীৰ অধিকাৰৰ প্ৰতি উৎসৰ্গিত ঠাকুৰ জীয়ে শিক্ষা ব্যৱস্থাক সকলোৰে বাবে সুলভ কৰি তোলাৰ বাবে গুৰুত্বপূৰ্ণ কাম কৰিছিল
प्रविष्टि तिथि:
17 FEB 2024 2:38PM by PIB Guwahati
স্বাধীনতা সংগ্ৰামী তথা সামাজিক পৰিৱৰ্তনৰ নেতা শ্ৰী কৰ্পূৰী ঠাকুৰ জীৰ জন্ম বাৰ্ষিকীত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে।
টুইটাৰৰ পোষ্টত শ্ৰী অমিত শ্বাহে কয় যে কৰ্পূৰী জীয়ে তেওঁৰ সামাজিক জীৱনত সততা আৰু ত্যাগৰ সৰ্বোচ্চ মানদণ্ড প্ৰতিষ্ঠা কৰিছিল৷ তেওঁ কয় যে গোটেই জীৱন পিছপৰা জনতা আৰু মহিলাৰ অধিকাৰৰ প্ৰতি উৎসৰ্গিত হৈ ঠাকুৰ জীয়ে শিক্ষা ব্যৱস্থাক সকলোৰে বাবে সুলভ কৰি তোলাৰ বাবে গুৰুত্বপূৰ্ণ কাম-কাজ হাতত লৈছিল। শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে কৰ্পূৰী ঠাকুৰ জীক ভাৰত ৰত্নৰে সন্মানিত কৰি তেওঁৰ কৰ্মৰাজি পোহৰলৈ আনিছে।
***
RK / RR / AK/DB
(रिलीज़ आईडी: 2006868)
आगंतुक पटल : 141