ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়

ইলেক্ট্ৰনিক্স আৰু আইটি মন্ত্ৰালয়ে বৃহস্পতিবাৰে গুৱাহাটীত প্ৰথমবাৰৰ বাবে ডিজিটেল ইণ্ডিয়া ফিউছাৰ স্কিল সন্মিলনৰ আয়োজন কৰিছে

কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে ডিজিটেল ইণ্ডিয়া ফিউছাৰ স্কিল সন্মিলন,২০২৪ উদ্বোধন কৰিব

এই সন্মিলনত ভাৰতৰ শ্ৰেষ্ঠ আৰু উজ্জ্বল প্ৰতিভাসমূহক একত্ৰিতকৰণেৰে ভাৰতত প্ৰতিভাৰ ভৱিষ্যৎগঢ়ি তোলাৰ কৌশল সম্পৰ্কে আলোচনা কৰা হ’ব

বিশিষ্ট উদ্যোগপতি, শৈক্ষিক মহলকে প্ৰমুখ্য কৰি ১,০০০ৰো অধিক অতিথিয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিব

সন্মিলনত ভৱিষ্যৎ দক্ষতা সন্দৰ্ভত ২০ ৰো অধিক কৌশলগত সহযোগিতা ঘোষণা কৰা হ’ব

Posted On: 14 FEB 2024 3:17PM by PIB Guwahati

ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় ইলেক্ট্ৰনিক্স আৰু আইটি প্ৰতিষ্ঠান (NIELIT)ৰ জৰিয়তে ২০২৪ৰ ১৫ ফেব্ৰুৱাৰীত গুৱাহাটীত প্ৰথমবাৰৰ বাবে ফিউছাৰ স্কিল সন্মিলনৰ আয়োজন কৰিছে। কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু আইটি, দক্ষতা বিকাশ আৰু উদ্যমিতা তথা জল শক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰাজীৱ চন্দ্ৰশেখৰে এই সন্মিলন উদ্বোধন কৰিব।ইয়াত ভাৰতীয় যুৱ সমাজ, চিন্তাবিদ, উদ্যোগ বিশেষজ্ঞ, নীতি নিৰ্ধাৰক, শিক্ষাবিদআৰু প্ৰযুক্তি অনুৰাগীসকলে একেলগে ভাৰত আৰু বিশ্বৰ অৰ্থে ভৱিষ্যতৰ বাবে সাজু প্ৰতিভাক গঢ় দিয়াৰ কৌশল সম্পৰ্কে আলোচনা কৰিব।

এই আলোচনাৰ জৰিয়তে সমগ্ৰ বিশ্বতে দ্ৰুত ডিজিটেলাইজেচনৰ প্ৰভাৱ, ভাৰতীয় যুৱক-যুৱতীসকলৰ বাবে এআই, এমএল, ছেমিকণ্ডাক্টৰ, ৰবটিক্স, চাইবাৰ চিকিউৰিটি আদিৰ দৰে পৰৱৰ্তী প্ৰজন্মৰ অত্যাধুনিক প্ৰযুক্তিৰ নতুন সুযোগ সম্পৰ্কে আলোকপাত কৰা হ’ব। উল্লেখযোগ্য যে এই প্ৰযুক্তিসমূহে ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে বিশাল সুযোগৰ উন্মেষ ঘটাইছে।

দক্ষতাই যে সমৃদ্ধিৰ আধাৰ, সেই কথা অনুধাৱনেৰে এই সন্মিলনে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লক্ষ্যৰ সৈতে ৰজিতা খুৱাই এক ৰোডমেপ যুগুত কৰিবলৈ সাজু হৈছে। প্ৰধানমন্ত্ৰীয়ে ভাৰতক বৈশ্বিক প্ৰতিভাৰ কেন্দ্ৰলৈ ৰূপান্তৰিতকৰণ আৰু উদীয়মান প্ৰযুক্তিয়ে প্ৰদৰ্শন কৰা সুযোগসমূহ গ্ৰহণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

এই সন্মিলনৰ আন এটা গুৰুত্বপূৰ্ণ উদ্দেশ্য হৈছে দেশজুৰি উদ্যোগ আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ সৈতে অংশীদাৰিত্ব গঢ়ি তোলা। ইয়াৰ জৰিয়তে পাঠ্যক্ৰমসমূহৰ সৈতে উদ্যোগৰ চাহিদা আৰু মানদণ্ডৰ ঘনিষ্ঠ সামঞ্জস্য থকাটো নিশ্চিতকৰণৰ প্ৰয়াস কৰা হৈছে। এই উদ্দেশ্যৰ সৈতে সংগতি ৰাখি উক্ত সন্মিলনত এনআইইএলআইটি আৰু ইন্টেল, এইচচিএল, মাইক্ৰ’ছফ্ট, কিণ্ড্ৰিল, আইআইএম-ৰায়পুৰ, আইআইআইটিএম-গোৱালিয়ৰ, উইপ্ৰ’আৰু আন-আনসমূহৰ মাজত ২০ ৰো অধিক কৌশলগত সহযোগিতা ঘোষণা কৰা হ’ব।

এই সন্মিলনত ১০০০ৰো অধিক বিশিষ্ট লোকে অংশগ্ৰহণ কৰিব আৰু ৩০ খনৰো অধিক উদ্ভাৱনীমূলক প্ৰদৰ্শনী অনুষ্ঠিত হ’ব। এই সন্মিলনৰ মূল বক্তাসকলৰ ভিতৰত আছেঃ এএমডি ইণ্ডিয়াৰ মুৰব্বী শ্ৰীমতী জয়া জগদীশ, ছিমেন্স ইডিএৰ উপাধ্যক্ষ আৰু কান্ট্ৰি মেনেজাৰশ্ৰী ৰুচিৰ দীক্ষিত, কিণ্ড্ৰিল ইণ্ডিয়াৰ অধ্যক্ষ শ্ৰী লিংৰাজু ছাউকাৰ,জিনানী.এআইৰ চিইঅ’ আৰু সহ-প্ৰতিষ্ঠাপক শ্ৰী গণেশ গোপালন, আইআইটি-ব’ম্বেৰ সঞ্চালক অধ্যাপক শুভাশীষ চৌধুৰী,মন্ত্ৰালয়ৰ (MeitY) অৰ্থনৈতিক উপদেষ্টা শ্ৰীকুন্তল চেনছাৰ্মাআৰু এনআইইএলআইটিৰ ডিজি ডঃএম. এম. ত্ৰিপাঠী।

এই সন্মিলনত নিম্ন-উল্লেখিত বিষয়বস্তু সন্দৰ্ভত চাৰি পেনেল আলোচনা অনুষ্ঠিত হ’বঃ

  1. ছেমিকন ইণ্ডিয়া #futureSKILLS

পেনেলিষ্টসকলঃ শস্ত্ৰ বিশ্ববিদ্য়ালয়ৰ উপাচাৰ্য্য ডঃএছ. বৈধ্যসুব্ৰমণিয়াম, বাকৰক্স, বেংকক বিশ্ববিদ্যালয়ৰ সঞ্চালক ডঃকেৰেল ষ্টাৰকক্স, অপ্টিমাইজিং টেকন’লজিছ, ৰাছিয়াৰ চিইঅ’ শ্ৰী আলেকজেণ্ডাৰ ড্ৰ’জডভ, ছিমেন্স ইডিএৰ কান্ট্ৰি হেডশ্ৰী ৰুচিৰ দীক্ষিত আৰুআইআইটি-হায়দৰাবাদৰঅধ্যাপক শিৱ ৰামা কৃষ্ণ ভানজাৰী।

মডাৰেটৰঃ শ্ৰীযুত সুমিত গোস্বামী, জ্যেষ্ঠ সঞ্চালক অভিযান্ত্ৰিক, কোৱালকম।

  1. ভাৰতএআই #futureSKILLS

পেনেলিষ্টসকলঃ ভাষিণী ডিজিটেল ইণ্ডিয়াৰ চিইঅ’শ্ৰী অমিতাভ নাগ,এনভিডিয়াৰ সঞ্চালক – কৌশলগত ব্যৱসায়, দক্ষিণ এছিয়া শ্ৰী গণেশ মহাবালা, এইচচিএল টেকন’লজিছৰ এডটেক বিজনেছৰ কৰ্পৰেট ভিপি আৰু হেড শ্ৰীমতী শ্ৰীমাঠী শিৱশংকৰ, এ.আই.ৰ সঞ্চালক আৰু ইউনেস্ক’ৰ সমাজ আৰু মানৱ বিজ্ঞানৰ কাৰ্য্যবাহী কাৰ্য্যালয়ৰ মুৰব্বী ডঃ মাৰিয়াগ্ৰাজিয়া স্কুইচিয়াৰিনি,এচেঞ্চাৰৰ পৰিচালন সঞ্চালক শ্ৰী অনুজ জৈন আৰুআইবিএম ৰিচাৰ্চ এআইৰ উপাধ্যক্ষশ্ৰীৰাম ৰাঘৱন।

মডাৰেটৰঃ শ্ৰীমতী শ্বেতা খুৰানা, জ্যেষ্ঠ সঞ্চালক এপিজে – গভমেন্টপাৰ্টনাৰশ্বিপ আৰু ইনিটিয়েটিভ, গ্ল’বেল গভমেন্ট এফেয়াৰ্ছ গ্ৰুপ, ইন্টেল।

  1. #futureSKILLSৰ বাবে চাইবাৰ সুৰক্ষা আৰু উদীয়মান প্ৰযুক্তি

পেনেলিষ্টসকলঃডিজিটেল টেকন’লজিছৰ চিটিঅ’ আৰু এআই, টেক মহিন্দ্ৰাৰ গ্ল’বেল হেডশ্ৰী হসিত জি. ত্ৰিবেদী, আইবিএম স্কিলছবিল্ডৰ প্ৰগ্ৰেম লিড ডঃ মণি মধুকৰ, মাইক্ৰ’ছফ্ট ইণ্ডিয়াৰ বিপণনৰ কান্ট্ৰি ডাইৰেক্টৰশ্ৰী ৰাহুল দত্ত, আইআইটি ৰূপাৰ/গুৱাহাটীৰ সঞ্চালক অধ্যাপক ৰাজীৱ আহুজা,চিস্কোৰচিষ্টেমছ ইঞ্জিনিয়াৰিঙৰমুৰব্বী শ্ৰী অমিতাভ গুহ ঠাকুৰতা আৰুৰিয়েলএক্স আৰু গ্ৰেক্সৰ প্ৰতিষ্ঠাপক আৰু চিইঅ’ শ্ৰী মনীষ কুমাৰ।

মডাৰেটৰঃ ডিএছচিআইৰ চিইঅ’ শ্ৰী বিনায়ক গডছে।

  1. ডিজিটেল #futureSKILLS – গ্ল’বেল ৱৰ্কফৰ্চৰ বাবে ভাৰতৰ প্ৰতিভা

পেনেলিষ্টসকলঃফাউণ্ডেচন ফৰ কমাৰ্চ এণ্ড কালচাৰ ইন্টাৰচেঞ্জ (FCCI), টাইৱানৰঅধ্যক্ষ ডঃডেনিছ হু, কিণ্ড্ৰিলৰ গ্ল’বেল ডেভেলপমেন্ট এণ্ড ইঞ্জিনিয়াৰিঙৰ ভিপিশ্ৰী অৰবিন্দ শ্বেট্টী, স্কাইৰুট এৰোস্পেচৰআৰএণ্ডডি এণ্ড ষ্ট্ৰেটেজিক ইনিচিয়েটিভছৰ ভিপি ডঃ চিভিএছ কিৰণ,ইন্টাৰ্নশালাৰ চিটিঅ’ শ্ৰী বিক্ৰম শ্বাহ আৰুইউনিকিউছ টেকন’লজিছৰ প্ৰতিষ্ঠাপক শ্ৰী অভিষেক শৰ্মা।

মডাৰেটৰঃশ্ৰী অনুৰাগ মজুমদাৰ, সহ-প্ৰতিষ্ঠাপক, দ্য লজিকেল ইণ্ডিয়ান

এনআইইএলআইটিৰ সঞ্চালক প্ৰধান ডঃ এম.এম.ত্ৰিপাঠীয়ে ডিজিটেল ভৱিষ্যতৰ প্ৰত্যাহ্বান আৰু সুযোগৰ বাবে সাজু এটা দক্ষ কৰ্মশক্তিক লালন-পালনৰ বাবে সংস্থাটোৰ দৃঢ়অংগীকাৰৰ কথা প্ৰকাশ কৰে।

DK/DK/SMP/BM
 



(Release ID: 2005992) Visitor Counter : 77