প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক নেচনেল ক্ৰিয়েটৰ্ছ এৱাৰ্ডত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে

Posted On: 11 FEB 2024 8:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক মাইগভ ৱেবছাইটত উপলব্ধ নেচনেল ক্ৰিয়েটৰ্ছ এৱাৰ্ডত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

মাইগভইণ্ডিয়াই নেচনেল ক্ৰিয়েটৰ্ছ এৱাৰ্ড সম্পৰ্কে অৱগত কৰা এক্স প’ষ্টলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এটি এক্স প’ষ্টত কয়;

“আমাৰ সৃজনীশীলতাৰে জড়িত সমাজখনৰ বাবে এক বৃহৎ সুযোগ, সমগ্ৰ ভাৰতৰ অসাধাৰণ প্ৰতিভাসকলে ইয়াত অংশগ্ৰহণ কৰিব পাৰে। আমি আমাৰ উদ্ভাৱনীমূলক, প্ৰেৰণাদায়ী, পৰিৱৰ্তন সাধনকাৰী যুৱ শক্তিক উদযাপন কৰিব বিচাৰোঁ।

আগবাঢ়ক, অংশগ্ৰহণ কৰক আৰু ৰাষ্ট্ৰখনক প্ৰতিভাৱান সৃষ্টিকৰ্তাসকলক লৈ উৎসাহ অনুভৱ কৰাওঁক!”

***

DS/ST/SB
 



(Release ID: 2005288) Visitor Counter : 36