গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে অভেদ্য সীমান্ত নিৰ্মাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ মোদী চৰকাৰ
১৬৪৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-ম্যানমাৰ সীমান্তত বেৰ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ মোদীচৰকাৰৰ
উন্নত তদাৰকীৰ সুবিধাৰ বাবে সীমান্তত এটা টহলদাৰী পথো পকী কৰা হ’ব
মুঠ সীমান্তৰ দৈৰ্ঘ্যৰ ভিতৰত মণিপুৰৰ মোৰে’ত ১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা অংশত ইতিমধ্যে বেৰ দিয়া হৈছে
হাইব্ৰিড চাৰ্ভিলেন্স চিষ্টেম (এইচ এছ এছ)ৰ জৰিয়তে বেৰ দিয়াৰ দুটা পাইলট প্ৰকল্প কাৰ্যকৰী হৈ আছে, এই প্ৰকল্পসমূহৰ ভিতৰত অৰুণাচল প্ৰদেশ আৰু মণিপুৰত ১ কিলোমিটাৰকৈ বেৰ দিয়া হ’ব
মণিপুৰত প্ৰায় ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বেৰৰ কামৰ বাবেও অনুমোদন জনোৱা হৈছে, আৰু অতি সোনকালে ইয়াৰ কাম আৰম্ভ হ’ব
পোষ্ট কৰা হৈছে:
06 FEB 2024 6:41PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে দেশত অভেদ্য সীমান্ত নিৰ্মাণৰ বাবে মোদীচৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।
আজি এটা এক্স পোষ্টত গৃহমন্ত্ৰীয়ে কয় যে ‘দেশৰ ১৬৪৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-ম্যানমাৰ সীমান্তত বেৰ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তদুপৰি উন্নত তদাৰকীৰ সুবিধাৰ বাবে সীমান্তত এটা টহলদাৰী পথো পকী কৰা হ’ব”।
গৃহ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে “মুঠ সীমান্তৰ দৈৰ্ঘ্যৰ ভিতৰত মণিপুৰৰ মোৰে’ৰ ১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা অংশ ইতিমধ্যে বেৰ দিয়া হৈছে। তদুপৰি হাইব্ৰিড চাৰ্ভিলেন্স চিষ্টেম (এইচ এছ এছ)ৰ জৰিয়তে ফেন্সিঙৰ বাবে দুটা পাইলট প্ৰকল্প ইতিমধ্যে কাৰ্যকৰী হৈ আছে। ইয়াৰ অধীনতে অৰুণাচল প্ৰদেশ আৰু মণিপুৰত ১ কিলোমিটাৰকৈ বেৰ দিয়া হ’ব। ইয়াৰ উপৰিও মণিপুৰত প্ৰায় ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বেৰৰ কামো অনুমোদন জনোৱা হৈছে, আৰু সেই কাম শীঘ্ৰেই আৰম্ভ হ’ব”।
****
RK/ASH/RR/PR/AK
(ৰিলিজ আই ডি : 2003911)
অতিথি কক্ষ : 137