পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়
শ্ৰী নীতিন গাডকাৰীয়ে অৰুণাচল প্ৰদেশত ৰাষ্ট্ৰীয় ঘাইপথ-৯১৩ (সীমান্ত ঘাইপথ)ৰ লাডা-চাৰ্লি শাখা নিৰ্মাণৰ বাবে ২,২৪৮.৯৪ কোটি টকাৰ অনুমোদন জনাইছে
प्रविष्टि तिथि:
06 FEB 2024 3:17PM by PIB Guwahati
কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে অৰুণাচল প্ৰদেশৰ ৰাষ্ট্ৰীয় ঘাইপথ-৯১৩ (সীমান্ত ঘাইপথ)ৰ লাডা-চাৰ্লি শাখাৰ ১০৫.৫৯ কিমি পেকেজ ১, ২, ৩, আৰু ৬-ত ইপিচি মোডত নিৰ্মাণৰ বাবে ২,২৪৮.৯৪ কোটি টকাৰ পুঁজি অনুমোদন জনাইছে।
এক সামাজিক মাধ্যমৰ পোষ্টত শ্ৰী গাডকাৰীয়ে কয় যে নিৰাপত্তা বাহিনীৰ বাবে দ্ৰুত যোগাযোগ নেটৱৰ্ক প্ৰদানৰ বাবে সমৰ্পিত এই গুৰুত্বপূৰ্ণ প্ৰকল্পটোৱে অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰিবলৈ সাজু হৈছে যাৰ ফলত সজীৱ সীমান্ত অঞ্চললৈ প্ৰব্ৰজন বৃদ্ধি হ'ব। ইয়াৰ উপৰিও, প্ৰকল্পটোৱে প্ৰয়োজনীয় পথ আন্তঃগাঁথনি স্থাপন কৰিছে, গুৰুত্বপূৰ্ণ নদী অৱবাহিকাসমূহ সংযোগ কৰিছে আৰু ৰাজ্যখনত কেইবাটাও জলবিদ্যুৎ প্ৰকল্পৰ বিকাশত সহায় কৰিছে।
শ্ৰী গাডকাৰীয়ে কয় যে এই গ্ৰীণফিল্ড পথটো পৰ্যটনৰ বাবে প্ৰতিশ্ৰুতিপূৰ্ণ, যি উজনি অৰুণাচলৰ কম জনবসতিপূৰ্ণ অঞ্চলসমূহৰ প্ৰয়োজনীয়তা পূৰণ কৰে আৰু ভৱিষ্যতে ইয়াৰ ফলত যান-বাহন বৃদ্ধি হ‘ব বুলি আশা কৰা হৈছে।
*****
(रिलीज़ आईडी: 2003734)
आगंतुक पटल : 94