গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

চৰকাৰে ‘ষ্টুডেণ্টছ ইছলামিক মুভমেণ্ট অফ ইণ্ডিয়া (ছিমি)’ক আৰু ৫ বছৰৰ বাবে ইউএপিএৰ অধীনত ‘অবৈধ সংগঠন’ হিচাপে ঘোষণা কৰে

प्रविष्टि तिथि: 29 JAN 2024 4:42PM by PIB Guwahati

আজি চৰকাৰে 'ষ্টুডেণ্টছ ইছলামিক মুভমেণ্ট অফ ইণ্ডিয়া (ছিমি)'ক অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউএপিএ) ১৯৬৭ৰ ধাৰা ৩(১)ৰ অধীনত আৰু পাঁচ বছৰৰ বাবে 'অবৈধ সংগঠন' (Unlawful Association) হিচাপে ঘোষণা কৰিছে। গেজেট অধিসূচনা নং এছ অ' ৫৬৪(ই)ৰ দ্বাৰা ছিমিৰ ওপৰত পূৰ্বে নিষেধাজ্ঞা ৩১ জানুৱাৰী, ২০১৯ত জাৰি কৰা হৈছিল।

ছিমিয়ে দেশত সন্ত্ৰাসবাদ প্ৰসাৰ কৰা, শান্তি আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰাৰ কামত নিয়োজিত হৈ আছে যি ভাৰতৰ সাৰ্বভৌমত্ব, নিৰাপত্তা আৰু অখণ্ডতাৰ প্ৰতি ক্ষতিকাৰক। ছিমি আৰু ইয়াৰ সদস্যসকলৰ বিৰুদ্ধে অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউএপিএ) ১৯৬৭সহ আইনৰ বিভিন্ন ধাৰাত কেইবাটাও অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে।

**********

RK / ASH / RR / AK


(रिलीज़ आईडी: 2000477) आगंतुक पटल : 143
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Gujarati , Tamil , Kannada