কেবিনেট

চৰকাৰী পিএছইউ আৰু ব্যক্তিগত খণ্ডৰ কয়লা/লিগনাইট গেছিফিকেশ্যন প্ৰকল্পক তিনিটা শ্ৰেণীৰ অধীনত কয়লা গেছিফিকেশ্যন প্ৰকল্পৰ বাবে উৎসাহিত কৰাৰ দিশত প্ৰসাৰিত কৰাৰ আঁচনিখনত মন্ত্ৰীসভাই অনুমোদন জনায়

Posted On: 24 JAN 2024 6:08PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটে তিনিটা শ্ৰেণীৰ অধীনত কয়লা গেছীকৰণ প্ৰকল্পৰ বাবে উৎসাহিত কৰাৰ দিশত ৮,৫০০ কোটি টকা ব্যয়সাপেক্ষ চৰকাৰী পিএছইউ আৰু ব্যক্তিগত খণ্ডৰ কয়লা/লিগনাইট গেছীকৰণ প্ৰকল্পৰ প্ৰসাৰৰ বাবে আঁচনিখনত অনুমোদন জনায়।

কেবিনেটে তলত দিয়া ধৰণে আঁচনিখনত অনুমোদন জনাইছে:

১। কয়লা গেছীকৰণ প্ৰকল্পৰ বাবে তিনিটা শ্ৰেণীৰ অধীনত মুঠ ৮,৫০০ কোটি টকা ব্যয় আৰ্থিক সাহায্য হিচাপে প্ৰদান কৰা হ’ব।

২। প্ৰথম শ্ৰেণীত চৰকাৰী পিএছইউৰ বাবে ৪,০৫০ কোটি টকাৰ ব্যৱস্থা কৰা হৈছে য’ত ৩টা প্ৰকল্পলৈকে ১,৩৫০ কোটি টকা বা কেপেক্সৰ ১৫%, যিটো কম, এককালীন অনুদান প্ৰদান কৰি সমৰ্থন কৰা হ’ব।

৩। দ্বিতীয় শ্ৰেণীত ব্যক্তিগত খণ্ডৰ লগতে চৰকাৰী পি এছ ইউৰ বাবে ৩,৮৫০ কোটি টকাৰ ব্যৱস্থা কৰা হৈছে য’ত প্ৰতিটো প্ৰকল্পৰ বাবে ১০০০ কোটি টকা বা কেপেক্সৰ ১৫% এককালীন অনুদান প্ৰদান কৰা হৈছে, যিটো কম। শুল্ক ভিত্তিক নিবিদা প্ৰক্ৰিয়াত অন্ততঃ এটা প্ৰকল্পৰ নিবিদা কৰা হ’ব আৰু ইয়াৰ মাপকাঠী নিটি আয়োগৰ সৈতে আলোচনা কৰি ডিজাইন কৰা হ’ব।

৪। তৃতীয় শ্ৰেণীত প্ৰদৰ্শনী প্ৰকল্প (থলুৱা প্ৰযুক্তি) আৰু/বা ক্ষুদ্ৰ পণ্যভিত্তিক গেছিফিকেশ্যন প্লাণ্টৰ বাবে ৬০০ কোটি টকাৰ ব্যৱস্থা কৰা হৈছে যাৰ অধীনত ১০০ কোটি টকা বা কেপেক্সৰ ১৫%, যিটো কম, নিৰ্বাচিত সংস্থাক এককালীন অনুদান দিয়া হ’ব, যাৰ নূন্যতম কেপেক্স ১০০ কোটি টকা আৰু নূন্যতম ১৫০০ Nm3/hr Syn গেছৰ উৎপাদন।

৫। দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ অন্তৰ্গত সংস্থাসমূহৰ নিৰ্বাচন প্ৰতিযোগিতামূলক আৰু স্বচ্ছ নিবিদা প্ৰক্ৰিয়াৰ জৰিয়তে কৰা হ’ব।

৬। এই অনুদান নিৰ্বাচিত সংস্থাক দুটা সমান কিস্তিত প্ৰদান কৰা হ’ব।

৭। সচিব কয়লাৰ অধ্যক্ষতাত গঠিত ইগ’এছ (EGoS)ক আঁচনিখনৰ পদ্ধতিত প্ৰয়োজনীয় যিকোনো পৰিৱৰ্তন কৰিবলৈ সম্পূৰ্ণৰূপে ক্ষমতা প্ৰদান কৰা হ’ব, এই চৰ্তত যে সামগ্ৰিক বিত্তীয় ব্যয় ৮,৫০০ কোটি টকাৰ ভিতৰত থাকিব।

**********

DS/SKS



(Release ID: 1999342) Visitor Counter : 52