গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি অসমৰ তেজপুৰত ‘সশস্ত্ৰ সীমা বল’ৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ দিয়ে

গৃহমন্ত্ৰীয়ে দেশৰ নিৰাপত্তাৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা ‘এছএছবি’-ৰ বীৰ সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ‘চিএপিএফ’সমূহৰ সা-সুবিধা উন্নত কৰাৰ বাবে বহুতো পদক্ষেপ গ্ৰহণ কৰিছে

এতিয়া ন্যায় লাভত পলম নহ'ব, তিনিখন নতুন আইনৰ জৰিয়তে ৩ বছৰৰ ভিতৰতে ন্যায় প্ৰদান দিহা কৰা হ'ব

নতুন আইনসমূহে ভাৰতৰ ন্যায় ব্যৱস্থাক বিশ্বৰ আটাইতকৈ আধুনিক কৰি তুলিব

মোদীজীৰ নেতৃত্বত সমগ্ৰ দেশেই তিনি বছৰৰ ভিতৰত নক্সাল সমস্যাৰ পৰা ১০০ শতাংশ মুক্ত হ'ব

সীমান্তৰ নিৰাপত্তাৰ লগতে ‘এছএছবি’য়ে সীমান্ত অঞ্চলৰ সাংস্কৃতিক, ভাষিক, ভৌগোলিক আৰু ঐতিহাসিক তথ্য সংৰক্ষণৰ বাবেও কাম কৰি আহিছে

‘এছএছবি’-ৰ ইতিহাস ‘সেৱা, সুৰক্ষা আৰু ভাতৃত্ববোধ’ৰ মন্ত্ৰেৰে দীক্ষিত

‘মহিলা সৱলীকৰণ’ৰ ক্ষেত্ৰত বৃহত্ পদক্ষেপ: ২০২৬ চনৰ ভিতৰত ‘এছএছবি’-ত ৬% মহিলা থাকিব

মোদী চৰকাৰ সীমান্তৰক্ষী কৰ্মীসকলৰ কামৰ বোজা হ্ৰাস কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ, ২০১৪ চনৰ পৰা এক লাখ ৭৫ হাজাৰ খালী পদত নিযুক্তি প্ৰদান কৰা হৈছে

Posted On: 20 JAN 2024 4:41PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে অসমৰ তেজপুৰৰ ‘এছএছবি নিয়োগ প্ৰশিক্ষণ কেন্দ্ৰ’ত অনুষ্ঠিত ‘সশস্ত্ৰ সীমা বল’ (এছএছবি)ৰ ‘৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠান’ত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় গৃহ সচিব, ‘এছ এছ বি’-ৰ সঞ্চালক প্ৰধানকে ধৰি অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত আছিল।

 

 

গৃহমন্ত্ৰীয়ে দেশৰ নিৰাপত্তাৰ বাবে সৰ্বোচ্চ বলিদান দিয়া বাহিনীৰ ৫১ গৰাকী জোৱানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে কেৱল যোৱা বছৰেই ‘এছএছবি’ৰ পাঁচজন কৰ্মীয়ে কৰ্তব্যৰত অৱস্থাত জীৱন উৎসর্গ কৰিছিল। তেওঁ কয় যে দেশৰ সুৰক্ষাৰ বাবে সৰ্বোচ্চ ত্যাগ দিবলৈ ইচ্ছুক এই সকল সৈনিকৰ বাবেহে দেশে শান্তিৰে শুব পৰে। শ্ৰী অমিত শ্বাহে ‘পৰমবীৰ চক্ৰ’ বঁটা প্ৰাপক কৰম সিংজীক তেওঁৰ মৃত্যু বাৰ্ষিকীত স্মৰণ কৰি কয় যে কৰম সিংজীয়ে মহান সাহসিকতাৰ নিদৰ্শন দাঙি দৰি নিজৰ জীৱন ত্যাগ কৰিছিল। এইগৰাকী বীৰৰ স্মৃতিত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ এটা দ্বীপক কৰম সিং দ্বীপ বুলি নামাকৰণ কৰিছে।

 

 

শ্ৰী অমিত শ্বাহে কয় যে ২২৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা এছএছবি সম্পৰ্কীয় এলানি প্ৰকল্পৰ আজি শুভ উদ্বোধন কৰা হৈছে, যাৰ ভিতৰত আছে বাহিনীটোৰ ৪৫ সংখ্যক বেটেলিয়নৰ মুখ্য কাৰ্যালয় বীৰপুৰ, ২০ সংখ্যক বেটেলিয়নৰ মুখ্য কাৰ্যালয় সীতামাঢ়ী, ৰিজাৰ্ভ বেটেলিয়নৰ মুখ্য কাৰ্যালয় বাৰাসটৰ লগতে ভৱন, বেৰেক, ৰান্ধনিগৃহ, চিকিৎসালয় আৰু কোৱাৰ্টাৰ গাৰ্ড, বিপনী আৰু গেৰেজৰ দৰে অন্যান্য বিভিন্ন সা-সুবিধা। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ৯টা বছৰত ‘এছএছবি’কে ধৰি সকলো ‘কেন্দ্ৰীয় সশস্ত্ৰ অৰ্ধসামৰিক বাহিনী’ (চিএপিএফ)ৰ স-সুবিধাসমূহ উন্নত কৰাৰ বাবে বহুতো পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় ভাৰত চৰকাৰে ‘এছএছবি’-ৰ ৬০ সংখ্যক বছৰত উদযাপিত ‘হীৰক জয়ন্তী’ উপলক্ষে এটা ডাক টিকট মুকলি কৰিছে। এই ডাক টিকটটোৱে ‘এছএছবি’ৰ কৰ্তব্যনিষ্ঠাক দেশৰ সন্মুখত উজ্জীৱিত কৰি তুলিব বুলি তেওঁ বিশ্বাস ব্যক্ত কৰে।

গৃহমন্ত্ৰীয়ে কয় যে সেৱা, নিৰাপত্তা আৰু ভ্ৰাতৃত্ববোধৰ মূলমন্ত্ৰৰে ৰাষ্ট্ৰৰ সেৱা আৰু নিৰাপত্তাত নিয়োজিত ‘এছএছবি’-ৰ এক অতি গৌৰৱময় ইতিহাস আছে। ভাৰত-চীন যুদ্ধৰ পিছত ১৯৬৩ চনত ‘এছএছবি’ প্ৰতিষ্ঠা কৰা হৈছিল। তাৰ পিছত, যেতিয়া অটলজীয়ে ‘এক সীমান্ত, এক বাহিনী’ৰ নীতি ৰূপায়ণ কৰিছিল, ‘এছএছবি’-য়ে ২০০১ চনৰ পৰা ‘ভাৰত-নেপাল সীমান্ত’ আৰু ২০০৪ চনৰ পৰা ‘ভাৰত-ভূটান সীমান্ত’ৰ তত্বাৱধান কৰি আহিছে। তেওঁ কয় যে ‘এছএছবি’য়ে ২,৪৫০ কিলোমিটাৰ দীঘল মুকলি সীমাসমূহ সম্পূৰ্ণ সতৰ্কতাৰে সুৰক্ষা দি আহিছে আৰু সেয়া বন, পৰ্বত, নদী বা মালভূমি যিয়েই নহওঁক কিয়, ‘এছএছবি’-ৰ কৰ্মীসকলে কেতিয়াও কোনো ধৰণৰ বতৰতে কৰ্তব্যৰ ক্ষেত্ৰত আপোচ কৰা নাই।

 

 

শ্ৰী অমিত শ্বাহে কয় যে সীমান্তৰ তত্বাৱধান কৰা সকলো ‘চিএপিএফ’-ৰ ভিতৰত ‘এছএছবি’ হৈছে এক অনন্য সংগঠন যি কেৱল সীমা সুৰক্ষিত কৰাই নহয়, দুৰ্গম অঞ্চলত সন্ত্ৰাসবাদী আৰু নক্সালবাদীৰো সন্মুখীন হৈ আহিছে। এই বাহিনীয়ে ভাৰত-চীন, ভাৰত-নেপাল আৰু ভাৰত-ভূটান সীমান্তৰ সমীপবৰ্তি সকলো গাঁৱৰ সকলো সাংস্কৃতিক, ভাষিক, ভৌগোলিক আৰু ঐতিহাসিক তথ্য সতৰ্কতাৰে সংৰক্ষণ কৰাৰ কামো কৰি আহিছে। তেওঁ কয় যে এই অনন্য কামে এনে সকলো গাঁৱক তেওঁলোকৰ সাংস্কৃতিক আৰু ভাষিক ইতিহাসৰ জৰিয়তে দেশৰ সৈতে সংযোগ কৰাত সহায় কৰে আৰু য'তেই সীমান্ত বিবাদ হয় ভাৰতৰ দাবী নিশ্চিত আৰু শক্তিশালী ভাবে উপস্থাপন কৰাত সহায় কৰে। তেওঁ কয় যে এই অভিযানসমূহে ‘এছএছবি’-ৰ বহুমুখী প্ৰতিভা প্ৰদৰ্শন কৰাৰ লগতে ভাৰতৰ সীমাৰ সাংস্কৃতিক অখণ্ডতা বজাই ৰখা আৰু বিতৰ্কিত অঞ্চলসমূহত ভাৰতৰ দাবী শক্তিশালী কৰাৰ ক্ষেত্ৰত দেশক যথেষ্ট লাভান্বিত কৰি আহিছে।

 

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা এবছৰত ‘এছএছবি’য়ে পাঁচ হাজাৰৰো অধিক চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে আৰু ২৪ হাজাৰ কিলোগ্ৰাম ড্ৰাগছ, ১৪৪টা অস্ত্ৰ আৰু বৃহৎ পৰিমাণৰ গোলা-বাৰুদ জব্দ কৰিছে। বাহিনীটোৱে প্ৰায় ৫০০ নিৰীহ লোকক মানৱ সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰিছে। তেওঁ কয় যে নেপাল আৰু ভূটানৰ দৰে বন্ধুত্বপূৰ্ণ দেশৰ সৈতে সীমান্ত সুৰক্ষিত কৰাৰ লগতে এছএছবি-ৰ সৈন্যসকলে ছত্তীশগড়, ঝাৰখণ্ড আৰু বিহাৰৰ নক্সাল প্ৰভাৱিত অঞ্চলসমূহতো কৰ্তব্য পালন কৰি আছে। তেওঁ কয় ‘এছএছবি’য়ে চিআৰপিএফ আৰু বিএছএফৰ সৈতে নক্সাল আন্দোলনক এঘৰীয়া কৰি তুলিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অহা তিনি বছৰৰ ভিতৰত সমগ্ৰ দেশ নক্সাল সমস্যাৰ পৰা ১০০ শতাংশ মুক্ত হ'ব বুলি তেওঁ বিশ্বাস ব্যক্ত কৰে। জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত এছএছবি-ৰ সৈন্যসকলে চিআৰপিএফ, বিএছএফ, জম্মু-কাশ্মীৰ আৰক্ষী আৰু সেনাৰ সৈতে কান্ধত কান্ধ মিলাই যুঁজ দিছে, ত্যাগ কৰিছে আৰু তেওঁলোকৰ সাহসিকতাৰে কিংবদন্তিমূলক কাহিনী ৰচনা কৰিছে।

 

শ্ৰী অমিত শ্বাহে কয় যে এছএছবিয়েও ক্ৰীড়া ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিছে। বাহিনীটোৱে এই বছৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ২৩৪টা পদক জিকিছে। গৃহ মন্ত্ৰালয়ে আমাৰ সকলো ‘চিএপিএফ’-ত ক্ৰীড়াৰ ক্ষেত্ৰত উত্সাহিত কৰাৰ বাবে কেন্দ্ৰীয় পৰ্যায়ত এক নীতি প্ৰস্তুত কৰাৰ সিদ্ধান্ত লৈছে আৰু শীঘ্ৰেই এই নীতি ৰূপায়ণৰ ব্যৱস্থা কৰা হ’ব। শ্ৰী শ্বাহে লগতে কয় যে তেওঁ নিজেই চোৱাচিতা কৰি আছে যে বৈজ্ঞানিক ব্যৱস্থাৰ সৈতে ‘বেৰেক’ পৰ্যায়ত এই নীতিৰ সুফল কেনেদৰে উপলব্ধ কৰিব পৰা হ'ব আৰু গৃহ সচিবেও ইয়াক নিৰীক্ষণ কৰি আছে। শ্ৰী শ্বাহে ‘এছিয়ান গেমছ’ত ‘এথলেটিকছ’ত ব্ৰঞ্জৰ পদক অৰ্জন কৰা ‘এছএছবি’ জোৱানসকলক অভিনন্দন জনায়।

 

মন্ত্ৰীগৰাকীয়ে ‘মহিলা সৱলীকৰণ’ৰ ক্ষেত্ৰত ‘এছএছবি’য়ে কৰা কামৰ প্ৰশংসা কৰে। তেওঁ কয় এছএছবিয়ে ২০২৬ চনৰ ভিতৰত বাহিনীটোত মহিলা কৰ্মচাৰীৰ সংখ্যা ছয় শতাংশলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু ইতিমধ্যে ৪ শতাংশৰ লক্ষ্য প্ৰাপ্ত কৰিছে। ইয়াৰ উপৰিও, এছএছবি মহিলা সৈনিকসকলেও ‘ৰাষ্ট্ৰসংঘৰ মিছন’ আৰু ‘অমৰনাথ যাত্ৰা’ৰ দৰে প্ৰত্যাহ্বানমূলক দায়িত্বত অংশগ্ৰহণ কৰিছে।

 

শ্ৰী শ্বাহে কয় যে ভাইব্ৰেণ্ট ভিলেজ আঁচনি হৈছে সীমান্তৱৰ্তী গাঁওসমূহলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উপহাৰ। এই আঁচনিখন এক নতুন ধাৰণাৰে অনা হৈছে, ‘সীমান্তৰ গাঁওখন দেশৰ অন্তিম খন গাওঁ নহয়, দেশৰ প্ৰথম খন গাঁওহে আৰু তাৰ পৰাই দেশ আৰম্ভ হয়’। তেওঁ কয়, মোদী চৰকাৰে এই নতুন ধাৰণা আৰু কৰ্ম সংস্কৃতিৰ সৈতে আগবাঢ়িব বিচাৰিছে। এছএছবিয়ে ১০০ শতাংশ সংপৃক্ততা থকা গাঁওসমূহৰ সামগ্ৰিক বিকাশৰ বাবেও ভালকৈ কাম কৰি আছে। ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহক তৃণমূল পৰ্যায়লৈ লৈ যোৱাত ‘এছএছবি’য়ে এক ডাঙৰ ভূমিকা পালন কৰিছে। ‘এছএছবি’য়ে গাঁওবাসীক সীমান্ত সুৰক্ষাৰ অংশীদাৰ কৰি তোলাৰ এটা ভাল আৰ্হিও প্ৰস্তুত কৰিছে।

 

 

গৃহমন্ত্ৰীয়ে কয় যে শ্ৰী নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা খালী পদসমূহ পূৰণ কৰি সীমান্ত সুৰক্ষা কৰ্মীসকলৰ কামৰ বোজা হ্ৰাস কৰাৰ বাবে এক ডাঙৰ অভিযান আৰম্ভ কৰা হৈছে। ২০১৪ চনৰ পৰা এক লাখ ৭৫ হাজাৰ খালী পদৰ বিপৰীতে নিযুক্তি সম্পূৰ্ণ কৰা হৈছে। এইটো আগৰ ন বছৰৰ সময়কালত হোৱা নিযুক্তিৰ দুগুণতকৈও অধিক বুলি তেওঁ উল্লেখ কৰে। এই কথাই মোদী চৰকাৰ যে ‘চিএপিএফ’ কৰ্মীসকলৰ কামৰ বোজা হ্ৰাস কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ, সেই কথাকে প্ৰতীয়মান কৰে বুলিও তেওঁ মন্তব্য কৰে। আগৰ বছৰবোৰত, যোগ্য প্ৰাৰ্থীৰ নিযুক্তি আৰু বাছনি ত্বৰান্বিত কৰাৰ বাবে ‘এনচিচি কেডেট’সকলৰ বাবে বোনাচ নম্বৰ ৰখা হৈছে। সীমান্তৱৰ্তী জিলা আৰু উগ্ৰবাদ প্ৰভাৱিত জিলাৰ যুৱক-যুৱতীসকলক প্ৰাথমিকতা প্ৰদান কৰা হৈছে। কভিডৰ ফলত হেৰুওৱা সময়ৰ ক্ষতিপূৰণ দিয়াৰ বাবে, বয়সৰ সীমাত তিনি বছৰৰ শিথিলতা প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও, মোদী চৰকাৰে ‘অগ্নিপথ আঁচনি’ৰ অধীনত ‘অগ্নিবীৰ’সকলক দহ শতাংশ সংৰক্ষণ প্ৰদান কৰিছে।

 

শ্ৰী অমিত শ্বাহে কয় যে দেশৰ ন্যায় ব্যৱস্থাত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ তিনিখন আইন যুগুতোৱা হৈছে আৰু দেশৰ জনসাধাৰণৰ সন্মুখত উপস্থাপন কৰা হৈছে। এই আইনসমূহৰ উদ্দেশ্য হৈছে দেশৰ জনসাধাৰণক ন্যায় প্ৰদান কৰা, আনহাতে পূৰ্বৰ আইনসমূহৰ উদ্দেশ্য আছিল শাস্তি প্ৰদান কৰা। এতিয়া এজাহাৰৰ পিছত গোটেই প্ৰক্ৰিয়াটো তিনি বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব আৰু বিলম্বিত ন্যায়ৰ পৰম্পৰা সমাপ্ত হ'ব। তেওঁ কয় যে এই আইনসমূহ ৰূপায়ণৰ লগে লগে আমাৰ ন্যায় ব্যৱস্থা বিশ্বৰ আটাইতকৈ আধুনিক হৈ উঠিব, ই দোষী সাব্যস্ত হোৱাৰ হাৰো যথেষ্ট বৃদ্ধি কৰিব কিয়নো ইয়াত ফৰেনচিকক যথেষ্ট গুৰুত্ব দিয়া হৈছে। তেওঁ যোগ দি কয় যে ৭ বছৰ বা তাতকৈ অধিক কাৰাদণ্ডৰ শাস্তিযোগ্য সকলো অপৰাধৰ বাবে ‘ফৰেনচিক বিষয়া’ৰ সাক্ষাত আইনৰ দ্বাৰা বাধ্যতামূলক কৰা হৈছে।

 

গৃহমন্ত্ৰীয়ে কয় যে সকলো ‘এছএছবি’ গোটে স্থানীয় গাঁওসমূহৰ পৰা গাখীৰ, পনীৰ, ফল, পাচলি আৰু শস্য ক্ৰয় কৰি আছে, এয়া হৈছে গাঁওসমূহত নিযুক্তি আৰু অৰ্থনৈতিক বিকাশৰ দিশত এক বৃহৎ প্ৰচেষ্টা। ইয়াৰ লগতে ‘এছএছবি’য়ে ‘বেটি বচাও বেটি পঢ়াও’, স্বচ্ছ ভাৰত মিছন, পানী সংৰক্ষণ, একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ক্ষেত্ৰত নিষেধাজ্ঞা, এক ভাৰত শ্ৰেষ্ঠ ভাৰত আৰু আজাদী কা অমৃত মহোৎসৱৰ ক্ষেত্ৰতো ভাল কাম কৰি আহিছে। গছপুলি ৰোপণ অভিযান ত্বৰান্বিত কৰিবলৈ ৫ বছৰত চিএপিএফ-ৰ জৰিয়তে ৫ কোটিৰো অধিক গছ ৰোপণ কৰা হৈছে।

 

 

শ্ৰী অমিত শ্বাহে কয় যে ‘আয়ুষ্মান চিএপিএফ’-ৰ অধীনত ৪০ লাখতকৈয়ো অধিক চিএপিএফ কৰ্মীক কাৰ্ড দিয়া হৈছে, গৃহ আঁচনিৰ অধীনত যোৱা ৫ বছৰত ১১,০০০ নতুন ঘৰ নিৰ্মাণ কৰা হৈছে, ই-আৱাস পৰ্টেল-ৰ জৰিয়তে প্ৰায় ৫২,০০০ খালী ঘৰ আৱণ্টন দিয়া হৈছে, প্ৰধানমন্ত্ৰী বৃত্তি আঁচনিখন বৈজ্ঞানিক কৰি তোলা হৈছে যাতে ই প্ৰতিটো শিশুকে সামৰি ল’ব পাৰে। ইয়াৰ লগতে, ‘কেন্দ্ৰীয় আৰক্ষী কল্যাণ ভাণ্ডাৰ’ৰ বাবে নিয়মবোৰো সৰল কৰা হৈছে।

*****

RK/ASH/AKS/AK/KB



(Release ID: 1998213) Visitor Counter : 115