প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সন্ত তিৰুবল্লুবৰলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 16 JAN 2024 11:24AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তিৰুবল্লুবৰ দিৱসত সন্ত তিৰুবল্লুবৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ

"আজি আমি তিৰুবল্লুবৰ দিৱস পালন কৰোঁ। ইয়াৰ জৰিয়তে, সেই মহান তামিল ঋষিগৰাকীক স্মৰণ কৰিছোঁ। তেওঁৰ তিৰুক্কুৰালৰ গভীৰ জ্ঞানে আমাক জীৱনৰ কেইবাটাও দিশত পথ প্ৰদৰ্শন কৰে। তেওঁৰ কালজয়ী শিক্ষাই সমাজক গুণ আৰু সততাত মনোনিৱেশ কৰিবলৈ অনুপ্ৰাণিত কৰে, সমন্বয় আৰু বুজাবুজিৰ জগতখনক উদ্বুদ্ধ কৰে। তেওঁ গুৰুত্ব আৰোপ কৰা সৰ্বজনীন প্ৰমূল্যবোধৰাজিক মূৰ্তকৰণেৰে তেওঁৰ দৃষ্টিভংগী পৰিপূৰণৰো অংগীকাৰ কৰিছোঁ।"

4

--

DS/SB
 


(रिलीज़ आईडी: 1996576) आगंतुक पटल : 158
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam