আয়ুষ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আয়ুষ খণ্ডত এক নতুন দিগন্তৰ সূচনা

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তৎপৰতাত সমগ্ৰ অঞ্চলটোত আয়ুৰ্বেদ, হোমিঅ'পেথিৰ প্ৰসাৰৰ বাবে নতুন প্ৰকল্পৰ শুভাৰম্ভণি

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো 'পঞ্চকৰ্ম ব্লক'ৰ শুভ উদ্বোধন কৰে

সৰ্বানন্দ সোণোৱালে শুভ উদ্বোধন কৰে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ফাৰ্মাক'ল'জী আৰু জৈৱ-ৰসায়ন পৰীক্ষাগাৰ

সোণোৱালে গুৱাহাটীৰ আজাৰাত ভাৰতৰ প্ৰথম সমন্বিত আয়ুষ সুস্থতা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে

Posted On: 12 JAN 2024 4:45PM by PIB Guwahati

কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উত্তৰ-পূব ভাৰতৰ আয়ুষ খণ্ডক শক্তিশালী কৰি চাৰিটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভণি কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো 'পঞ্চকৰ্ম ব্লক'ৰ শুভ উদ্বোধন কৰি ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰে। লগতে শুভ উদ্বোধন কৰে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ফাৰ্মাক'ল'জী আৰু জৈৱ-ৰসায়ন পৰীক্ষাগাৰৰ। তদুপৰি, সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটীৰ আজাৰাত ভাৰতৰ প্ৰথম সমন্বিত আয়ুষ সুস্থতা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে আৰু আজাৰাতে আঞ্চলিক হোমিঅ'পেথি গৱেষণা প্ৰতিষ্ঠানৰ স্থায়ী চৌহদৰ আধাৰশিলা স্থাপন কৰে।

 

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত সমগ্ৰ দেশজুৰি পৰম্পৰাগত ঔষধ প্ৰণালীক পুনৰুজ্জীৱিত কৰা হৈছে যাতে ই দেশৰ স্বাস্থ্যসেৱা ব্যৱস্থাত নতুন শক্তি বৃদ্ধি কৰে। আয়ুৰ্বেদ, যোগ, ইউনানি, সিদ্ধা, হোমিঅ'পেথি, নেচাৰ'পেথি আৰু সোৱা ৰিগ্পাৰ দৰে আমাৰ সমৃদ্ধ পৰম্পৰাগত আৰোগ্য প্ৰণালীৰ প্ৰমাণিত ফলাফলৰ পৰিপ্ৰেক্ষিতত ইয়াৰ শতিকা পুৰণি চিকিৎসাবোৰ আধুনিক চিকিৎসা প্ৰণালীৰ সৈতে একত্ৰিত কৰাটো অতি প্ৰয়োজনীয়। এইক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টিভংগীৰ দ্বাৰা আমি অগ্ৰসৰ হৈ যথেষ্ট সফলতা বুটলিব পাৰিছোঁ। ইয়াৰ ফলত সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলতো এক শক্তিশালী সমন্বিত চিকিৎসা প্ৰণালীৰ সূচনা হৈছে যিয়ে জনসাধাৰণৰ শাৰীৰিক ৰোগৰ আৰোগ্য কৰাৰ লগতে মানসিক সুস্থতাৰ পথ প্ৰশস্ত কৰিছে। আজি গুৱাহাটীৰ কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানত শুভ উদ্বোধন কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম পঞ্চকৰ্মা ব্লকটো আৰু লগতে শুভ উদ্বোধন কৰা আয়ুষৰ অত্যাধুনিক ফাৰ্মাক'ল'জী আৰু জৈৱ-ৰসায়ন পৰীক্ষাগাৰ হৈছে এনে এক অভিনৱ পদক্ষেপ যিয়ে অসমত আয়ুষ স্বাস্থ্যসেৱা প্ৰদান প্ৰণালীক অধিক ত্বৰান্বিত কৰিব। ইয়াৰ যোগেদি অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকল বিশেষভাৱে উপকৃত হ'ব।"

 

লগতে আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত আমি আয়ুষ খণ্ডক এক নতুন শিখৰত উপনীত কৰিবলৈ সক্ষম হৈছোঁ। ২০১৪ চনৰ পূৰ্বে ভাৰতৰ আয়ুষ সামগ্ৰীৰ বজাৰ মূল্য মাত্ৰ ২৪,০০০ কোটিতে সীমাবদ্ধ আছিল, কিন্তু এতিয়া দেশৰ আয়ুষ সামগ্ৰীয়ে বিশ্বজুৰি ৪.৫০ লাখ কোটি টকাৰ বজাৰ লাভ কৰিছে।"

 

সোণোৱালে লগতে কয়, "গুৱাহাটীৰ আজাৰাত আজি আধাৰশিলা স্থাপন কৰা আঞ্চলিক হোমিঅ'পেথি গৱেষণা প্ৰতিষ্ঠানৰ স্থায়ী চৌহদ আৰু লগতে ভাৰতৰ প্ৰথম সমন্বিত আয়ুষ সুস্থতা কেন্দ্ৰৰ নিৰ্মাণে অসমত পৰম্পৰাগত ঔষধ প্ৰণালীৰ প্ৰসাৰত এক নতুন দিগন্তৰ সূচনা কৰিব।" সোণোৱালে ভাষণ প্ৰসংগত গুৱাহাটীৰ কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠানলৈ উন্নীত কৰাৰো পোষকতা কৰে।

 

আজি সোণোৱালে আধাৰশিলা স্থাপন কৰা সমন্বিত আয়ুষ সুস্থতা কেন্দ্ৰত আয়ুৰ্বেদ, যোগ আৰু নেচাৰ'পেথি, ইউনানি, সিদ্ধা আৰু হোমিঅ'পেথিৰ চিকিৎসা সেৱা আৰু অ'পিডি সুবিধা থাকিব। পঞ্চকৰ্ম, নেচাৰ'পেথি, ইউনানি আৰু সিদ্ধাৰ থেৰাপীও ইয়াত উপলব্ধ হ'ব। তদুপৰি, ইয়াত এখন ভেষজ বাগিচাও স্থাপন কৰা হ'ব।

 

তদুপৰি,তেখেতে আধাৰশিলা স্থাপন কৰা আঞ্চলিক হোমিঅ'পেথি গৱেষণা প্ৰতিষ্ঠানৰ স্থায়ী চৌহদত ৫০ খন বিছনাযুক্ত আইপিডি ইউনিট আৰু বিশেষ ক্লিনিকৰ সৈতে অ’পিডি সেৱাৰ ব্যৱস্থা কৰা হ’ব। অত্যাধুনিক সা-সঁজুলিৰে ক্লিনিকেল লেবৰ ব‍্যৱস্থা কৰা হ'ব। জৰুৰীকালীন ইউনিটৰ লগতে অস্ত্ৰোপচাৰ কক্ষ ইয়াৰ এক গুৰুত্বপূৰ্ণ অংশ। প্ৰতিষ্ঠানখনে স্বাস্থ‍্য ৰক্ষণ, এছচি কেম্প, হোমিঅ’পেথি ফৰ হেল্থী চাইল্ড আদি জনস্বাস্থ‍্য প্ৰকল্পতো কাম কৰিব।

 

প্ৰায় ৫৩.৮৯ কোটি টকা ব্যয়েৰে এই নতুন চৌহদটো আৰু সমন্বিত আয়ুষ সুস্থতা কেন্দ্ৰৰ উন্নয়ন কৰা হ’ব। ২০২৬ চনৰ ভিতৰত এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

 

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটীস্থিত কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান (CARI)ৰ চৌহদত শুভ উদ্বোধন কৰা পঞ্চকৰ্ম ব্লকত স্নেহন আৰু স্বেদন, শিৰোধাৰা, বস্তি কক্ষৰ দৰে পঞ্চকৰ্মৰ থেৰাপী কক্ষৰ বিশেষ সুবিধা আছে। কোৱাথ আৰু বস্তি দ্ৰৱ্যৰ প্ৰস্তুতকৰণৰ দৰে পঞ্চকৰ্মত ব্যৱহৃত ঔষধ প্ৰস্তুত কৰাৰ বাবে পৰীক্ষাগাৰৰ ব্যৱস্থা আছে। তদুপৰি, পঞ্চকৰ্ম টেকনিচিয়ান পাঠ্যক্ৰমৰ অধীনত টেকনিচিয়ানসকলক প্ৰশিক্ষণ দিবলৈ শ্ৰেণীকোঠাৰ বিশেষ ব্যৱস্থা কৰা হৈছে। এই নতুন ভৱনত পঞ্চকৰ্ম দ্ৰোণী, বাষ্প স্বেদন যন্ত্ৰ (বাষ্প চেম্বাৰ), নাড়ী স্বেদন যন্ত্ৰ, সৰ্বঙ্গধাৰা যন্ত্ৰ, শিৰোধাৰা যন্ত্ৰ, বস্তি যন্ত্ৰ, নাস্য এপ্লিকেটৰ, অৱগাহ টাব, ভাপ চেম্বাৰ আৰু অন্যান্য মুখ্য সঁজুলি পঞ্চকৰ্ম চিকিৎসাৰ বাবে স্থাপন কৰা হৈছে। জি+৩ ভৱনটো ৭.৭২ কোটি টকাৰো অধিক ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছে।

 

তদুপৰি, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানৰ চৌহদতে শুভ উদ্বোধন কৰা উত্তৰ-পূৰ্বাঞ্চলৰ আয়ুষ খণ্ডৰ প্ৰথম "ফাৰ্মাক'ল'জী আৰু জৈৱ-ৰসায়ন পৰীক্ষাগাৰ"ত ঔষধৰ মানকৰণ, সুৰক্ষা আৰু আয়ুৰ্বেদিক ফৰ্মুলেচনৰ কাৰ্যকাৰিতা মূল্যাঙ্কনৰ সুবিধা আছে। ই আয়ুৰ্বেদিক উদ্ভিদৰ পৰা ব্যয়সাপেক্ষ পলিহাৰ্বেল ফৰ্মুলেচন প্ৰস্তুতকৰণৰ দিশটো ত্বৰান্বিত কৰাৰ কাম কৰিব। জি+২ ভৱনটো ২.৭১ কোটিতকৈও অধিক টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। অত্যাধুনিক ফাৰ্মাক'ল'জী পৰীক্ষাগাৰত ৰ'টেৰী ইভাপ'ৰেট'ৰ আৰু ছক্সলেট এক্সট্ৰেক্টৰ, স্বয়ংক্ৰিয় হেমেট'ল'জী এনালাইজাৰ, জৈৱ-ৰসায়ন এনালাইজাৰ, কোৱাগুলেচন এনালাইজাৰ, এনালজেচিঅ'মিটাৰ, ইউভি-ভিআইএছ স্পেক্ট্ৰ'ফট'মিটাৰ, লেব'ৰেটৰী ডীপ ফ্ৰীজাৰ, প্লেথিচম'মিটাৰ আদিৰ দৰে অত্যাধুনিক যন্ত্ৰ উপলব্ধ কৰা হৈছে। হাই পাৰফ'ৰ্মেন্স থিন লেয়াৰ ক্ৰমেট'গ্ৰাফী, তৰল ক্ৰমেট'গ্ৰাফী, গেছ ক্ৰমেট'গ্ৰাফী মাচ স্পেক্ট্ৰ'মেট্ৰি, এক্স-ৰে ডিফ্ৰেক্ট'মিটাৰৰ দৰে আধুনিক সঁজুলি ইয়াত উপলব্ধ। ৩৪৯১.৬২ বৰ্গফুট এলেকাত বিস্তাৰিত নতুন পৰীক্ষাগাৰ (জি+২)ত অত্যাধুনিক যন্ত্ৰবোৰ মুঠ ৬.৪২ কোটি টকাতকৈও অধিক ব্যয়সাপেক্ষে স্থাপন কৰা হৈছে।



(Release ID: 1995740) Visitor Counter : 87


Read this release in: English , Urdu , Hindi , Telugu