নৌ-পৰিবহন মন্ত্ৰালয়

কাইলৈ কলকাতাত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ বৈঠকত সভাপতিত্ব কৰিব শ্ৰী সৰ্বানন্দ সোণোৱালে

শ্ৰী সোণোৱালে ‘হৰিৎ নৌকা’ গাইডলাইনৰ লগতে ‘ৰিভাৰ ক্ৰুজ টুৰিজিম ৰোডমেপ ২০৪৭’ মুকলি কৰিব

আই ডব্লিউ ডি চিৰ প্ৰথমখন বৈঠকত ভাৰতৰ আভ্যন্তৰীণ জলপথৰ উন্নয়নৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক কাৰ্যসূচী সন্নিবিষ্ট কৰা হৈছে

Posted On: 07 JAN 2024 4:16PM by PIB Guwahati

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষই  ৮ জানুৱাৰীত কলকাতাত ‘অভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদ’ৰ বৈঠক আয়োজন কৰিবলৈ সাজু হৈছে। এম ভি গংগা কুইন জাহাজত অনুষ্ঠিত এই এদিনীয়া বৈঠকত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় বন্দৰ, জাহাজ, জলপথ আৰু আয়ুষ মন্ত্ৰালয়ৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে। অনুষ্ঠানত বন্দৰ, জাহাজ আৰু পৰিবহণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ নাইক আৰু শ্ৰী শান্তনু ঠাকুৰো উপস্থিত থাকিব। এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ বিভিন্ন মন্ত্ৰী, প্ৰধান সচিব/সচিবসকলৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া আৰু ক্ষেত্ৰখনৰ সৈতে জড়িত বহুকেইজন বিশেষজ্ঞই অংশগ্ৰহণ কৰিব।

এই বৈঠকৰ সময়ত বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে “হৰিৎ নৌকা – আভ্যন্তৰীণ জাহাজৰ সেউজ পৰিবহণৰ বাবে নিৰ্দেশনা” আৰু “ৰিভাৰ ক্ৰুজ পৰ্যটন ৰোডমেপ ২০৪৭”-আদিকে ধৰি বহু গুৰুত্বপূৰ্ণ পদক্ষেপ উদ্বোধন কৰিব। ইয়াৰ উপৰিও এই অনুষ্ঠানত অভ্যন্তৰীণ জলপথ আৰু আনুষংগিক খণ্ডসমূহক আগুৱাই নিয়াৰ দিশত সহযোগিতামূলক প্ৰচেষ্টাক চিহ্নিত কৰা কেইবাখনো বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে।

আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ উদ্বোধনী বৈঠকত ভাৰতৰ অভ্যন্তৰীণ জলপথ উন্নয়নৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনাৰ বাবে বহু কাৰ্যসূচী (একাধিক বিষয়ৰ ওপৰত আলোচনা) অন্তৰ্ভুক্ত কৰা হৈছে। অধিৱেশনত ফেয়াৰৱে' উন্নয়ন, ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ আৰু উত্তম পদ্ধতি, আভ্যন্তৰীণ জল পৰিবহণ (আই ডব্লিউ টি)ত মাল পৰিবহণৰ দক্ষতাৰ অনুকূলন, যাত্ৰী পৰিবহণৰ বাবে পৰিৱেশ অনুকূল জাহাজৰ প্ৰচাৰ আৰু উন্নয়ন, ৰিভাৰ ক্ৰুজ পৰ্যটনৰ পৰা অৰ্থনৈতিক লাভৰ সম্ভাৱনাৰ  দৰে বিষয় সন্নিবিষ্ট থাকিব।

মেৰিটাইম ইণ্ডিয়া ভিজন-২০৩০ত উল্লেখ কৰা লক্ষ্যৰ সৈতে সংগতি ৰাখি আভ্যন্তৰীণ জল পৰিবহণৰ (আই ডব্লিউ টি) মডেল অংশীদাৰিত্ব বৰ্তমানৰ ২ শতাংশৰ পৰা ৫ শতাংশলৈ বৃদ্ধি কৰাৰ এক লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। অভিলাষী সামুদ্ৰিক অমৃত কাল ভিজন ২০৪৭ৰ অধীনত মন্ত্ৰালয়ে বৰ্তমানৰ আভ্যন্তৰীণ জল পৰিবহণ প্ৰায় ১২০ মেট্ৰিক এমটিপিএৰ পৰা ৫০০ এমটিপিএৰ ওপৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে, যিয়ে দেশৰ অভ্যন্তৰীণ জলপথৰ উন্নয়নৰ ক্ষেত্ৰত এক উল্লেখযোগ্য উন্নয়ন হিচাপে চিহ্নিত কৰিছে।

পশ্চিম বংগত সাগৰমালা কাৰ্যসূচীয়ে ১৬,৩০০ কোটি টকাৰ ৬২টা সক্ৰিয় প্ৰকল্পৰ কাৰ্য সম্পাদন কৰি সামুদ্ৰিক উন্নয়নক প্ৰসাৰিত কৰিছে। ইয়াৰে ১১০০ কোটি টকাৰ ১৯টা প্ৰকল্প সফলভাৱে সমাপ্ত হোৱাৰ লগতে ১৫ হাজাৰ কোটি টকাৰ ৪৩টা প্ৰকল্পৰ বিভিন্ন পৰ্যায়ত কাম চলি আছে। এই পদক্ষেপসমূহৰ ভিতৰত প্ৰায় ৬৫০ কোটি টকাৰ আংশিক পুঁজিৰে ১১টা প্ৰকল্প বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে কাৰ্য সম্পাদন কৰি আছে। ইয়াৰে প্ৰায় ৪০০ কোটি টকাৰ ৬টা প্ৰকল্পৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে আৰু ২৫০ কোটি টকাৰ আন ৫টা প্ৰকল্পৰ কাম  বিভিন্ন পৰ্যায়ত চলি আছে।

উল্লেখযোগ্য বিভাগটোৰ সাফল্যসমূহৰ ভিতৰত আছে পথ সংযোগৰ যথেষ্ট উন্নতি, বন্দৰ আৰু বাণিজ্যিক ব্যৱহাৰকাৰীসকলক সুবিধা প্ৰদান কৰা আৰু কলকাতা বন্দৰৰ ইজেচি য়াৰ্ড ট্ৰেক উন্নীতকৰণৰ বাবে ৪৭ কোটি টকাৰ প্ৰকল্প। ইয়াৰ ফলত সুৰক্ষা আৰু কাৰ্যক্ষমতা বৃদ্ধি পাইছে। আগন্তুক প্ৰকল্পসমূহৰ ভিতৰত আছে সাগৰমালাৰ পৰা ১০০ শতাংশ আৰ্থিক সাহায্যৰে আই আই টি খড়গপুৰত আভ্যন্তৰীণ আৰু উপকূলীয় সামুদ্ৰিক প্ৰযুক্তি কেন্দ্ৰ স্থাপন, ১৭.৭ কোটি টকা ব্যয়েৰে কল্যাণী নাদিয়া জিলাৰ  হুগলী/ভাগীৰথী নদীৰ বাওঁপাৰৰ ব্লকৰ খহনীয়া ৰোধৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ যাৰ লক্ষ্য হৈছে অঞ্চলটোৰ খহনীয়া ৰোধ কৰা আৰু স্থানীয় জনগোষ্ঠীৰ জীৱিকা সুৰক্ষিত কৰা।

চৰকাৰে ২০২৩ চনৰ অক্টোবৰ মাহত আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদ গঠন কৰিছিল। ইয়াৰ লক্ষ্য হৈছে গতিশীল মালবাহী সামগ্ৰীৰ কাৰ্যক্ষমতা, যাত্ৰী চলাচলৰ সহজতা আৰু ৰিভাৰ ক্ৰুজ পৰ্যটন উন্নত কৰাৰ বাবে অভ্যন্তৰীণ জলপথ আৰু সংশ্লিষ্ট অভ্যন্তৰীণ জল পৰিবহণ (আই ডব্লিউ টি) পৰিৱেশ তন্ত্ৰৰ ব্যাপক উন্নয়ন। এই কামত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আছে।

 

***************

MJPS/AR

 



(Release ID: 1994079) Visitor Counter : 64


Read this release in: English , Urdu , Hindi , Tamil , Telugu