উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়

উত্তৰ-পূবৰ বাবে নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পোৰেচন লিমিটেডে ৫৩৩৮ টা প্ৰকল্পৰ নামত ৭৬৬.৪৭ কোটি টকা আৱণ্টন কৰাৰ লগতে ৫৪৭.১১ কোটি টকা মোকলাই দিছে

নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পোৰেচন লিমিটেডে "এন.ই.ডি.এফ.আই. মাইক্ৰ' ফাইনেন্স আঁচনি"ৰ জৰিয়তে উত্তৰ-পূব অঞ্চলৰ অনগ্ৰসৰ এলেকাত তৃণমূল স্তৰৰ ক্ষুদ্ৰ ঋণ গ্ৰহণকাৰীসকলক সহায় কৰি আহিছে

"এনইডিএফআই মাইক্ৰ'লেণ্ডিং আঁচনি"য়ে কৃষি আৰু অনা-কৃষি খণ্ডত উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপৰ বাবে ক্ষুদ্ৰ উদ্যোগীসকলক পোনপটীয়াকৈ বিত্তীয় সাহায্য প্ৰদান কৰে

এনইডিএফআইয়ে উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ সহযোগত অঞ্চলটোত ষ্টাৰ্ট-আপ উদ্যোগক উৎসাহিত কৰিবলৈ "উত্তৰ-পূব উদ্যোগ পুঁজি" স্থাপন কৰিছে

Posted On: 01 JAN 2024 3:46PM by PIB Guwahati

উত্তৰ-পূব উন্নয়ন বিত্ত নিগম লিমিটেডে (এনইডিএফআই) উত্তৰ-পূব অঞ্চলত নতুন ঔদ্যোগিক আৰু সেৱা খণ্ডৰ প্ৰকল্প স্থাপনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নিগমে ১ জানুৱাৰী, ২০২৩ৰ পৰা ৩০  নৱেম্বৰ ২০২৩ৰ ভিতৰত ৫৩৩৮ টা প্ৰকল্পৰ বাবে  ক্ৰমান্বয়ে ৭৬৬.৪৭ কোটি টকা আৱণ্টন কৰাৰ লগতে ৫৪৭.১১ কোটি টকা মোকলাই দিছে। সেই খণ্ডসমূহৰ ভিতৰত শিক্ষা আৰু প্ৰশিক্ষণ, খাদ্য প্ৰক্ৰিয়াকৰণ, হস্ততাঁত আৰু হস্তশিল্প, স্বাস্থ্যসেৱা, হোটেল আৰু পৰ্যটন, মাইক্ৰ'ফাইনেন্স ইত্যাদি অন্যতম।

State-wise sanctions & disbursements during the period 01.01.2023 to 30.11.2023

(₹ in crore)

Particulars

Arunachal Pradesh

Assam

Manipur

Meghalaya

Mizoram

Nagaland

Sikkim

Tripura

Total

Sanction

14.37

500.05

46.75

95.34

43.65

24.88

19.52

21.92

766.47

Disbursement

14.46

353.25

29.33

55.69

31.07

18.69

20.25

24.38

547.11

ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ  খণ্ডৰ বিকাশৰ বাবে  নিগমে প্ৰথম প্ৰজন্মৰ সম্ভাৱ্য স্থানীয় উদ্যোগীসকলক চিনাক্ত আৰু প্ৰতিপালন কৰিবলৈ আৰু তেওঁলোকক কাৰ্যকৰী ঔদ্যোগিক প্ৰকল্প স্থাপনত সহায় কৰাৰ বাবে সহজ চৰ্তাৱলীত বিত্তীয় সহায়  প্ৰদানৰ  পদক্ষেপ  গ্ৰহণ কৰিছে। ক্ষুদ্ৰ আৰু মজলীয়া  উদ্যোগ খণ্ডৰ অধীনত নিগমৰ ঋণ আঁচনিবোৰ ৰেহাইমূলক সূতৰ হাৰত সম্প্ৰসাৰিত কৰা হৈছে।  ইয়াৰ উপৰি নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পোৰেচন লিমিটেডে  অঞ্চলটোত এমএছএমই আৰু মাইক্ৰ'ফাইনেন্স খণ্ডৰ প্ৰচাৰ আৰু বিকাশৰ দিশত পদক্ষেপ হাতত গেৰহণ কৰিছে।

ইকো হেৰিটেজ ভিলা

ইকো হেৰিটেজ ভিলা হৈছে মণিপুৰৰ ইম্ফলত অৱস্থিত এটা হোমষ্টে গেষ্ট হাউচ। নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পোৰেচন লিমিটেডে ইয়াৰ সম্প্ৰসাৰণৰ বাবে উত্তৰ-পূব উদ্যোগী উন্নয়ন আঁচনিৰ (প্ৰয়োজনীয়তা) অধীনত ১০.০০ লাখ টকা অনুমোদন জনাইছে।

শ্লোম বাইবেল হাউচ হৈছে নাগালেণ্ডৰ কোহিমাত অৱস্থিত বিপনী। নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পোৰেচন লিমিটেডে ইয়াৰ সম্প্ৰসাৰণৰ বাবে মহিলা উদ্যোগ উন্নয়ন আঁচনিৰ (ডব্লিউইডিএছ) অধীনত ৫.০০ লাখ টকা  অনুমোদন জনাইছে।

অঞ্চলটোৰ সেৱা লাভ নকৰা আৰু কম সেৱা লাভ কৰা  এলেকাত তৃণমূল স্তৰৰ ক্ষুদ্ৰ ঋণ লওঁতাসকলক সহায় কৰিবলৈ - নিম্ন আয়ৰ ব্যক্তিসকলক ঋণ দিয়াৰ বাবে মাইক্ৰ' ফাইনেন্স গোটবোৰক পাইকাৰী ক্ষুদ্ৰ ঋণৰ বাবে "এনইডিএফআই মাইক্ৰ' ফাইনেন্স আঁচনি"; আৰু কৃষি তথা অনা-কৃষি খণ্ডত উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপৰ বাবে  ক্ষুদ্ৰ উদ্যোগীসকলক পোনপটীয়াকৈ বিত্তীয় সাহায্য প্ৰদান কৰিবলৈ  "এনইডিএফআই মাইক্ৰ'-লেণ্ডিং আঁচনি" আৰম্ভ কৰা হৈছে। উল্লিখিত  সময়ছোৱাত, এনএমএফএছৰ অধীনত ৪০.৮৪  কোটি টকা  আৰু ১০৩১.৪৯  কোটি টকাৰ  বিত্তীয় সাহায্য প্ৰদান কৰা হৈছে; আনহাতে এনএমএলএছৰ অধীনত ৪২৬৫গৰাকী  ঋণ লওঁতাক ৫২.৬০ কোটি টকাৰ  সাহায্য প্ৰদান কৰা হৈছে। এইবোৰে ন লাখতকৈও অধিক হিতাধিকাৰীক উপকৃত কৰি তেওঁলোকৰ  অৰ্থনৈতিক স্থিতি উন্নত কৰিছে,  তেওঁলোকৰ ভিতৰত ৯০% ৰো অধিক মহিলা।

মণিপুৰৰ থৌবাল জিলাৰ শ্ৰীমতী ৱাইখোম ৰাধাৰাণী দেৱীয়ে তেওঁৰ কাপোৰৰ বিপনী  চলোৱাৰ বাবে ৱাইভিইউ ফাইনেন্সিয়েল চাৰ্ভিচেছ প্ৰাইভেট লিমিটেডৰ (এনইডিএফআইৰ এক সহায়ক সংস্থা) পৰা মাইক্ৰ' ক্ৰেডিট ঋণ লাভ কৰিছে।

দক্ষিণ ছিকিমৰ নামচিৰ শ্ৰীমতী খুশবু প্ৰধানে তেওঁৰ গোলামালৰ দোকান খন চলোৱাৰ বাবে ইউএনএচিচিঅ' ফাইনেন্সিয়েল চাৰ্ভিচেছ প্ৰাইভেট লিমিটেডৰ (এনইডিএফআইৰ এক সহায়ক সংস্থা) পৰা মাইক্ৰ' ক্ৰেডিট ঋণ লাভ কৰিছে।

নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পোৰেচন লিমিটেডে  উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ সহযোগত অঞ্চলটোত ষ্টাৰ্ট-আপ উদ্যোগক উৎসাহিত কৰিবলৈ নৰ্থ ইষ্ট ভেঞ্চাৰ ফাণ্ড (এনইভিএফ) স্থাপন কৰিছে, যি হৈছে এক সমৰ্পিত ভেঞ্চাৰ কেপিটেল ফাণ্ড। পুঁজিৰ ক্ষেত্ৰত মূলধনৰ প্ৰতিশ্ৰুতি হৈছে ১০০ কোটি টকা (এমডিঅ'এনইআৰ ৪৫.০০ কোটি টকা, এনইডিএফআই৩০.০০ কোটি টকা আৰু এছআইডিবিআই ২৫.০০ কোটি টকা )। এই পুঁজিয়ে অঞ্চলটোৰ ষ্টাৰ্ট-আপবোৰৰ মাজত যথেষ্ট উৎসাহ সৃষ্টি কৰিছে। ৩০ নৱেম্বৰ ২০২৩ তাৰিখলৈকে মুঠ ৬৭  টা প্ৰকল্পক ৯৮.১৮ কোটি টকা  বিনিয়োগৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল।

গুৱাহাটীৰ আজাৰাত অৱস্থিত জেৰুণ্ড মেনুফেকচাৰিং প্ৰাইভেট লিমিটেড হৈছে প্লাষ্টিকৰ এম্বেডেড লাইটৱেট ইটা নিৰ্মাণ আৰু বিক্ৰী কৰা কোম্পানী।

মাই৩ডি মেটা প্ৰাইভেট লিমিটেডে দৃষ্টিনন্দন আকৰ্ষণীয় সামগ্ৰী ডিজাইন, প্ৰস্তুত , বিতৰণ আৰু বিপনন কৰি আহিছে।

মণিপুৰৰ ইম্ফলত অৱস্থিত গ্ৰীণ বায়োটেক ইকো-ছলিউচন প্ৰাইভেট লিমিটেড হৈছে প্ৰথম জৈৱ সাৰ, জৈৱ কীটনাশক, পশুধনৰ বাবে খাদ্য প্ৰস্তুত , গৱেষণা-আধাৰিত কৃষি  বায়োটেকৰ  নিৰ্মাতা আৰু বিপণন উদ্যোগ।

নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পোৰেচন লিমিটেড (এনইডিএফআই) হৈছে ৯ আগষ্ট, ১৯৯৫ তাৰিখে কোম্পানী আইন ১৯৫৬ -ৰ অধীনত পঞ্জীয়ন কৰা এটা ৰাজহুৱা সংস্থা।  এনএফডিএফআইয়ে উত্তৰ-পূব অঞ্চলত ঔদ্যোগিক, আন্তঃগাঁথনি আৰু কৃষি-আনুষঙ্গিক প্ৰকল্প স্থাপনৰ বাবে সূক্ষ্ম, ক্ষুদ্ৰ, মজলীয়া আৰু বৃহৎ উদ্যোগসমূহক বিত্তীয় সাহায্য প্ৰদান কৰে আৰু  এমএফআই/এনজিঅ'এছৰ জৰিয়তে ক্ষুদ্ৰ বিত্তীয় সাহায্য প্ৰদান কৰে। নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পোৰেচন লিমিটেডে বিত্তীয় যোগান ধৰাৰ উপৰি ৰাজ্য চৰকাৰ, ব্যক্তিগত খণ্ড আৰু অন্যান্য সংস্থাসমূহক পৰামৰ্শ তথা  পৰামৰ্শমূলক সেৱা আগবঢ়ায়।



(Release ID: 1992354) Visitor Counter : 80