প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
১৬ ডিচেম্বৰত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে
পাঁচখন ৰাজ্যত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে
অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীয়ে যোগদান কৰিব
प्रविष्टि तिथि:
15 DEC 2023 7:40PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ ডিচেম্বৰ, ২০২৩ৰ বিয়লি ৪ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব। এই উপলক্ষে সভাত প্ৰধানমন্ত্ৰীয়ে ভাষণো আগবঢ়াব।
কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰামত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ শুভাৰম্ভ কৰিব।
অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীয়ে যোগদান কৰিব। কাৰ্যসূচীত বৃহৎ সংখ্যক কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ, বিধায়ক আৰু স্থানীয় পৰ্য্যায়ৰ প্ৰতিনিধিয়েও যোগদান কৰিব।
চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ সুবিধা যাতে সকলো যোগ্য হিতাধিকাৰীয়ে নিৰ্দিষ্ট সময়ত লাভ কৰে, তাৰ লক্ষ্যৰে সমগ্ৰ দেশতে বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।
***
DS/ST/DB
(रिलीज़ आईडी: 1986964)
आगंतुक पटल : 157
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
Tamil
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Gujarati
,
Odia
,
Telugu
,
Malayalam