কেবিনেট
ভাৰত আৰু ইটালীৰ মাজত ঔদ্যোগিক সম্পত্তি অধিকাৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কীয় বুজাবুজিৰ চুক্তি সম্পাদনৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে কেবিনেটে
प्रविष्टि तिथि:
15 DEC 2023 7:34PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি ভাৰত গণৰাজ্যৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ ‘উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্যৰ প্ৰচাৰ বিভাগ, আৰু ঔদ্যোগিক সম্পত্তি সুৰক্ষা সম্পৰ্কীয় মহা সঞ্চালকালয়’ আৰু ইটালী গণৰাজ্যৰ ‘উদ্যোগ মন্ত্ৰালয়’ৰ ‘পেটেন্ট আৰু ট্ৰেডমাৰ্ক কাৰ্যালয়’ আৰু ‘মে’ড ইন ইটালী’ৰ মাজত ‘ঔদ্যোগিক সম্পত্তি অধিকাৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কীয় বুজাবুজিৰ চুক্তি’ স্বাক্ষৰৰ বাবে অনুমোদন জনাইছে।
লাভালাভসমূহ:
বুজাবুজিৰ চুক্তিখনে অংশগ্ৰহণকাৰীসকলৰ মাজত এক প্ৰণালী স্থাপন প্ৰক্ৰিয়াক উত্সাহিত কৰিব, যিয়ে তেওঁলোকক এই ক্ষেত্ৰৰ সৈতে সম্পৰ্কিত ‘ঔদ্যোগিক সম্পত্তি’(আইপি) আৰু ‘তথ্য প্ৰযুক্তি সেৱা’ৰ ক্ষেত্ৰত সহযোগিতামূলক কাৰ্যকলাপ বিকশিত কৰিবলৈ অনুমতি প্ৰদান কৰিব।
পৃষ্ঠভূমি:
চুক্তিখনৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ঔদ্যোগিক সম্পত্তি অধিকাৰ প্ৰণালীত উদ্যোগ, বিশেষকৈ ষ্টাৰ্ট-আপ আৰু এছএমইসমূহক প্ৰৱেশ আৰু অংশগ্ৰহণত সহায় আগবঢ়োৱা। চুক্তিখনে ‘আইপিআৰ’ (ঔদ্যোগিক সম্পত্তি অধিকাৰ) ‘এপ্লিকেশ্যন’সমূহৰ প্ৰক্ৰিয়াকৰণ’, ‘আইপি’ সজাগতা বৃদ্ধি’, ‘আইপিআৰ’ৰ বাণিজ্যিকীকৰণ’ আৰু প্ৰৱৰ্তনক উৎসাহিত কৰাৰ সৈতে সম্পৰ্কিত প্ৰক্ৰিয়াবোৰ সুশৃংখল কৰাৰ চেষ্টা কৰিছে।
চুক্তিখনৰ অধীনত হোৱা কাৰ্যকলাপে অংশগ্ৰহণকাৰীসকলৰ দ্বাৰা আয়োজিত কাৰ্যসূচী আৰু অনুষ্ঠানত অংশগ্ৰহণৰ জৰিয়তে ‘আইপিআৰ’ৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ পদ্ধতি, অভিজ্ঞতা আৰু জ্ঞানৰ আদান-প্ৰদান আৰু উত্সাহ যোগোৱাৰ সুযোগ প্ৰদান কৰিব।
****
DS/KB
(रिलीज़ आईडी: 1986955)
आगंतुक पटल : 142
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam