প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ সিন্ধুদুৰ্গৰ ৰাজকোট ফৰ্টত ছত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তি অনাৱৰণ কৰে
পোষ্ট কৰা হৈছে:
04 DEC 2023 8:00PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ সিন্ধুদুৰ্গৰ ৰাজকোট ফৰ্টত ছত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তি অনাৱৰণ কৰে। শ্ৰী মোদীয়ে প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি জ্ঞাপন কৰাৰ লগতে ফটো গেলেৰীৰ পৰিদৰ্শনো কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
"আজি সন্ধিয়া, ৰাজকোট ফৰ্টত ছত্ৰপতি শিৱাজী মহাৰাজৰ এটা ভব্য প্ৰতিমূৰ্তি অনাৱৰণ কৰোঁ।"
প্ৰধানমন্ত্ৰীৰ সৈতে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ৰমেশ বাইছ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী একনাথ শিণ্ডে, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় অতিক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰী শ্ৰী নাৰায়ণ ৰাণে, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাডনৱীছ আৰু শ্ৰী অজিত পাৱাৰ আৰু নৌসেনাৰ মুৰব্বী এডমিৰেল আৰ হৰি কুমাৰ উপস্থিত থাকে।
**********
DS/TS
(ৰিলিজ আই ডি : 1982552)
অতিথি কক্ষ : 140
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam