গৃহ মন্ত্ৰালয়

গুজৰাটৰ জুনাগড়ত আজি শ্ৰী দিব্যকান্ত নানাৱতী জীৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আয়োজিত ‘স্মৃতি পৰ্ব’ কাৰ্যসূচীত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ ভাষণ

সমাজ আৰু জনসাধাৰণৰ বাবে জীয়াই থকা সেইসকল লোকৰ ভিতৰত শ্ৰী দিব্যকান্ত নানাৱতী জী আছিল অন্যতম

কোনোবাই যদি ১০০ বছৰৰ পাছতো কোনো ব্যক্তিক মনত পেলায়, তেন্তে তাৰ অৰ্থ হ’ল সেই ব্যক্তিজনৰ জীৱন সঁচা অৰ্থত সাৰ্থক হৈছে

শ্ৰী দিব্যকান্ত নানাৱতী জীয়ে কেৱল জুনাগড়বাসীৰ বাবেই নহয় সমগ্ৰ গুজৰাটৰ বাবেও জনকল্যাণমূলক কাম কৰিছিল

মোদী চৰকাৰে যোগ্য লোকক পদ্ম বঁটা দিবলৈ আৰম্ভ কৰিলে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যাতে দেশৰ প্ৰাপ্য ব্যক্তিজনক পদ্ম বঁটাৰে সন্মানিত কৰিব পৰা যায় তাৰ সম্পূৰ্ণ ব্যৱস্থা কৰিছে

Posted On: 02 DEC 2023 5:20PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি গুজৰাটৰ জুনাগড়ত শ্ৰী দিব্যকান্ত নানাৱতীৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আয়োজিত 'স্মৃতি পৰ্ব' কাৰ্যসূচীত ভাষণ আগবঢ়ায়।

এই উপলক্ষে আগবঢ়োৱা ভাষণত শ্ৰী অমিত শ্বাহে কয় যে সমাজ আৰু জনসাধাৰণৰ বাবে জীয়াই থকা লোকসকলৰ ভিতৰত শ্ৰী দিব্যকান্ত নানাৱতী অন্যতম। তেওঁ কয় যে ৰূপায়তন সংস্থাই আজি এনে এখন গ্ৰন্থ প্ৰকাশ কৰিছে যিয়ে নিশ্চিতভাৱে নতুন প্ৰজন্মৰ নেতাসকলৰ বাবে পথ প্ৰদৰ্শক হিচাপে প্ৰমাণিত হ’ব। শ্ৰী শ্বাহে কয় যে কোনোবাই যদি ১০০ বছৰৰ পাছতো কোনো ব্যক্তিক স্মৰণ কৰে তেন্তে তাৰ অৰ্থ হ’ল সেই ব্যক্তিজনৰ জীৱন সঁচা অৰ্থত সাৰ্থক হৈ পৰিছে। শ্ৰী দিব্যকান্ত জীয়ে একেৰাহে দুটা কাৰ্যকাল বিধায়ক হিচাপে কাম কৰাৰ লগতে গুজৰাট চৰকাৰৰ আইন আৰু ন্যায় মন্ত্ৰীও আছিল আৰু কেৱল জুনাগড়তে নহয় গুজৰাটৰ জনজীৱনতো তেওঁ অসংখ্য অৱদান আগবঢ়াইছিল।

                                                                   

ভক্তি সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তিত্ব শ্ৰীযুত নৰসিং মেহতাজীয়ে সমগ্ৰ জীৱন সাহিত্যৰ প্ৰতি উৎসৰ্গা কৰিছিল আৰু তেওঁৰ দৰে এজন উৎকৃষ্ট সাহিত্যিক বিচাৰি পোৱাটো অসম্ভৱ। তেওঁ কয় যে শ্ৰী মেহতাই বেদ-উপনিষদৰ সকলো ৰহস্য সংক্ষিপ্তভাৱে আৰু সুস্পষ্ট ভাষাত জনসাধাৰণৰ সন্মুখত উপস্থাপন কৰিছিল। তেওঁ কয় যে সেই সময়ত অস্পৃশ্যতাৰ বিৰোধিতা কৰাৰ সাহস কেৱল শ্ৰী নৰসিং মেহতাজীহে থাকিব পাৰিছিল। শ্ৰী শ্বাহে কয় যে যদি আমি সামাজিক ন্যায়ৰ বিষয়ে জানিব বিচাৰো তেন্তে আমি শ্ৰী নৰসিং মেহতা জীক বুজিব লাগিব। তেওঁ কয় যে শ্ৰী নৰসিং মেহতা জীৰ এই পবিত্ৰ ভূমিত ৰূপায়তন সংস্থাই ভূমিপুত্ৰ শ্ৰী দিব্যকান্ত জীৰ স্মৃতিত এখন গ্ৰন্থ প্ৰকাশ কৰিছে। ই নিশ্চিতভাৱে জুনাগড় আৰু গুজৰাটৰ ৰাজহুৱা জীৱনত কাম কৰা লোকসকলৰ বাবে প্ৰেৰণা হিচাপে পৰিগণিত হ’ব।

শ্ৰী অমিত শ্বাহে কয় যে ৰূপায়তন সংস্থাইও বিগত ৭৫ বছৰে সামাজিক জীৱনৰ বিভিন্ন মাত্ৰাত অতি ভাল কাম কৰি আছে। তেওঁ কয় যে শ্ৰী ভিখুদন জীয়ে গুজৰাট আৰু সৌৰাষ্ট্ৰৰ কলাক পুৰণি প্ৰজন্মৰ পৰা নতুন প্ৰজন্মলৈ প্ৰেৰণ কৰাৰ কাম কৰিছে। তেওঁ কয় যে শ্ৰী ভিখুদন গাধৱী শ্ৰী কাগ বাপুৰ প্ৰজন্ম আৰু আজিৰ সাহিত্যিকসকলৰ মাজত এখন সেতু আছিল আৰু তেওঁ গুজৰাটী সাহিত্যলৈ অপৰিসীম অৱদান আগবঢ়াইছে। শ্ৰী শ্বাহে কয় যে যেতিয়া শ্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈছিল তেতিয়া শ্ৰী ভিখুদন জীৰ অৱদানক স্বীকৃতি দি পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যাতে দেশৰ যোগ্য ব্যক্তিজনক পদ্ম বঁটাৰে সন্মানিত কৰিব পৰা যায় তাৰ সম্পূৰ্ণ ব্যৱস্থা কৰিছে।

*****

RK/AY/ASH/PR/DB



(Release ID: 1982226) Visitor Counter : 66