পৰ্যটন মন্ত্ৰালয়

পৰ্যটন মন্ত্ৰালয়ে মুকলি কৰিলে ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ পৰ্যটন গাঁও আৰু ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ গ্ৰাম্য হোমষ্টে প্ৰতিযোগিতা ২০২৪

প্ৰতিযোগিতাৰ বাবে আবেদনৰ অন্তিম দিন ৩১ ডিচেম্বৰ

Posted On: 03 DEC 2023 11:24AM by PIB Guwahati

দেশৰ গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰ আৰু উন্নয়নক গতি প্ৰদানৰ বাবে পৰ্যটন মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ পৰ্যটন গাঁও প্ৰতিযোগিতা ২০২৪ আৰু ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ গ্ৰাম্য হোমষ্টে প্ৰতিযোগিতা ২০২৪- আয়োজন কৰিছে।ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ পৰ্যটন গাঁও প্ৰতিযোগিতা ২০২৩ৰ পূৰ্বৰ সংস্কৰণত সমগ্ৰ ভাৰতৰ ৩৫খন গাঁৱক সোণ, ৰূপ আৰু ব্ৰঞ্জৰ শাখাত স্বীকৃতি প্ৰদান কৰা হৈছিল।

ভাৰতৰ গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰৰ লগতে ৰাষ্ট্ৰীয় কাৰ্যনীতিৰ জৰিয়তে গ্ৰাম্য হোমষ্টেৰ প্ৰচাৰৰ বাবে ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ে ভাৰতৰ গ্ৰাম্য পৰ্যটনৰ বিকাশৰ বাবে এক বিস্তৃত ৰাষ্ট্ৰীয় কাৰ্যনীতি মুকলি কৰে।পৰ্যটন মন্ত্ৰালয়ে ভাৰতীয় পৰ্যটন আৰু ভ্ৰমণ ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ সহযোগত ৰাষ্ট্ৰীয় কাৰ্যনীতিসমূহৰ ৰূপায়ণৰ কাম আৰম্ভ কৰিছে।

 গ্ৰাম্য পৰ্যটন আৰু গ্ৰাম্য হোমষ্টেৰ প্ৰসাৰৰ বাবে লোৱা এটা পদক্ষেপ  ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ পৰ্যটন গাঁও আৰু ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ গ্ৰাম্য হোমষ্টে প্ৰতিযোগিতা আয়োজন কৰা।

 

গ্ৰাম্য পৰ্যটন বৃদ্ধিৰ লগতে সুস্থ পৰিৱেশ সৃষ্টি কৰিবলৈ মন্ত্ৰালয়ে এই প্ৰতিযোগিতাসমূহৰ জৰিয়তে চৰকাৰ, উদ্যোগৰ অংশীদাৰ, বেচৰকাৰী সংস্থা আৰু স্থানীয় জনগোষ্ঠীসমূহক সক্ৰিয়ভাৱে জড়িত কৰিছে। 

 

এই প্ৰতিযোগিতাসমূহৰ উদ্দেশ্য হৈছে গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰত অসাধাৰণ অৱদানক স্বীকৃতি আৰু পুৰস্কৃত কৰিবলৈ গাঁও আৰু গ্ৰাম্য হোমষ্টেৰ মাজত সুস্থ প্ৰতিযোগিতা গঢ়ি তোলা লগতে সম্প্ৰদায় আৰু ব্যক্তিসকলক বহনক্ষম উন্নয়নৰ লক্ষ্যত সক্ৰিয়ভাৱে অৰিহণা যোগাবলৈ উৎসাহিত কৰা।

 

গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ ফলপ্ৰসূ ৰূপায়ণৰ বাবে পৰ্যটন মন্ত্ৰালয়ে গ্ৰাম্য পৰ্যটন আৰু গ্ৰাম্য হোমষ্টেৰ বাবে কেন্দ্ৰীয় ডেল এজেন্সী (CNA RT&RH) গঠন কৰিছে। গাঁও পৰ্যায়ত প্ৰতিযোগিতাসমূহৰ প্ৰচাৰৰ বাবে মাষ্টাৰ প্ৰশিক্ষক প্ৰস্তুত কৰিবলৈ ৰাজ্যসমূহৰ বাবে চি এন  আৰ টি এণ্ড আৰ এইচে সামৰ্থ্য বিকাশৰ অধিৱেশন অনুষ্ঠিত কৰি আছে।

 

 নৱেম্বৰৰ পৰা ৩১ ডিচেম্বৰ, ২০২৩লৈ প্ৰতিযোগিতাসমূহৰ বাবে আবেদন আহ্বান কৰা হৈছে। প্ৰতিযোগিতাৰ বাবে www.rural.tourism.gov.in  জৰিয়তে আবেদন দাখিল কৰিব পাৰিব।



(Release ID: 1982179) Visitor Counter : 79