প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ইজৰাইলৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

Posted On: 01 DEC 2023 6:44PM by PIB Guwahati

ডুবাইত অনুষ্ঠিত চিঅ’পি-২৮ৰ সমান্তৰালভাৱে ১ ডিচেম্বৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ ৰাষ্ট্ৰপতি শ্ৰীযুত আইজাক হাৰ্জগৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয়৷

দুয়োগৰাকী নেতাই অঞ্চলটোত চলিত ইজৰাইল-হামাছৰ সংঘৰ্ষৰ সন্দৰ্ভত মতামত বিনিময় কৰে৷ প্ৰধানমন্ত্ৰীয়ে ৭ অক্টোবৰৰ সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰাৰ লগতে পণবন্দীসকলক মুকলি কৰি দিয়াক আদৰণি জনায়।

প্ৰধানমন্ত্ৰীয়ে ক্ষতিগ্ৰস্ত জনসাধাৰণৰ বাবে মানৱীয় সাহায্য অব্যাহত আৰু নিৰাপদ প্ৰদানৰ প্ৰয়োজনীয়তা পুনৰবাৰ উল্লেখ কৰে। তেওঁ দুখন ৰাষ্ট্ৰৰ সমাধান আৰু ইজৰাইল পেলেষ্টাইন সমস্যাৰ শীঘ্ৰে আৰু স্থায়ী সমাধানৰ বাবে ভাৰতৰ সমৰ্থনত আলোচনা আৰু কূটনীতিৰ জৰিয়তে গুৰুত্ব আৰোপ কৰে।

ৰাষ্ট্ৰপতি হাৰ্জগে ভাৰতৰ জি-২০ অধ্যক্ষতাৰ সফলতাৰ বাবে প্ৰধানমন্ত্ৰীক অভিনন্দন জনোৱাৰ লগতে ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিড’ৰ মুকলি কৰাৰ বিষয়টোৰ আদৰণি জনায়।

******

DS/ST/DB



(Release ID: 1981895) Visitor Counter : 155