গ্ৰামোন্নয়ণ মন্ত্ৰালয়
সপ্তম ভূমি সম্বাদ: ২৪ নৱেম্বৰ, ২০২৩ত উত্তৰ-পূবৰ ৰাজ্যসমূহত ভূমি প্ৰশাসন – ‘কাইলৈৰ বাবে ডিজিটাইজেচন সমাধান’ শীৰ্ষক সন্মিলনৰ আয়োজন
Posted On:
22 NOV 2023 6:18PM by PIB Guwahati
গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ ভূমি সম্পদ বিভাগে ২৪ নৱেম্বৰ, ২০২৩ তাৰিখে নতুন দিল্লীৰ বিজ্ঞান ভৱনত ডিজিটেল ইণ্ডিয়া লেণ্ড ৰেকৰ্ডছ আধুনিকীকৰণ কাৰ্যসূচী (ডিআইএলআৰএমপি) আৰু সপ্তম ভূমি সম্বাদৰ অংশ হিচাপে বিভিন্ন পদক্ষেপ / বিষয়ৰ অগ্ৰগতি সন্দৰ্ভত উত্তৰ-পূবৰ ৰাজ্য আৰু স্বায়ত্তশাসিত পাহাৰীয়া জিলা পৰিষদৰ (এডিচি) সৈতে এক পৰ্যালোচনা বৈঠকৰ আয়োজন কৰিছে। এই সন্মিলনখন দেশৰ ভূমি প্ৰশাসন বিভাগৰ ভূমি সম্বাদ শৃংখলাৰ অধীনত আয়োজন কৰা হৈছে ৷ সন্মিলনখনত ভূমি সম্পদ বিভাগৰ সচিব শ্ৰী অজয় তিৰ্কীয়ে সভাপতিত্ব কৰিব। এয়া এনেধৰণৰ সপ্তম সন্মিলন যি সন্মিলনৰ সৈতে বিভিন্ন ৰাজ্য/কে্ন্দ্ৰীয় শাসিত অঞ্চল, মন্ত্ৰালয় তথা বিভিন্ন বিভাগ, অন্যান্য অংশীদাৰসকল জড়িত হৈ আছে। এই সন্মিলনত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ডিআইএলআৰএমপি আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভূমি সম্পৰ্কীয় ডিজিটাইজেচনৰ বিষয়সমূহৰ সমাধানৰ বিষয়ত পৰ্যালোচনা কৰা হ’ব৷ সন্মিলনখনত সংশ্লিষ্ট পাহাৰীয়া জিলা পৰিষদত ডিআইএলআৰএমপি ৰূপায়ণৰ বাবে পাহাৰীয়া জিলা পৰিষদৰ কাৰ্য পৰিকল্পনাৰ বিষয়টোও উপস্থাপন কৰা হ'ব। আলোচনা কৰিবলগীয়া এনে কাৰ্য পৰিকল্পনাবোৰত অন্তৰ্ভুক্ত থাকিব- বছৰ অনুসৰি ৰূপায়ন কৰিবলগীয়া কাৰ্য পৰিকল্পনা/ বিত্তীয় লক্ষ্য আৰু কামৰ অগ্ৰগতি তথা প্ৰস্তুতি যেনে মানৱ সম্পদৰ উপলব্ধতা / নিয়োজন, সামৰ্থ্য বৃদ্ধি কৰা আৰু আঁচনিখন সম্পূৰ্ণ কৰাৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰা আদি। সন্মিলনখনে বিভিন্নজনৰ মাজত এই বিষয়ক জ্ঞান আৰু ধাৰণাৰ আদান-প্ৰদানত সহায় কৰাৰ লগতে উদ্ভাৱনী শক্তিৰ প্ৰদৰ্শন, বিভিন্ন কাৰ্য প্ৰণালীৰ অধ্যয়ন, সমস্যাৰ সমাধান , ভৱিষ্যতৰ ৰণনীতি প্ৰস্তুতকৰণ , বিভিন্ন বিষয়ত পাৰস্পৰিক শিক্ষণৰ সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে৷
সন্মিলনখনত ৰাজ্যিক ৰাজহ / পঞ্জীয়ন বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা তথা ছিকিমৰ পঞ্জীয়ন মহাপৰিদৰ্শককে ধৰি আন বহু অংশগ্ৰহণকাৰী উপস্থিত থাকিব। সন্মিলনখনত পাহাৰীয়া জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া / কাৰ্যবাহী সমিতিৰ সচিব / কাৰ্যবাহী সচিব (পাহাৰীয়া জিলা পৰিষদ) আদি উপস্থিত থাকিব। সন্মিলনখনত লাল বাহাদুৰ শাস্ত্ৰীৰ গ্ৰাম্য অধ্যয়ন কেন্দ্ৰ, মুচৌৰী (এলবিএছএনএএ) ৰ অধীনস্থ বি এন যুগন্ধৰ চেণ্টাৰ ফ’ৰ ৰুৰেল ষ্টাডিজৰ প্ৰতিনিধি, ভাৰতৰ জৰীপকৰ্তা জেনেৰেল, উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়, ভাৰত চৰকাৰ আৰু মেঘালয়ৰ শ্বিলঙৰ উত্তৰ-পূব পৰিষদৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰিব৷
DM
(Release ID: 1978893)
Visitor Counter : 107