তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
বিকশিত ভাৰত সংকল্প যাত্ৰা উপলক্ষে পালঘৰত আৰম্ভ হৈছে মেগা তথ্য প্ৰচাৰ শিবিৰ
বিকশিত ভাৰত সংকল্প যাত্ৰাৰ প্ৰকৃত সফলতা – অন্তিমজন ব্যক্তিৰ ওচৰলৈকে যোৱাঃ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ৰমেশ বাইছ
ভাৰতক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰধানমন্ত্ৰীৰ সংকল্প, সকলোৰে অংশগ্ৰহণ আৰু উন্নয়নৰ দ্বাৰা দ্ৰুতগতিত পূৰণ হ’বঃ পঞ্চায়তীৰাজৰ ৰাজ্যিক মন্ত্ৰী কপিল মৰেশ্বৰ পাটিল
Posted On:
20 NOV 2023 6:20PM by PIB Guwahati
আজি পালঘৰ জিলাৰ দহানুৰ ছেইণ্ট মেৰীজ হাইস্কুলত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ সৈতে জড়িত মেগা শিবিৰৰ আয়োজন কৰা হয়। এই উপলক্ষে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ৰমেশ বাইছে একাংশ যোগ্য হিতাধিকাৰীক বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধাসমূহ বিতৰণ কৰে।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বুধবাৰে (১৫ নৱেম্বৰ, ২০২৩) জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ঝাৰখণ্ডৰ খুঁটিৰ পৰা বিকশিত ভাৰত সংকল্প যাত্ৰাৰ আৰম্ভ কৰিছিল। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ তথ্য, শিক্ষা আৰু যোগাযোগ ভানসমূহে চৰকাৰী আঁচনিৰ প্ৰচাৰৰ বাবে মহাৰাষ্ট্ৰৰ পাঁচখন জনজাতীয় জিলা ক্ৰমে পালঘৰ, গাডচিৰোলি, নন্দেদ, নাশিক আৰু নন্দুৰবৰ তালুকাত প্ৰচাৰ-প্ৰসাৰৰ কাম কৰি আছে।
পালঘৰত মেগা শিবিৰত ভাষণ প্ৰদান কৰি মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ৰমেশ বাইছে কয় যে দেশৰ সামগ্ৰিক উন্নয়নৰ বাবে গ্ৰাম্য অঞ্চলত উন্নয়নমূলক কাম-কাজ হ’ব লাগে। তেওঁ কয় যে যিকোনো চৰকাৰী আঁচনিয়ে প্ৰকৃত সফলতা তেতিয়া লাভ কৰে যেতিয়া আঁচনিখনৰ দ্বাৰা অন্তিমজন ব্যক্তিয়েও লাভাম্বিত হয়। ৰাজ্যপালগৰাকীয়ে লগতে কয় যে স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো ভাৰত এখন উন্নয়নশীল দেশ, আমি আমাৰ দেশৰ উন্নয়নৰ সংকল্প লৈছো। কেন্দ্ৰীয় চৰকাৰৰ বিকশিত ভাৰত সংকল্প যাত্ৰাৰ পদক্ষেপক প্ৰশংসা কৰি তেওঁ কয় যে দেশলৈ সমতা অনাৰ ক্ষেত্ৰত জনজাতীয় সমাজ আৰু গ্ৰামাঞ্চল থকাটো প্ৰয়োজনীয়।
কেন্দ্ৰীয় পঞ্চায়তী ৰাজ্যিক মন্ত্ৰী ৰাজ কপিল মৰেশ্বৰ পাটিল, মহাৰাষ্ট্ৰ চৰকাৰৰ পালঘৰৰ অভিভাৱক মন্ত্ৰী ৰবীন্দ্ৰ চাৱন, জিলা পৰিষদৰ অধ্যক্ষ প্ৰকাশ নিকাম, সাংসদ ৰাজেন্দ্ৰ গাৱিত, বিধায়ক বিনোদ ভীৱা নিকোলাই, পালঘৰ জিলা উপায়ুক্ত গোবিন্দ বডকে, কোংকন মণ্ডলৰ বিশেষ মহাপৰিদৰ্শক প্ৰবীণ পাৱাৰ আদি বিশিষ্ট ব্যক্তিসকলো অনুষ্ঠানত উপস্থিত থাকে।
জনজাতীয় সমাজৰ উত্থান আৰু লাভালাভৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে সকলোকে জানিবলৈ ৰাজ্যপালে আহ্বান জনায়। এগৰাকী ব্যক্তিয়ে তেওঁ সেই আঁচনি গ্ৰহণৰ বাবে যোগ্য হয় নে নহয় সেই কথা জানিব লাগে আৰু প্ৰত্যেকজন যোগ্য ব্যক্তিয়ে সেই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব লাগে বুলি মন্তব্য কৰে।
কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কপিল মৰেশ্বৰ পাটিলে কয় যে জনজাতীয় সমাজৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিগত ৯ বছৰত বহু প্ৰচেষ্টা হাতত লৈছে। দেশৰ সামগ্ৰিক উন্নয়নৰ বাবে আন অংশীদাৰসকলেও উদ্যোগ ল’ব লাগে আৰু জনজাতীয় সমাজৰ কাষ চাপিবলৈ চেষ্টা কৰিব লাগে বুলি তেওঁ কয়। লগতে তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে সকলোৰে অংশগ্ৰহণ আৰু উন্নয়নেৰে ভাৰতক উন্নত দেশ হিচাপে গঢ়ি তোলাৰ যি সংকল্প সেয়া অতি শীঘ্ৰে পূৰণ হ’ব।
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিকশিত ভাৰত সংকল্প যাত্ৰা তথ্য-শিক্ষা আৰু যোগাযোগ মন্ত্ৰালয়ৰ বাহনখনে আজি পালঘৰ জিলাৰ ৱাডাৰ পালচাই গাঁৱত প্ৰৱেশ কৰে। এই উপলক্ষে প্ৰতিনিধিসকলে মেগাকেম্প খেলপথাৰত উপস্থিত হৈ নাগৰিকসকলক প্ৰদান কৰা বিভিন্ন কল্যাণমূলক আঁচনিৰ বিষয়ে তথ্য প্ৰদান কৰে। এই তথ্যৰ ভিত্তিত যোগ্য আঁচনিৰ বাবে আবেদন কৰিবলৈ আহ্বান জনায়।
বিকশিত ভাৰত সংকল্প যাত্ৰা তথ্য, শিক্ষা আৰু যোগাযোগ (আই ই চি)ৰ আন এখন বাহনে আজি নন্দেদ জিলাৰ কিনৱাট তালুকাৰ থাৰাত প্ৰৱেশ কৰে। জিলা প্ৰশাসনৰ তৰফৰ পৰা স্থানীয় নাগৰিকৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হয়। আয়ুষ্মান ভাৰত আৰু স্বাস্থ্য সম্পৰ্কীয় কল্যাণমূলক আঁচনিৰ বিষয়ে নাগৰিকক বিশেষ তথ্য প্ৰদান কৰাৰ লগতে আজি নন্দদ জিলাৰ বোধিত এখন ভিবিএছৱাই বাহনকো আদৰণি জনোৱা হয়।
দৰবাৰ জিলাৰ ছাহাদাত ভিবিএছৱাই বাহনৰ সমীপত এটা প্ৰধানমন্ত্ৰীৰ চেলফি বুথ স্থাপন কৰা হৈছে। চেলফি বুথৰ আশে-পাশে স্থানীয় নাগৰিকৰ মাজত দেখা গ’ল ব্যাপক উৎসাহ ।
বিকশিত ভাৰত সংকল্প যাত্ৰাৰ তথ্য, শিক্ষা আৰু যোগাযোগ (আই ই চি)ৰ বাহনসমূহে আজি বিদৰ্ভ জিলাৰ গাডচিৰোলিৰ আহেৰী আৰু আৰ্মৰিত উপস্থিত হয়। স্থানীয় ছাত্ৰ-ছাত্ৰীসকলে মিউজিকেল বেণ্ড আৰু সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনেৰে আই ই চি বাহনখনক আদৰণি জনায়। আই ই চি ভ্যানৰ বিষয়াসকলে স্থানীয় নাগৰিকসকলক চৰকাৰৰ কল্যাণমূলক আঁচনিৰ বিষয়ে অৱগত কৰে। এই কাৰ্যসূচীত জিলা বিষয়া আৰু জনপ্ৰতিনিধিসকলেও অংশগ্ৰহণ কৰে।
স্থানীয় নাগৰিকক চৰকাৰী আঁচনিৰ বিষয়ে সজাগ কৰাৰ উদ্দেশ্যে আজি নাচিক জিলাৰ বাগলান তালুকতো এখন আই ই চি ভ্যান উপস্থিত হয়।
এই আই ই চি ভ্যানসমূহে কেন্দ্ৰীয় চৰকাৰৰ দেশজোৰা যোগাযোগ অভিযানত ডাঙৰ ভূমিকা পালন কৰি আছে। এই বাহনখনৰ জৰিয়তে চৰকাৰৰ আঁচনি আৰু সাফল্যৰ তথ্য ৰাইজক প্ৰদান কৰা হয়। এই ভ্যানসমূহে ৰাজ্য আৰু জিলা পৰ্যায়ত ফিল্মষ্ট্ৰিপ, ব্ৰ’চাৰ, পমফ্লেট, প্ৰচাৰ পত্ৰিকা আৰু ফ্লেগশ্বিপ ষ্টেণ্ডৰ জৰিয়তে হিন্দী আৰু আঞ্চলিক ভাষাত আঁচনিসমূহৰ তথ্য প্ৰদান কৰি আছে।
****
SC/HA/PM/AR
(Release ID: 1978414)
Visitor Counter : 151