হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

স্বচ্ছ দেৱালী উদযাপন নাগালেণ্ডৰ

Posted On: 10 NOV 2023 12:25PM by PIB Guwahati

হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে (MoHUA) ‘স্বচ্ছ দেৱালী, শুভ দেৱালী’ অভিযান আৰম্ভৰ পিছৰেপৰা নাগালেণ্ডেও আন-আন ৰাজ্যসমূহৰ দৰে এইবাৰো এক পৰিবেশ-অনুকূল দেৱালী উদযাপনক প্ৰোৎসাহিত কৰিছে। ইয়াৰ জৰিয়তে দেৱালীৰ সময়ছোৱাত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ মনোভাৱ গৃহস্থীসমূহৰপৰা আৰম্ভ কৰি সমগ্ৰ সমাজখনত বিয়পাই দিয়াৰ প্ৰয়াস কৰা হৈছে। বজাৰ-সমাৰকে প্ৰমুখ্য কৰি সকলো ঠাইতে পৰিষ্কাৰ-পৰিচ্ছন্নতা নিশ্চিতকৰণৰ সামূহিক প্ৰচেষ্টাই উৎসৱমুখৰ পৰিবেশক এক নতুন মাত্ৰা প্ৰদান কৰিছে। ইয়াৰে সংগতি ৰাখি নাগালেণ্ডৰ টুয়েনছাং টাউন কাউন্সিলে এক নতুন পদক্ষেপ হাতত লৈছে। সেই অনুসৰি, সকলো ব্যৱসায়ীকে নিজ-নিজ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত এটাকৈ গছৰ পুলি ৰাখিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে। এই কাৰ্য্যই স্বচ্ছ আৰু সেউজ দেৱালীৰ প্ৰতি দায়বদ্ধতাক সূচিত কৰিব। এই উদ্ভাৱনীমূলক পদ্ধতিয়ে কেৱল পৰিবেশৰ প্ৰতি সজাগতা সৃষ্টিয়েই নহয়, বৰঞ্চ এটা বহনক্ষম আৰু আনন্দময় উৎসৱৰ বতৰৰ বাবে এক উমৈহতীয়া দায়িত্বকো উৎসাহিত কৰিছে।

                                                                      

এবাৰ ব্যৱহৃত প্লাষ্টিকৰ ব্যৱহাৰ ৰোধৰ এক সংহত প্ৰচেষ্টা স্বৰূপে নাগালেণ্ডৰ বজাৰসমূহে ‘আপুনি মোনা লৈ আহিব’ (Bring Your Own Bag) ধাৰণাটোক প্ৰোৎসাহিত কৰিছে। ইয়াৰ ৰূপায়ণ কাৰ্য্যক নেতৃত্ব প্ৰদানেৰে মাংকোলেম্বা টাউন কাউন্সিলে বিপণীসমূহক গ্ৰাহকক কাগজৰ মোনাকে ধৰি সকলো ধৰণৰ কেৰী বেগ আগবঢ়োৱাৰপৰা বিৰত থাকিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে। বৰঞ্চ, বজাৰ কৰাৰ সময়ত জনসাধাৰণক নিজৰ মোনা নিজে লৈ আনিবলৈ উৎসাহিত কৰা আৰু নিৰ্দেশ দিয়া হয়। এনে কৌশলগত পদক্ষেপৰ লক্ষ্য হৈছে প্লাষ্টিকৰ আৱৰ্জনা হ্ৰাস কৰা আৰু পৰিবেশৰ প্ৰতি দায়বদ্ধতাৰ মনোভাৱ গঢ়ি তোলা, দৈনন্দিন জীৱনত বহনক্ষম পন্থাসমূহৰ ক্ষেত্ৰত নিজ-নিজ বৰঙণিৰ গুৰুত্ব সম্পৰ্কে সজাগ কৰি তোলা। ই পৰিবেশ-অনুকূল অভ্যাসৰ গঠন আৰু যিকোনো কাৰ্য্যকলাপৰ পাৰিপাৰ্শ্বিক-প্ৰভাৱ হ্ৰাস কৰাৰ বাবে সমাজ-চালিত অংগীকাৰক প্ৰতিফলিত কৰে।

                                                                    

মেডজিফেমা টাউন কাউন্সিলে ‘আৰআৰআৰ – উইথ ইনচেন্টিভ’ কাৰ্য্যসূচী আৰম্ভ কৰিছে। এই পদক্ষেপে জনসাধাৰণক আৰআৰআৰ ব্যৱস্থা ব্যৱহাৰ কৰিবলৈ উৎসাহিতকৰণেৰে আৱৰ্জনা পৃথকীকৰণ আৰু আৱৰ্জনাক সম্পদলৈ ৰূপান্তৰিতকৰণৰ ধাৰণাটোক প্ৰোৎসাহিত কৰে। ইয়াত সৰ্বাধিক অংশগ্ৰহণ নিশ্চিত কৰিবলৈ আৱৰ্জনা নিৰ্দিষ্ট কেন্দ্ৰলৈ অনাসকলৰ বাবে কুপনৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ বিনিময়ত গছপুলি, আইচক্ৰীম, চকলেট আৰু আন-আন সামগ্ৰী পুৰস্কাৰস্বৰূপে আগবঢ়োৱা হৈছে। ই পৰিবেশ-অনুকূল পন্থাসমূহক শক্তিশালী কৰিছে। ডিমাপুৰ পৌৰসভা আৰু চুমুকেডিমা টাউন কাউন্সিলে ৰিলায়েন্স ট্ৰেণ্ডছৰ সৈতে সহযোগিতাৰে অঞ্চলটোৰ সমৰ্পিত ছাফাইমিত্ৰসকলক উপহাৰৰ কুপনেৰে পুৰস্কৃত কৰিছে।

                                                                      

***

RKJ/M/SB



(Release ID: 1976097) Visitor Counter : 52