যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

ভাৰতীয় পেৰা-এথলীটসকলে এছিয়ান পেৰা গেমছত সৰ্বাধিক সংখ্যক পদক অৰ্জনেৰে ৰচিলে ইতিহাস

এছিয়ান পেৰা গেমছত আমাৰ খেলুৱৈসকলৰ ঐতিহাসিক প্ৰদৰ্শনে ক্ৰীড়া জগতত ভাৰতৰ বৰ্ধিত শক্তিক প্ৰতিফলিত কৰিছে : শ্ৰী অনুৰাগ সিং ঠাকুৰ

Posted On: 28 OCT 2023 6:57PM by PIB Guwahati

ভাৰতীয় পেৰা-এথলীটসকলে এছিয়ান পেৰা গেমছত ভাৰতৰ সৰ্বাধিক সংখ্যক পদক অৰ্জনেৰে ইতিহাস সৃষ্টি কৰিছে। অৰ্জন কৰা মুঠ ১১১ টা পদকৰ ভিতৰত ২৯ টা আছিল সোণৰ পদক। ইয়াৰ পূৰ্বে, ভাৰতে এছিয়ান পেৰা গেমছৰ ২০১০চনত ১৪ টা, ২০১৪ চনত ৩৩ টা আৰু ২০১৮ চনত ৭২ টা পদক অৰ্জন কৰিছিল। এই সকলোৰে ভিতৰত এই বৰ্ষতেই আছিল ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন, য'ত ভাৰতে সামগ্ৰিক পদক তালিকাত পঞ্চম স্থান লাভ কৰিছে। ভাৰতে এই বৰ্ষত এটা সৰ্ববৃহৎ দল প্ৰেৰণ কৰিছিল, য'ত আছিল মুঠ ৩০৩গৰাকী খেলুৱৈ (১৯১গৰাকী পুৰুষ আৰু ১১২ গৰাকী মহিলা)। মুঠ ১১১ টা পদকৰ ভিতৰত মহিলা খেলুৱৈসকলে ৪০ টা পদক, অৰ্থাৎ মুঠ পদক অৰ্জনৰ ক্ষেত্ৰত মহিলা খেলুৱৈসকলে ৩৬ শতাংশ অৰিহণা যোগাইছে।

অভিলেখ ভংগকাৰী প্ৰদৰ্শন সন্দৰ্ভত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰে কয়, "এই প্ৰদৰ্শনে আমাৰ খেলুৱৈসকলৰ কঠোৰ পৰিশ্ৰম আৰু মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ক্ৰীড়া সম্পৰ্কীয় সঠিক নীতিৰ আৰম্ভণিক প্ৰদৰ্শন কৰে। তৃণমূল পৰ্যায়ৰ খেলো ইণ্ডিয়া আঁচনি হওঁক বা শ্ৰেষ্ঠ খেলুৱৈসকলৰ সৈতে সম্পৰ্কিত টাৰগেট অলিম্পিক পোডিয়াম আঁচনিয়েই হওঁক, এই আঁচনিসমূহৰ জৰিয়তে প্ৰদান কৰা সমৰ্থনে প্ৰকৃততে এতিয়া ফলাফল প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে। আপুনি জানি আনন্দিত হ'ব যে এই খেলসমূহত ৮ জন খেলো ইণ্ডিয়াৰ খেলুৱৈ আৰু ৪৬ জন টপছ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল আৰু ভাৰতে অৰ্জন কৰা ১১১ টা পদকৰ ভিতৰত মুঠ ৩৮ টা পদক এই খেলুৱৈসকলে অৰ্জন কৰিছিল। একে সময়তে, ২০১৪ চনৰ তুলনাত ক্ৰীড়া বাজেটত তিনিগুণ বৃদ্ধিয়ে প্ৰশিক্ষক বা প্ৰশিক্ষণ, আহাৰ, আন্তঃগাঁথনি আদি সকলো ক্ষেত্ৰতে আমাৰ সকলো খেলুৱৈক উন্নত সমৰ্থন প্ৰদান কৰাৰ সামৰ্থ্য প্ৰদান কৰিছে।

তেওঁ লগতে কয়, "শেহতীয়াকৈ সমাপ্ত হোৱা এছিয়ান গেমছৰ লগতে এই এছিয়ান পেৰা গেমছ আৰু পূৰ্বৰ অলিম্পিক, পেৰালিম্পিক, চিডব্লিউজি, ডেফলিম্পিক্সত খেলুৱৈসকলৰ উৎকৃষ্ট প্ৰদৰ্শনে প্ৰমাণ কৰি দেখুৱাইছে যে ক্ৰীড়াক্ষেত্ৰত ভাৰতৰ শক্তি বৃদ্ধি পাইছে।" লগতছ মাননীয় প্ৰধানমন্ত্ৰীয়ে শেহতীয়া আইঅ'চি বৈঠকত কোৱাৰ দৰে, ভাৰতে কেৱল ভাল প্ৰদৰ্শন কৰাই নহয়,২০৩০ চনত যুৱ অলিম্পিক হওঁক বা ২০৩৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিক দৰে ডাঙৰ প্ৰতিযোগিতা আয়োজন কৰিবলৈও সাজু।

******

AR/BM

 



(Release ID: 1973766) Visitor Counter : 60