প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জয়ন্তী উপলক্ষে চৰ্দাৰ পেটেলক স্মৰণ প্ৰধানমন্ত্ৰীৰ

Posted On: 31 OCT 2023 8:07AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জয়ন্তী উপলক্ষে চৰ্দাৰ পেটেলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷ শ্ৰী মোদীয়ে কয় যে তেওঁৰ অদম্য মনোভাৱ, দূৰদৰ্শী ৰাষ্ট্ৰনেতা আৰু অসাধাৰণ সমৰ্পণেৰে চৰ্দাৰ পেটেলে আমাৰ দেশৰ ভাগ্য গঢ়িছিল।

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“চৰ্দাৰ পেটেলৰ জয়ন্তী উপলক্ষে আমি তেওঁৰ অদম্য মনোভাৱ, দূৰদৰ্শী ৰাষ্ট্ৰনেতা আৰু অসাধাৰণ সমৰ্পণক স্মৰণ কৰিছো, যাৰ জৰিয়তে তেওঁ আমাৰ দেশৰ ভাগ্য গঢ় দিছিল৷ ৰাষ্ট্ৰীয় সংহতিৰ প্ৰতি তেওঁৰ দায়বদ্ধতাই আমাক মাৰ্গদৰ্শন কৰি আহিছে। তেওঁৰ সেৱাৰ বাবে আমি চিৰদিন ঋণী হৈ থাকিম৷”

***

DS/ST/DB/BM



(Release ID: 1973284) Visitor Counter : 79